মালৈ মোৰ মনত পৰে – ✍️অখিল গগৈ
২০ জুন, ২০২১ চন৷ মোৰ কাৰাবন্দিত্বৰ আজি ৫৫৭ দিন হৈছে৷ এবছৰ ৬ মাহ ১২ দিন৷ এইবাৰ জেলত থকাৰ সময়ত মোক তিনিটা বিষয়ে ভীষণভাৱে অশান্তি দি আছে৷ এক, সামাজিক-ৰাজনৈতিক বিষয়বোৰ; দুই, মাৰ শাৰীৰিক অৱস্থা আৰু তিনি, মোৰ একমাত্ৰ পুত্ৰ সন্তান নচিকেতাৰ যন্ত্ৰণা৷ সামাজিক-ৰাজনৈতিক বিষয় মানে বিজেপি শাসনলৈ পুনৰ ঘূৰি অহাটো আৰু সন্মিলিতভাৱে সকলোৱে মিলি এই সাম্প্ৰদায়িক ফেচিবাদী শক্তিটোক আমি বাধা দিবলৈ বিফল হোৱাটো৷ এই লেখাৰ উদ্দেশ্য এই বিষয় নহয়৷
আজি মই কেৱল মোৰ মাৰ বিষয়ে লিখিব খুজিছো৷ হয়, সেইগৰাকী মা, যিয়ে মই জেলত থাকোতে মোৰ মুক্তিৰ দাবীত পতাকাখন তুলি ধৰি আছে৷ আটায়ে জানে মোৰ মা সমাজৰ এগৰাকী তেনেই সাধাৰণ মহিলা৷ কিন্তু মোৰ বাবে মা এগৰাকী বিশেষ ধৰণৰ নাৰী৷ আমাৰ আৰ্থ-ৰাজনৈতিক অৱস্থাই কোঙা কৰা হাজাৰ হাজাৰ মানুহৰ দৰে মাও এগৰাকী শোষিত নাৰী৷ কিন্তু মোৰ বাবে মাৰ বিশেষত্ব এয়ে যে জীৱনৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ প্ৰতিটো ঘটনাতে মাৰ আছিল বিশেষ উপস্থিতি, আছিল সৰৱ আৰু প্ৰতিবাদী, প্ৰতিৰোধী অৱস্থান৷
যি কাৰাগাৰত সোমাই পোৱা নাই, তেওঁৰ বাবে কাৰাগাৰৰ প্ৰকৃত যন্ত্ৰণা উপলব্ধি কৰাটো সম্ভৱ নহয়৷ সাধাৰণভাৱে চাবলৈ গ’লে, কাৰাগাৰত থকা মানে জীৱন সংগ্ৰামখনৰ কেইটামান দিনৰ অনুপস্থিতি, কেইটামান কৰ্মদিনৰ লোকচান অথবা সমাজত শাৰীৰিক অনুপস্থিতি৷ কিন্তু যি কাৰাগাৰত থাকে তাৰ বাবে কাৰাগাৰ মানে বিচ্চিন্নতা, সৰ্বাত্মক বিচ্চিন্নতা, ভয়াৱহ আৰু নিঃশেষ কৰি দিব পৰা বিচ্চিন্নতা৷ কাৰাগাৰ মানে সন্ত্ৰাস, কাৰাগাৰ মানে নৰক যন্ত্ৰণা৷ কাৰাগাৰ হ’ল আপোনাক মোক জীৱনৰ পৰা আঁতৰাই পেলোৱা এক দমনকাৰী ব্যৱস্থা৷ এক অৰ্থত জীৱনৰ মৃত্যুশালা কাৰাগাৰ৷ যিকোনো সংবেদনশীল মানুহৰ বাবে কাৰাগাৰ বাস্তৱতে পোতাশাল৷
এইবাৰ কাৰাগাৰত বন্দিত্ব মোৰ বাবে বিশাল সম্ভাৱনাৰ মৃত্যু৷ মোৰ জীয়াই থকাৰ সঞ্জীৱনী শক্তিৰ ওপৰত আক্ৰমণ আৰু অসমৰ সমাজৰ পট পৰিৱৰ্তনৰ ওপৰত প্ৰচণ্ড আঘাত৷
কাৰাগাৰত মই কেনেকৈ জীয়াই আছো মোৰ মাৰ বাহিৰে আৰু কোনেনো বেছিকৈ বুজি পাব?
