প্ৰতি বছৰে ঘোষণা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ ১০ৰ ভিতৰত স্থান লাভ কৰি বহু শিক্ষাৰ্থী সংবাদমাধ্যমৰ বাতৰিৰ শিৰোনাম হৈ উঠে। কিন্তু সেই একে ফলাফল উচ্চতৰ মাধ্যমিক বা তাৰ পৰৱৰ্তী পৰীক্ষাসমূহত দেখাবলৈ নোৱাৰে যাৰ ফলত সময়ৰ সোঁতত লাহে লাহে হেৰায় যায় এনে বহু শিক্ষাৰ্থী।
প্ৰতিবছৰৰ দৰে এইবাৰো ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল (Assam Higher Secondary Result 2022)। এইবাৰৰ পৰীক্ষাৰ ফলাফলত পুনৰ ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় দৰঙৰ (Darrang) ধৃতিৰাজ বাস্তৱ কলিতাই (Dhritiraj Bastav Kalita)। ধৃতিৰাজে ২০২০ বৰ্ষতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সেইবাৰো মেধাৱী ছাত্ৰজনে শীৰ্ষস্থান লাভ কৰি সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰা দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ (Dhritiraj Bastav Kalita) ঘৰত পুনৰ এবাৰ সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ। সাংবাদিকৰে ভৰি পৰিছে ধৃতিৰাজৰ ঘৰৰ চোতাল। দৰঙৰ দেওমৰনৈ এইছ এছ স্কুলৰ (Deomornoi Higher Secondary School) পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ মুঠ ৪৯১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰে ধৃতিৰাজে।
ইফালে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰা ধৃতিৰাজে সংবাদ মাধ্যমৰ আগত কয় যে পৰীক্ষাত কেৱল স্থান লাভ কৰাৰ বাবেই পঢ়িব নালাগে, বৰং জ্ঞান আহৰণৰ বাবে পঢ়িব লাগে বুলি বিশ্বাস কৰা ধৃতিৰাজ বাস্তৱ কলিতাৰ সফলতাক লৈ পুনৰ এবাৰ আজি গৌৰৱাম্বিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ তথা সমগ্ৰ অঞ্চল।
ভৱিষ্যতে আইআইটিৰ এগৰাকী অধ্যাপক হোৱাৰ সপোন দেখা ধৃতিৰাজে পৰৱৰ্তী সময়ত বিএছচি, তাৰ পিছত এমএছচি আৰু সুযোগ পালে বাহিৰত পিএছডি কৰাৰ আশা পুহি ৰাখিছে।
ইফালে বিজ্ঞান শাখাত প্ৰথম স্থান পোৱা ধৃতিৰাজ বাস্তৱ কলিতা আৰু মাতৃৰ আনন্দৰ চকুপানী। ধৃতিৰাজ বাস্তৱ কলিতাৰ ঘৰ পাথৰিঘাট ৰাজহ চক্ৰৰ বানেইকুছি গাঁৱত ৷
ক’ভিড পৰিস্থিতিৰ বাবে অধ্যয়নত ক্ষতি কৰাৰ উপৰিও ধৃতিৰাজ বাস্তৱ কলিতাক ক’ভিডে কৰিছিল সহায় ৷ ক’ভিডৰ বাবে ধৃতিৰাজে বেছি পঢ়া-শুনাত আত্মনিয়োগ কৰিব পাৰিছিল বুলি জানিব দিয়ে ৷ পঢ়া শুনাৰ লগতে গীত-মাত চৰ্চা কৰা ধৃতিৰাজ বাস্তৱ কলিতা এজন ভাল গায়ক ৷
উল্লেখ্য আজি ঘোষিত ২০২২ চনৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত বিজ্ঞান শাখাত শীৰ্ষ ১০টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ ক্ৰমে-
প্ৰথমস্থান :
ধৃতিৰাজ বাস্তৱ কলিতা, দেওমৰণৈ এইচ এছ স্কুল, দৰং (৪৯১)
দ্বিতীয় স্থান :
অলংকৃতা গৌতম বৰুৱা, চল্টু ব্ৰুক একাডেমি, ডিব্ৰুগড় (৪৮৮)
তৃতীয় স্থান :
সুৰজিত সূত্ৰধাৰ, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৮৬)
চতুৰ্থ স্থান :
ৰিত্তিক কুমাৰ সূত, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৮২)
আলদ্ৰিন নাথ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৮২)
পঞ্চম স্থান :
আইমন ছোৱাইব, চল্ট ব্ৰুক একাডেমি, ডিব্ৰুগড়, (৪৮১)
ৰুহন শইকীয়া, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৮১)
ষষ্ঠ স্থান :
অভিলাষ দত্ত, ড০ ৰাধাকৃষ্ণণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড় (৪৭৮)
সপ্তম স্থান:
দেৱব্ৰত কলিতা, দমদমা হায়াৰ ছেকেণ্ডাৰী স্কুল, কামৰুপ (৪৭৭)
বৈভৱ সোণোৱাল, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৭৭)
অষ্টম স্থান :
গৌৰাংগ ভূঞা, প্ৰজ্ঞা একাডেমি, যোৰহাট (৪৭৬)
নৱম স্থান
শপ্তকৃষি কলিতা, কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা (৪৭৫)
দেবাশিষ শৰ্মা, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও, (৪৭৫)
বিক্ৰম নাথ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৭৫)
প্ৰীতম সৰকাৰ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৭৫)
দশম স্থান :
সুপ্ৰজীত সাহা, ভৱানীপুৰ এইচ এছ স্কুল, বৰপেটা (৪৭৪)
অন্তৰিক্ষা মজুমদাৰ, ড০ ৰাধাকৃষ্ণণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড় (৪৭৪)
দেৱজ্ঞান বৰদলৈ, প্ৰজ্ঞা একাডেমি, (৪৭৪)
কিষাণ হাৰলালকা, প্ৰজ্ঞা একাডেমি, (৪৭৪)
বেদান্ত শৰ্মা, কনট ইউনিভাৰ্চিটি, কামৰূপ (৪৭৪)
উল্লেখ্য যে বিজ্ঞান শাখাত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ৩৩,৫৩৪ গৰাকী। ইয়াৰে ৩০,৯১৫ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হয়।
২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ১,৫৬,১০৭ গৰাকী ৷ ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ২৯৪৮৭ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫২,৯৪৪ গৰাকী আৰু তৃতীয় বিভাগত ৪৭,৮৯৩ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। সৰ্বমুঠ উত্তীৰ্ণ ১,৩০,৩২৪ গৰাকী আৰু উত্তীৰ্ণৰ হাৰ হৈছে ৮৩.৪৮ শতাংশ।
ঠিক সেইদৰে বিজ্ঞান শাখাত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ৩৩,৫৩৪ গৰাকী ৷ ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ২০,১৭১ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৯৮৩৩ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৯১১ গৰাকী ছাত্ৰ-ছাত্ৰী। সৰ্বমুঠ উত্তীৰ্ণ ৩০,৯১৫ গৰাকী আৰু উত্তীৰ্ণৰ হাৰ হৈছে ৯২.১৯ শতাংশ।
আনহাতে, বাণিজ্য শাখাত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ১৫১৯৯ গৰাকী ৷ ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ৫০১৮ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫১৮৬ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩০৬০ গৰাকী ছাত্ৰ-ছাত্ৰী। সৰ্বমুঠ উত্তীৰ্ণ ১৩,২৬৪ গৰাকী আৰু উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.২৭ শতাংশ।
Photo: Khatang Khobor
Published By: Dulu Medhi
Discussion about this post