য়া দেৱী সৰ্ব ভূতেষু মাতৃ ৰূপেনা সংস্থিতা
নমস্তশ্যে নমস্তশ্যে নমস্তশ্যে নমো নমঃ
শাৰদীয় বতৰত দুৰ্গতিনাশিনী, মহিষমৰ্দিনী দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে ভক্তপ্ৰাণ ৰাইজ ৷ আজি মহাষষ্ঠী।
এক আধ্যাত্মিক পৰিৱেশত আজি বেলবৰণেৰে পূজাৰ বেদীত স্থাপিত হ’ব দেৱী দশভূজাৰ মৃন্ময় প্ৰতিমা। বস্ত্ৰ, আ-অলংকাৰেৰে সজাই তোলা হ’ব দেৱীৰ প্ৰতিমা। লগে লগেই আৰম্ভ হ’ব পাঁচদিনীয়া শাৰদীয় দুগোর্ৎসৱৰ৷
নিয়ম অনুসৰি ষষ্ঠী পূজাৰ সন্ধিয়া দেৱীৰ বোধন, আমন্ত্রণ আৰু অধিবাস সম্পূর্ণ কৰাৰ পাছত এটা প্রতীকী ৰূপত দেৱীক সজাই এডাল কলগছত বিল্ববোধন কৰা হয়৷ ইয়াৰ পাছতেই দেৱীৰ নৱপত্রিকা প্রৱেশ আৰু স্থাপন কৰাৰ পাছত দেৱীৰ সপ্তমী বিহিত পূজা আৰম্ভ হ’ব৷
Discussion about this post