“কা” বিৰোধী আন্দোলনক প্ৰকৃত গণ আন্দোলনলৈ উত্তৰণৰ বাবে দেখা অযুত সপোন মোৰ গ্ৰেপ্তাৰ আৰু কাৰাবাসে যেন ৰূদ্ধ কৰি পেলালে– এয়াই মোৰ অনুভৱ৷ “কা” বিৰোধী আন্দোলনক আগুৱাই নিয়াৰ আমাৰ কি পৰিকল্পনা আছিল? আজি নকওঁ আৰু৷ কেৱল এইটোকে কওঁ– “কা” বিৰোধী এক সমন্বয়মূলক, ধৰ্মনিৰপেক্ষ, জাতীয়, প্ৰগতিশীল আন্দোলনৰ সম্ভাৱনাক যেন হত্যা কৰা হ’ল৷ “কা” বিৰোধী আন্দোলনৰ পতন, জাতীয়তাবাদী শক্তিসমূহৰ আত্মসমপৰ্ণ আৰু ঐতিহাসিক বিশ্বাঘাতকতাৰ বেদনাৰ স্মৃতি শেষ নহওঁতেই পুনৰ সাম্প্ৰদায়িক ফেচিবাদী শক্তিৰ নিৰ্বাচনী ৰণনীতিৰ হাতত “কা” বিৰোধীৰ পৰাজয়, নিৰ্বাচনত পুনৰ জাতিদ্ৰোহীহঁতৰ জয় যেন অন্য এক মান বা মোগলৰ আক্ৰমণ৷ এই সময়খিনি মোৰ বাবে মিৰজুমলাৰ অসম দখলৰ সময়ৰ দৰে যন্ত্ৰণাদায়ক৷ মোৰ দৰে যন্ত্ৰণা আৰু দমনৰ বলি যি হোৱা নাই, তেওঁ এই উপলব্ধি কৰিব নোৱাৰে৷
এই যন্ত্ৰণাত দগ্ধ হৈ থকা সময়খিনিত মোৰ ব্যক্তিগত জীৱনক আটাইতকৈ বেদনাহত কৰা দুটা ঘটনা হ’ল মাৰ শাৰীৰিক মানসিক অৱস্থা আৰু মোৰ পুত্ৰৰ যন্ত্ৰণা৷ এই দুটা ব্যক্তিগত, অথচ সামাজিক পৰিঘটনাই মোৰ সমগ্ৰ কাৰাবন্দী অৱস্থাটোক কৰি তুলিছে বিষময়৷ প্ৰকৃততে যন্ত্ৰণাদায়ক৷ অসহ্যকৰ৷ অস্থিৰ৷
মোৰ বাবে আটাইতকৈ যন্ত্ৰণাদায়ক দৃশ্যটো হ’ল টিভিত মাৰ ছবিখন চোৱাটো৷ বিচনাত কেঁকাই কেঁকাই মোৰ ল’ৰাটোক মুক্তি দিয়া বুলি কোৱা অথবা ঘৰৰ চোতালত বহি মোৰ ছবিখনৰ তলত “মুক্তি দিয়ক” বুলি লিখা ফেষ্টুন এখন দুহাতেৰে ধৰি থকা মাক যেতিয়া দেখো, সেয়া মোৰ বাবে যথাৰ্থতে নৰক যন্ত্ৰণা৷ টিভিত মাৰ মাতটো শুনাৰ লগে লগে মই উন্মাদ হৈ পৰো, চকুৱেদি বৈ আহে হাজাৰ নদীৰ ঢল; যি ঢলে উটুৱাই নিব নোৱাৰে মোৰ বেদনাৰ, যন্ত্ৰণাৰ জাবৰ-জোথৰবোৰ; যিয়ে কেৱল ভাঙি নিয়ে হাজাৰ হাজাৰ শ্ৰমজীৱী জনতাই নিজ হাতে বন্ধোৱা সোণৰ পৰজাবোৰ৷ মোৰ চকুলো গোট মাৰে, মই তললৈ মুখ কৰি কম্বলৰ তলত গুঁজি দিওঁ মূৰটো৷ চিঞৰি উঠো – বৰাদা, টিভিটো বন্ধ কৰক, বন্ধ কৰক৷ মনে মনে যেন কওঁ – কিয় মোক এনে যন্ত্ৰণা দিছা প্ৰভূ?
তাৰ পাছত মই অৱগাহন কৰো স্মৃতিৰ সেই সংঘাতময় দিনবোৰ৷ বিশেষতঃ মনত পৰে মাৰ সান্নিধ্যলৈ, ঘটনা-পৰিঘটনাবোৰলৈ৷
মোৰ মাৰ নাম আছিল প্ৰিয়প্ৰভা গগৈ৷ পুথা দৌতি[ককা]ৰ ঘৰত মাৰ নাম আছিল প্ৰিয়প্ৰভা হাজৰিকা৷ তাৰ পাছত এবাৰ ভোটাৰ তালিকাত নাম আহিল প্ৰিয়দা গগৈ হৈ৷ সেইবাৰ মাই পঞ্চায়তৰ সভানেত্ৰী পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ ভোটাৰ তালিকা সংশোধন কৰা নহ’ল, থাকি গ’ল৷ ফলত মাৰ নাম হৈ পৰিল প্ৰিয়দা গগৈ৷ মাৰ ভীষণ খং, মোৰো৷ হাজৰিকা উপাধি এৰি গগৈ হোৱাটোতে খঙৰ আৰম্ভণি আছিল৷ কেতিয়াবা খঙত মাই কোৱা শুনা ৰিণিকি ৰিণিকি মনত আছে – “মই হাজৰিকা বংশৰ মানুহ, হাজাৰত হাজৰিকা৷ দেউতা আছিল অঞ্চলটোত নামজ্বলা ব্যক্তি৷ তোমাৰ ইয়ালৈ আহি লেকাত ভুঞ্জি মৰিছো”–দেউতাক গালি পাৰে৷ “হাজৰিকা” উপাধি এৰা বাবে মাৰ কিমান খং জমা হৈ আছে মই নাজানো, নিজৰ উপাধি এৰিবলগীয়া হোৱাত মহিলাৰ কিমান খং উঠে তাৰো হিচাপ লোৱা নাই; কিন্তু প্ৰিয়প্ৰভা এৰি প্ৰিয়দা হোৱাটো মই এতিয়াও মানিব পৰা নাই৷ অথচ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ময়ে লিখিছিলো– VOTE FO R PRIYADA GOGOI. ছবিৰ স্নেপশ্বটৰ দৰে আহে কথাবোৰ৷
