অৱশেষত শুকুৰবাৰে দিনৰ ১০-০০ বজাৰ লগে লগে দিল্লীৰ পৰা আহিল ভাল খবৰটো। দীৰ্ঘদিনৰ উৎকণ্ঠাৰ অন্ত পেলাই স্বস্তিৰ নিশ্বাস এৰিলে অসমবাসীয়ে।
দিল্লীত অনুষ্ঠিত ইউনেস্কৰ বৈঠকত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰৰ নাম। লগে লগে অসমৰ তৃতীয়খন বিশ্ব ঐহিত্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামত পৰিল ছীল-মোহৰ। কাৰ্যতঃ স্বীকৃতি পালে ৬০০ বছৰীয়া আহোম স্বৰ্গদেউসকলৰ চৰাইদেউত থকা মৈদামে ৷
ইয়াৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানলৈ উক্ত স্বীকৃতি প্ৰদান কৰা হয়।
অসমৰ ঐতিহাসিক চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰত তালিকাত সাংস্কৃতিক সম্পত্তিৰ শিতানত স্থান দিয়া হৈছে। এই স্বীকৃতিয়ে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্যক উজ্জ্বল কৰি তোলা অসম আৰু দেশৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।
অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ছ’চিয়েল মিডিয়াত আনন্দ প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী, ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতি, আৰু অসমবাসীক এই সাফল্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷
প্ৰধানমন্ত্ৰী মোডীয়ে কলে – আহোমৰ শাসন সংস্কৃতিৰ বিষয়ে এতিয়া অধিক লোকে জানিব পাৰিব।
আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও এই স্বীকৃতিক আদৰণি জনাইছে। তেওঁ ‘এক্স’ যোগে ৰাজহুৱা কৰা এক বাৰ্তাত কয় – মৈদামবোৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে স্বীকৃতি পোৱাটো সমগ্ৰ ভাৰতৰ বাবে গৌৰৱৰ কথা। চৰাইদেউৰ ৰাজকীয় সমাধি স্তূপবোৰত আহোম স্বৰ্গদেউ আৰু ৰাজমাও আদিৰ স্মৃতি বিৰাজমান। এই ৰাজবংশই মোগল সৈন্যক কেইবাবাৰো পৰাজিত কৰাৰ বাবে জনাজাত। এই স্বীকৃতিৰে অসমৰ বুৰঞ্জীৰ বিশ্বব্যাপী গুৰুত্বৰে সমৃদ্ধ কৰি তুলিব।
Discussion about this post