দেউতা, মা আৰু ককাইদেৱে মোক কেনেদৰে তুলি-তালি ডাঙৰ দীঘল কৰিছিল সেই স্মৃতিয়ে মোক বাউল কৰি তোলে৷ বাইদেউহঁতৰ কথা নক’ৱেই৷ মা-দেউতাৰ মই ষষ্ঠটি সন্তান৷ ককাইদেউ ডাঙৰ, তাৰ পাছত চাৰিজনী বাইদেউ, মই নুমলীয়া৷ মাৰ ভাষাত পেট মোছা৷ মাই কোৱা মতে আমাৰ আৰু দুজন যঁজা ককাইদেউৰ জন্ম হৈছিল, কিন্তু তেওঁলোকৰ জন্মতে মৃত্যু হৈছিল৷ দৰিদ্ৰতাৰ জ্বালাত নে শ্ৰমৰ হেঁচাত নে চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল মই নাজানো, সোধাও নাই কেতিয়াও৷ কিন্তু এটা কথা খাটাং, সেই ককাইদেউ দুজনৰ মৃত্যু নোহোৱা হ’লে মোৰ জন্ম নহ’লহেঁতেন৷ পুত্ৰ সন্তানৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবেহে মই জন্ম হ’লো৷ সেইবোৰ কথা বহুবাৰ শুনিছো৷ আধুনিক সমাজৰ জন্ম নিয়ন্ত্ৰণৰ চেতনাই তেতিয়ালৈকে আমাৰবোৰ ঠাইত চোৱাগৈ নাছিল৷ অথচ, সেয়া কোনো প্ৰব্ৰজিত মুছলমান গাঁও নাছিল, আছিল আহোম গাঁও৷ আহোমৰ বাহিৰে আমাৰ গাঁৱত অন্য সম্প্ৰদায়ৰ কোনো মানুহ নাছিল৷ মাহঁতৰ পাছৰ প্ৰজন্ম, আমিবোৰে কিন্তু এতিয়া কেৱল এটা সন্তানতকৈ অধিক কথা ভাবিবই নোৱাৰো৷ এটা প্ৰজন্মৰ আগৰ উজনিৰ গাঁৱৰ এই পৰিৱেশ সাংঘাতিকভাৱে সলনি হ’ল৷ তাৰ কাৰণ কি? এই কাৰণবোৰৰ বিজ্ঞানসন্মত বিশ্লেষণ নকৰাকৈ কিছুমান মানুহক জাতিৰ শত্ৰু সজোৱাটো কিমান ষড়যন্ত্ৰমূলক সেয়া সকলোৱে বুজা উচিত৷ কাৰণ যিয়ে নহওক, বাস্তৱ সত্যটো হ’ল, মই সেই সচেতনতাৰ অভাৱৰ বাবেই জন্ম হ’লো৷
মাৰ জীৱন সংগ্ৰাম আৰম্ভ হৈছিল তেনেই কম বয়সতে৷ সৰুতে বিয়া হৈছিল, কেৱল এম ই পাছ কৰিছিলহে মাত্ৰ৷ তেতিয়া এম ই স্কুল পাছ কৰিও শিক্ষক হ’ব পাৰি বুলি শুনিছিলো৷ দেউতা আমাৰ ওচৰৰে বৰবাম নামৰ চাহ বাগানৰ হেড মেকানিক আছিল৷ দেউতাৰ দেউতা, আমাৰ ককাও সেই বাগানতে কাম কৰিছিল৷ দেউতাই মেট্ৰিক পৰীক্ষা দিয়ে সেই বাগানত সোমাইছিল৷ কিন্তু বিয়াৰ কিছু দিনৰ পাছতে ফুটবল মেছত পৰি গুৰুতৰ আঘাত পালে৷ তাৰ পাছত গছৰ ওপৰৰ পৰা পৰি কঁকাল ভাগিল৷ দুৰ্দিন আৰম্ভ হ’ল৷ চাকৰি গ’ল, বাগানৰ চাকৰিৰ কোনো ক্ষতিপূৰণো নাই৷ এতিয়াও, একবিংশ শতিকাতো, শ্ৰমিক-কৰ্মচাৰীৰ একেই দুৰ্দশা, একেই দুৰ্ভোগ৷ চাহ বাগিচাৰ মালিকৰ একেই শোষণ, একেই প্ৰতাৰণা৷ তেনেতে যৌথ পৰিয়ালৰ ভাঙোন হ’ল, দেউতা-মা অকলশৰীয়া হ’ল৷ ঘৰৰ খেতি মাটি তেনেই কম৷ আৰম্ভ হ’ল মাহঁতৰ প্ৰকৃত জীৱনযুদ্ধ৷
প্ৰথমে গাঁৱৰ মানুহৰ খেতিৰ মাটি আধিলৈ লৈ পেটৰ ভাতমুঠি যোগাৰ কৰিলে৷ নগদ ধনৰ বাবে কাৰো কাৰো খেতিৰ কঠিয়া তোলা, ধান দোৱা আদিৰ কাম কৰিবলৈ ধৰিলে৷ থকা ঘৰখনৰো অৱস্থা অতিকে শোচনীয় হৈ পৰিল৷ ঢকুৱাৰ বেৰ দিবলগীয়া হ’ল৷ চালেৰে আকাশ দেখা হ’ল৷ বৰষুণৰ পানী টুকাটো নিত্যনৈমিত্তিক কামলৈ পৰিণত হ’ল৷ সেই সময়খিনিতে জন্ম হ’ল ছয় টিকৈ সন্তান৷ জীৱিকাৰ সংগ্ৰামটো কিমান কঠিন আছিল বুজিবলৈ বাকী নাই৷ মা-দেউতাৰ জ্যেষ্ঠ সন্তান ককাইদেৱে মেট্ৰিক পৰীক্ষা দিয়ে ৰেলৰ আলিৰ শিল টনা কামত সোমালগৈ৷ তেতিয়া তেনে কাম আমাৰ সমাজৰ বাবে অতিশয় দুৰ্ভাগ্যপূৰ্ণ কাম হিচাপে গণ্য কৰা হৈছিল৷ মাৰ ভাষাত ককাইদেৱে “গাইডা খুন্দিবলৈ গ’ল”৷ সেই কামেৰে টকা গোটাই ককাইদেৱে জয়সাগৰ কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰিলে৷ চাৰিজনী ছোৱালীও বিদ্যালয়লৈ গ’ল৷ কিন্তু তেতিয়া আমাৰবোৰ গাঁৱত নাৰী শিক্ষাৰ সঠিক চেতনা গঢ়ি উঠা নাছিল৷ এই সমস্ত দায়িত্ব মাৰ ওপৰত পৰিল৷ দেউতা বেছিভাগ সময় বিচনাতে থাকে৷ তাৰ পাছত চিকিৎসা কৰি সুস্থ হ’ল৷ কিন্তু চিৰদিনলৈ কঁকাল পৰিল৷ মোৰ বাবে দেউতাৰ সেই বেঁকা কঁকাল জনগণৰ দুৰ্দশাৰ প্ৰতিফলন হৈ পৰিল, জনগণৰ ওপৰত শাসক-শোষকৰ অৱদমন, অৱহেলাৰ প্ৰতীক হৈ ৰ’ল৷ বেঁকা ককাঁলৰ দেউতাক লগত লৈ খেতি কৰি, আনৰ ঘৰত খেতি কৰি ৮ জনীয়া পৰিয়াল এটা পোহাটো কিমান টান কাম ভুক্তভোগীৰ বাহিৰে আনে বুজাটো অসম্ভৱ৷ মা-দেউতা-ককাইদেউৰ আশাশুধীয়া কষ্ট আৰু বাইদেউহঁতৰ শ্ৰমেৰে ক্ৰমে ক্ৰমে ঘৰখন জীপাল হ’বলৈ ধৰিলে৷ এনেতে ককাইদেৱে চৰকাৰৰ মীন বিভাগত তৃতীয় শ্ৰেণীৰ এটি চাকৰি যোগাৰ কৰি ল’লে৷
মাই ৰুই থাকোতে নে ঢেঁকী দি থাকোতে মোৰ জন্ম হোৱা বুলি কৈছিল৷ মই বোলে ঢেঁকীস্থ হৈছিলো৷ কিন্তু দেউতাৰ কৰ্ম-পতন, ককাইদেউৰ আধাতে মহাবিদ্যালয় ত্যাগ আৰু বাইদেউহঁতৰ আধি বা বন্ধকী খেতিৰ কৰাৰ শ্ৰমৰ ফলত আধাতে শেষ হোৱা কেৰিয়াৰৰ সেই আধৰুৱা সপোনবোৰ মোৰ মাজেদি পূৰণৰ স্বপ্ন দেখিলে ঘৰখনে৷
মই মাৰ অপাৰ কষ্ট দেখিছো৷ খেতি পথাৰত ৰোৱা, ধান দোৱা, তাঁত বোৱা, মাছ মৰা, সকলো কামত মাৰ কৰ্ম নৈপুণ্য মই স্বচক্ষে প্ৰত্যক্ষ কৰিছো৷ কিন্তু মাজে মাজে সন্ধিয়া বা ৰাতি মাই চোতালত বহি থাকোতে পাটিত বাগৰি মাৰ কোলাত যেতিয়া মূৰটো থৈ শুই থাকো– লগত দেউতা, ককাইদেউ আৰু বাইদেউহঁত– মায়ে মাজে মাজে দুখৰ দিনৰ কাহিনীবোৰ কয়৷ কয়, “তই বৰ সুখত জন্ম হৈছ, তই বুজিব পৰা হওঁতে ককায়েৰাই চাকৰি পাইছে৷ আমি আনৰ ঘৰত কাম কৰি পৰিয়াল চলাইছিলো৷ পুথা দৌতিৰ ধনী মানুহ আছিল৷ নবীন হাজৰিকাৰ পৰিয়াল বুলিলে পতিত পাৱন৷ বাপেৰলৈ বিয়া হৈ আহি বোকাত পৰিলো৷ এফালে দেউতাৰাৰ চিকিৎসা ব্যয় যোগাৰ কৰা, আনফালে ল’ৰা-ছোৱালীহঁতৰ ভাতমুঠি যোগাৰ কৰা, স্কুললৈ পঠিওৱা – এইবোৰ কেনেকৈ চম্ভালিলো এতিয়া ভাবিবই নোৱাৰো৷ বিয়া হওঁতে বাপেৰে চিকচিকিয়াটো আছিল, বিয়াৰ পাছতে এক্সিডেণ্ট হ’ল৷ বাপেৰে বাগানৰ মেকানিক আছিল, খেতিৰ কাম নাজানে৷ যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুলত মেট্ৰিক পৰীক্ষা দিছিল৷ কিন্তু একে সময়তে সকলো দুৰ্যোগ আহিল – এক্সিডেণ্ট হ’ল, চাকৰি গ’ল, ঘৰৰ পৰা বাহিৰ কৰি দিলে” ইত্যাদি৷ তাৰ পাছৰ কাহিনীবোৰ শুনি শুনি মই চকুলো টোকো৷ “হয় জানো দেউতা?”, “হয়”৷ মাৰে যি কৈছে সকলো হয়৷ মাই বাঘিনীৰ দৰে গৰজি উঠিব– “নহ’ব বুলি কৈ পাৰিব? ভগা ঢকুৱাৰ ঘৰ এখনক মই কেনেকৈ আজিৰ অৱস্থালৈ আনিলো৷” ককাইদেৱে তাতে দুটা এটা কথা যোগ দিয়ে৷ তেতিয়ালৈকে আমাৰ ঘৰখন পকাৰ খুঁটাত টিন লগোৱা মাটিৰ ঘৰেই আছিল৷ কিন্তু আটোম-টোকাৰিকৈ সজোৱা হৈছিল৷ আমি তেনেদৰে চোতালত মেল পাতি থাকোতেই মায়ে মাজে মাজে সুৰ দি গাইছিল – ব’ল ব’ল/ব’ল ঐ ব’ল/জয় হিন্দুস্তান ঘূৰাবলৈ ব’ল/কিহৰে অহংকাৰ, কিহৰে ভয়/কপালত আছে যদি ভগৱান ৰৈ …৷ পাছৰখিনি মোৰ মনত নাই৷ মাই আকৌ গায়– হাতে সূতা কাটি আমি/খদ্দৰ কাপোৰ পিন্ধো/স্বাধীন দেশৰ ছাত্ৰী আমি/স্বাধীনতা ৰাখো৷ স্বাধীনতা সংগ্ৰামৰ সেই গীত মাৰ কিয় মনত আছিল নাজানো৷ কিন্তু মায়ে গৌৰৱেৰে সদায় কৈছিল যে মাৰ নিজৰ খুৰাদেউতাক মহেন্দ্ৰ হাজৰিকা বিশিষ্ট স্বাধীনতা সংগ্ৰামী আছিল৷ মহেন্দ্ৰ হাজৰিকাৰ নেতৃত্বত মাহঁতে ভলণ্টিয়াৰ বাহিনীত যোগদান কৰা বুলিও কৈছিল৷ এয়া নিশ্চয় স্বাধীনতাৰ পৰবৰ্তী ঘটনা৷ মাই পুনৰ গাইছিল – ভুটি কোৰ ল’চোন/গিজিঙলৈ ব’লচোন/ডেকা-গাভৰুৰ দল/আগবাঢ়া, আগবাঢ়া … ইত্যাদি৷ দেউতাই যোগ দিছিল – খগেন বৰবৰুৱাই আমাৰ গাঁৱত পুখুৰী সিঁচি মাছ ধৰিছিল৷
মই মোটামুটি ভাল অৱস্থাতে ডাঙৰ হৈছিলো, অন্ততঃ মাহঁতৰ মুখত শুনা অতীতৰ দিনবোৰতকৈ৷ মোক ভালকৈ পঢ়ুৱাৱাটো ঘৰখনৰ সকলোৰে দায়িত্বৰ নিচিনা আছিল৷ দায়িত্ব বুলি কোৱাতকৈ – “মিছন” বুলিলেহে শুদ্ধ হ’ব৷
মাই সদায়ে মোৰ বিশেষ যত্ন লৈছিল৷ খোৱা-বোৱাতো বিশেষ যতন আছিল৷ এগিলাছ গাখীৰ, ঘৰৰে হওক বা আনৰ ঘৰৰ পৰা কিনি অনাই হওক, দিনটোত এটা মুৰ্গীৰ কণী আৰু আন ভালৰ ভালটো মোৰ প্ৰাপ্তি আছিল৷ মোৰ মনত পৰে দেউতাৰ সামান্য লোভ আছিল, মোক দিয়া দেখিলে তেখেতক কিয় দিয়া নহয় সদায়ে প্ৰশ্ন কৰিছিল৷ মাৰ সদায়ে একেই উত্তৰ আছিল, কেতিয়াবা আছিল বকনি৷ সদায় সন্ধিয়া জহা চাউল বা ঘৰত বনা চাউলৰ নিসনি বা এগিলাচ মাৰ আছিল মোৰ প্ৰতি মাৰ বিশেষ মৰমৰ নিদৰ্শন৷ মাছ বা মাংসৰো মোলৈ ভালৰ ভালকণ আগবঢ়াই দিছিল৷ ঘৰখনৰ সমূহীয়া সিদ্ধান্ত আছিল যে মোক ভালকৈ খুৱাই-বুৱাই ভাল মানুহ কৰিব লাগে৷ ঘৰখনৰ সকলোৰে মই বিশেষ আদৰ লাভ কৰিছিলো৷
মই ককাক পোৱা নাছিলো৷ আইতাক অৱশ্যেই পাইছিলো৷ এতিয়াও মনত পৰে, মই ডাঙৰ হ’লে আইতাক ৰঙা লেপ কিনি দিম বুলি কৈছিলো৷ এই কথাটোৱে আমাৰ ঘৰখনৰ সেই সময়ৰ অৰ্থনৈতিক অৱস্থাৰ পৰিচয় দাঙি ধৰে৷
কিন্তু খোৱা-বোৱা আৰু পঢ়া-শুনাত যিয়েই অগ্ৰাধিকাৰ নাথাকক লাগিলে, ঘৰখনত সকলোৰে বাবে শাৰীৰিক শ্ৰম বাধ্যতামূলক আছিল৷ মা, দেউতা, ককাইদেউ সকলোৱে মোক খেতি-খোলাত সহায় কৰিবলৈ পথাৰলৈ লৈ গৈছিল৷ এয়া আছিল আমাৰ ঘৰৰ সংস্কৃতি৷ কোনেও এনেই খাব নোৱাৰে৷ সকলোৱে বয়স অনুসৰি শ্ৰম কৰিব লাগিব, কিন্তু খাব প্ৰয়োজন অনুসৰি৷ মোৰ শ্ৰম আছিল কম, খোৱাটো আছিল ভাল৷
দেউতা আৰু ককাইদেউৱে মোক হাল বাবলৈ, কোৰ মাৰিবলৈ শিকাইছিল৷ কেনেকৈ কুৰিব লাগে, আঁচ কেনেকৈ মাৰিব লাগে, আলি কেনেকৈ দিব লাগে, হাল কেনেকৈ বাব লাগে, গৰু কেনেকৈ যুটিব লাগে, মৈ কেনেকৈ দিব লাগে, চাব কেনেকৈ তুলিব লাগে তন্নতন্নকৈ শিকাইছিল৷ আমাৰ তাত পুৰুষে কঠিয়া নোতোলে, ভূঁই নোৰোৱে; কঠিয়া পাৰে, কঠিয়া কঢ়িয়ায়, কিন্তু নোতোলে, নোৰোৱে; ধানৰ ডাঙৰি আনে, কিন্তু ধান নাকাটে৷ দেউতাই মোক মাছ মাৰিবলৈ শিকাইছিল; টঙি জাল বোৱা, খেৱালি জাল মৰা, চেপা পতা, খোকা পতা ইত্যাদিবোৰ৷ পথাৰৰ কোণৰ সৰু পুখুৰীটো সিঁচি এহাতেদি মাছ-কুচিয়া ধৰো, আনহাতেদি পানীখিনি কঠিয়ানিলৈ ছটিয়াও৷
ঘৰখনৰ আচল গৃহস্থনী আছিল মা৷ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত মাৰ মতেই হৈছিল৷ তাতে আমাৰ ভীষণ খং উঠিছিল৷ কিয় সকলো কথাতে মাৰ হস্তক্ষেপ? দেউতাই কৈছিল– “তহঁতক ডাঙৰ কৰিছে মাৰে৷ মোৰ বিপদত চাইছে মাৰে৷ সেইবোৰ কথা নাপাহৰিবি৷” মাই ভীষণ গালি দিলেও দেউতাই মনে মনে সহ্য কৰি আছিল৷ দেউতা যেন সমাজৰ আটাইতকৈ শোষিত ব্যক্তিৰ প্ৰতীক আছিল৷ খীণ-মিন কঁকাল বেঁকা, সদায়ে লোভ থাকি যোৱা অসমৰ দৰিদ্ৰ মানুহবোৰৰ প্ৰতিনিধি আছিল যেন মোৰ দেউতা৷ মা সামান্য আগ্ৰাসী, মা দমনীয়, মা ৰাংঢালী, মাৰ স্বৰ আছিল কামাণ্ডিং৷ কৰিব লাগিব মানে কৰিব লাগিব৷ দেউতাই পুৱা ৩.৩০ মান বজাত বিচনাৰ পৰা উঠি হাল বাবলৈ যাব লাগিব; নগ’লেও লাভ নাই, মাৰ বকনিত বিচনাত পৰি থাকিব নোৱাৰি৷ এবাৰ দ’ চুকৰ মাটি হাল বাবলৈ সোনকালে গ’লো৷ হাল জুৰিলো, এডৰামান বাই হ’ল, তাৰ পাছতে সাংঘাতিক আন্ধাৰ হ’ল৷ গৰু নাযায়৷ জোঁটজৰী খুলি নাঙল আলিত তুলি ককাইদেউ আৰু মই কাষৰ বাঁহনিখনতে শুই পৰিলো৷ এয়াই আছিল মোৰ মাৰ কামাণ্ড, লাগিলে অথন্তৰে হওক, আন্ধাৰতে হাল তৰি ৰ’দ টান হোৱাৰ আগতে হাল খুলিব লাগিব৷
মাই কিন্তু আমাক বৰকৈ মাৰপিট কৰা নাছিল, দেউতায়ো কৰা নাছিল, ককাইদেউৱেহে মাজে মাজে দুই এপিট দি আছিল৷ কতবাৰ যে মাৰ খাইছিলো৷ পিছদিনা বছৰেকীয়া পৰীক্ষা আছে, ককাইদেউ ঘৰত নাই দেখি জালখন লৈ ওলাই যাওঁ বা মণিধৰ দৌতিহঁতৰ আম জোপাত শিলগুটি দলিয়াই আম খাই থাকোতেই আহি পায়হি৷ দিয়ে পিটন, কেতিয়াবা জেওৰা খুঁটি উভালি লয়৷ মায়ে কেৱল মোক মাজে মাজে খকৰা মুকুতি দিয়ে, তাকো কেৱল বাইদেউহঁতৰ লগত কাজিয়া লাগিলে৷ সদায় ককাইদেউৰ মাৰৰ পৰা নিৰাপত্তা প্ৰদান কৰে মায়ে৷ মাই নামাৰিবি বুলি কোৱা মানে নামাৰিবিয়েই আৰু৷
দেউতা আছিল মৰমিয়াল, কৰ্তব্য পৰায়ণ, অভিমানী আৰু পিতৃ বৎসলতাৰ প্ৰতীক৷ মা ৰুঢ়, কিন্তু ভীষণভাৱে সংবেদনশীল৷ এতিয়াও দুদিনমান দেৰিকৈ ঘৰলৈ গ’লে মায়ে মোৰ মাত শুনাৰ লগে লগে অভিমানতে বিচনাত বাগৰ দিয়ে৷ মই গৈ মাৰ লগত পাঁচ মিনিটমান কথা পাতি “ভোক লাগিছে” বুলি ক’লেহে জাঁপ মাৰি বিচনাৰ পৰা উঠি পাকঘৰলৈ লৰ ধৰে৷ কেনেবাকৈ ভাত খাই আহিছো বুলি ক’লে সেই দিনা ঘৰত আৰু নথকাই ভাল৷ মাই কাকো বাৰীৰ ফল-মূল ডাল ভাঙি খাবলৈ নিদিয়ে, কিন্তু পকিলে সকলোকে বিলাই দিয়ে৷ মই যিমানেই হতাশাত থাকো, ক্ষোভ বা বেদনাত নাথাকো কিয়, মাৰ বুকুত মূৰটো থৈ অলপ সময় জিৰণি ল’লে যেন নিৰাপদ হৈ পৰো৷ ককাইদেউ আছিল আমাৰ দ্বিতীয় পিতৃ স্বৰূপ, যাৰ ওপৰত কথা ক’বলৈ আমাৰ ঘৰত কোনো নাছিল৷ ঘৰৰ নীতি নিৰ্ধাৰক আছিল তেঁৱে৷
আমাৰ ঘৰখনত আন এটা অভ্যাস মাই গঢ়ি তুলিছিল, সেয়া আছিল উদ্বৃত্ত্ব শাক-পাচলি বজাৰলৈ নিয়া৷ ঘৰত খোৱাখিনি বাদ দি যিখিনি কণী, শাক-পাচলি, কল অতিৰিক্ত হৈছিল, সেইবোৰ বজাৰলৈ পঠিয়াইছিল৷ আমাৰ গাঁৱত সাধাৰণতে মানুহে বজাৰলৈ বস্তু নিনিয়ে, দুই/এপদ কিনি আনেহে৷ কিন্তু মাৰ কথামতে দেউতাই গোৱৰ পাচি আৰু বিৰিয়া মাৰি লৈ তামোল-পাণ, কল, শাক-পাচলি প্ৰতি দেওবাৰে সাপ্তাহিক বজাৰলৈ নিছিল আৰু তাৰ বিক্ৰীৰ টকাৰে ঘৰলৈ প্ৰয়োজনীয় বস্তু আনিছিল৷ বাকীখিনি ধন বজাৰৰ পৰা আহি মাৰ হাতত জমা দিছিল৷ কেতিয়াবা দেউতাই চাইকেলত কুকুৰাৰ কণী, কুকুৰা, চাউল, বিহুৰ বজাৰলৈ মৰাপাটৰ ৰছী আদি নিয়াও মনত আছে৷ মনত পৰে মই নিজে দেওবৰীয়া বজাৰলৈ মুৰ্গী কণী নিয়াৰ আৰু বহীপাত কিনি অনাৰ কথাবোৰ৷ তেতিয়া এটকাত ৪ টাকৈ কণী বিক্ৰী কৰিছিলো৷
মাৰ কাৰণেই আমাৰ আটাইকেইজনী বাইদেউ তাঁত বোৱাত ওস্তাদ হৈ উঠিছিল৷ তাঁতো আছিল আমাৰ ঘৰৰ উপাৰ্জনৰ এটা সামান্য অংশ৷
মাই কিমান কষ্ট কৰি, সুনেতৃত্বৰে যে আমাৰ ঘৰখন গঢ়ি নুতুলিছিল? মাৰ কষ্ট, দেউতাৰ বিনা বাক্য ব্যয়ে মাৰ কথা মানি লোৱা স্বভাৱ আৰু ককাইদেউ-বাইদেউহঁতৰ অজস্ৰ ত্যাগেৰে গঢ়ি তুলিছিল আমাৰ ঘৰখন৷ গোটেই জীৱন কেৱল দেউতাৰ বাবে, আমাৰ ল’ৰা-ছোৱালীকেইটাৰ বাবে, জীৱনৰ সমস্ত সপোন এৰি পেলোৱা মাজনীৰ আজিও কষ্ট দেখিলে মই সহ্য কৰিব নোৱাৰো৷ জেলত থাকোতে সদায়ে মোৰ মুক্তিৰ বাবে ধৰ্ণা দিওঁতে, ৰেল পথ অৱৰোধ কৰোতে, দুহাতত ফেষ্টুনখন লৈ চিঞৰি থাকোতে বা অসুখীয়া দেহাৰে টিভিত মোৰ মুক্তিৰ বাবে দাবী কৰি কান্দি দিওঁতে অথবা শিৱসাগৰৰ নিৰ্বাচনত প্ৰচাৰ কৰোতে দেখা ছবিবোৰে মোক শোকাৰ্ত কৰি তোলে৷ মোক আৱেগিক কৰি তোলে৷ মোৰ কিমান কষ্ট হয় কাকো বুজাই কোৱা সম্ভৱ নহয়৷ গোটেই জীৱন অমানুষিক শ্ৰম কৰি আমাক ডাঙৰ কৰা মাৰ শেষ বয়সত আমি মাৰ বাবে সেৱা কৰিব লাগিছিল, কিন্তু শেষ বয়সতো মায়েই মোৰ বাবে সকলো কৰি আছে৷ মহাভাৰতৰ যুদ্ধত ঘটোত্কচ বীৰৰ মৃত্যুৰ সময়ত নিজকে কৌৰৱ সৈন্য বাহিনীৰ ওপৰত পেলাই দিয়াৰ দৰে৷ এই যন্ত্ৰণাৰ বোজা বহন কৰা মোৰ বাবে অসম্ভৱ৷ সেয়ে মই মাক টিভিত দেখিলেই কান্দি থাকো৷ অ’ কান্দি থাকো৷
মোৰ সদায় মনত পৰি থাকে মই বিয়া পতাৰ পাছতো ঘৰলৈ গ’লেই মোক মায়ে বাকচ খুলি কেইটামান টকা দিয়ে৷ তোৰ চলিবলৈ দিগদাৰ হৈছে নেকি? মায়ে ক’ৰ পৰা এই ধন গোটাই থয় মই নাজানো৷ এবাৰ মায়ে মোৰ হাতত পঞ্চাছ হেজাৰ টকা গুজি দিছিল আৰু কৈছিল ৰাজহুৱা ধন কেতিয়াও নাখাবি৷
মাই কেৱল মোৰ বা আমাৰ ঘৰখনৰ বাবেই জীৱন উছৰ্গা কৰা নাই৷ আমাৰ মা হ’ল আমাৰ গাঁওখনৰ বিবেকৰ দৰে৷ গাঁৱৰ ডেকা ল’ৰাবোৰক গালি পৰাটো মাৰ স্বভাৱ৷ “ঐ অমুকা, নামঘৰটো বন্ধাই শেষ কৰা নাই কিয়? টকাবোৰ তহঁতে কি কৰিলি?” “ বিহুটো তহঁতে ভালকৈ নাপাত কিয়?” “যোৱাবাৰৰ হুচঁৰিৰ হিচাপটো নিদিয় কিয়?” “তামুকীৰ বিয়াত তহঁতে কাম কৰিবলৈ নগৈ ইয়াত কি টহল দি ফুৰিছ?”– মুঠতে গাঁওখনৰ যেন মা ৰখীয়া৷ কিমানে যে মাক এই খটখটীয়া স্বভাৱটোৰ বাবে বেয়া পায় !
মুঠতে মোৰ বাবে মা আমাৰ গ্ৰাম্য জীৱনৰ এটা জীৱন্ত চৰিত্ৰ – সদা সক্ৰিয়, কৰ্তব্যনিষ্ঠ, দায়বদ্ধ অথচ খঙাল, কঠোৰ, সমালোচনাত্মক৷ কিন্তু প্ৰত্যেকটো কথাই সমাজৰ সৎ চিন্তা, ভালৰ বাবে কৰে৷ কোনোদিন মাক সমাজৰ বেয়া, আন দুজনৰ অপকাৰ কৰাৰ চিন্তা কৰা নেদেখিলো৷ গাঁৱৰ সকলোকে সহায় কৰাটো মাৰ নিচা আছিল৷ মাৰ আন এটা স্বভাৱ হ’ল গাঁৱৰ দৰিদ্ৰতম পৰিয়ালটোৰ প্ৰতিও সমব্যথাৰ ভাৱ উথলি উঠাটো৷ কুকৈ ককাইদেৱৰ অভাৱে বুৰাই ৰখা ঘৰখনত এসেৰ চাউল দিয়া, সকামটো বা বিয়াখন পাতিলেই দুবৰ্লতম পৰিয়ালটোৰ বাবে খাদ্য সম্ভাৰ সামৰি-সুতৰি থোৱা মোৰ মাজনীলৈ মোৰ মনত পৰিলেই কলিজা ফাটি যায়৷ বুকু বিষাই যায়৷
মাৰ বোলে আন এটা ৰূপো আছিল৷ মই অৱশ্যে দেখা নাই৷ আমাৰ কাষৰ অমিয়া পেহীয়ে মোক লগ পালেই কয়৷ “অখিল, তই সমাজত কিয় আগবাঢ়িছ জাননে? তোৰ মাৰৰ কাৰণে৷ বৌদেউ আমাৰ গাঁৱৰ আটাইতকৈ অগ্ৰণী মহিলা আছিল৷ বৌদেউ গাঁওখনলৈ আহিয়ে প্ৰতিঘৰ মানুহৰ সুখ-দুখৰ সমভাগী হৈ প্ৰতিঘৰৰ এগৰাকী সদস্যৰ দৰে হৈ পৰিছিল৷ গাঁৱত ভাওনা-থিয়েটাৰ, খেল-ধেমালিত নিজে অংশগ্ৰহণ কৰিছিল আৰু উৎসাহিত কৰিছিল৷ তেতিয়া মহিলাই গাঁৱত ভাওনা-থিয়েটাৰত অংশ লোৱাটো বিৰল আছিল, কিন্তু বৌদেৱে লৈছিল৷ বিয়া নাম গাঁৱৰ সকলোকে শিকাইছিল৷ আনকি বোৱাৰী হৈও গাঁৱৰ ডেকা ল’ৰাবোৰৰ লগত ফাকুৱা আদি খেলিছিলে, যিটো আছিল সেই সময়ত অসম্ভৱ প্ৰায়৷ বৌদেউ আছিল অনন্য সাহসী আৰু উদ্যমী মহিলা৷ তাঁত ব’বলৈ গাঁৱৰ ছোৱালীবোৰক শিকাইছিল৷ মোকো শিকাইছিল৷ গাঁৱৰ সমস্যা সমাধান কৰিবলৈ ওলাই গৈছিল আৰু সমাধান কৰিছিল৷ বৌদেউৰ এই সমাজ হিতৈষী ভাবৰ প্ৰভাৱ তোৰ ওপৰত পৰিছে৷”
মাক আন্দোলনত ননমাবলৈ, এইবাৰৰ নিৰ্বাচনত প্ৰচাৰত নাযাবলৈ মই কিমানবাৰ যে অনুৰোধ নকৰিছিলো৷ কিন্তু প্ৰতিবাৰেই মই ব্যৰ্থ হৈছিলো৷ সদায়ে দুশ্চিন্তাত কটাওঁ, মই জেলত থাকোতেই যদি মাৰ কিবা এটা হয় কি হ’ব?
সেইগৰাকীয়ে মোৰ মা৷ মাই মোক সৰুৰে পৰা অশেষ কষ্ট কৰি ডাঙৰ কৰিলে৷ মোৰ ডেকা বয়সতো মোৰ পঢ়াৰ বাবে মাই জীৱনপাত কৰিলে৷ আৰু এতিয়া? মোৰ কাৰাগাৰৰ পৰা মুক্তিৰ বাবেও দেহে কেহে খাটিছে৷ যিসময়ত এই বয়সত বৃদ্ধা আইসকলে ইশ্বৰৰ নাম লৈ কটায়, সেই সময়ত মায়ে ইন্কিলাব জিন্দাবাদ দি আছে৷ কেৱল মোৰ বাবে; কেৱল মোৰ আদৰ্শকে নিজৰ বুলি সাৱটি লৈ৷ এয়াই মাতৃ– যি সন্তানৰ দুচকুৰে সপোন দেখে৷
মা আপোনালৈ কাৰাগাৰৰ পৰা জনাইছো শতকোটি প্ৰণাম৷ মই অচিৰেই আপোনাৰ ওচৰলৈ গৈ আছো, মা৷
Discussion about this post