কালিকা লাগিছে অসমৰ স্বাস্থ্য বিভাগত। মাজুলীৰ শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (Tejaswita Baruah Death) মৃত্যুৰ খবৰ মাৰ নৌযাওতেই পুনৰ টীয়কৰ (Teok) এগৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱালে চিকিৎসকৰ (Patient Death) অনুপস্থিতিত। তেজশ্বিতা বৰুৱাৰ মৃত্যুৰ পিছত মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছিল। ৰাইজৰ অভিযোগ উত্থাপন কৰিছিল যে চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লৈছছিল মাজুলীৰ কমলাবাৰী দৰিয়া গাঁৱৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতাই। ৰাইজৰ এই অভিযোগৰ পিছতেই নিলম্বনো কৰা হৈছিল মাজুলী গড়মূৰ চিকিৎসালয়ৰ (Majuli’s Garmur Civil Hospital) অধীক্ষক অমূল্য গোস্বামীক।
কিন্তু এই ঘটনা মাৰ নৌযাওতেই টীয়কত (Teok) পুনৰ একেই কাণ্ড। চিকিৎসকৰ অনুপস্থিতিত পুনৰ প্ৰাণ গ’ল টীয়কৰ এজনৰোগীৰ। ঘটনাটোক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি।
ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপৰ জীয়া ছবি পুনৰ পৰিস্ফূত হৈছে টীয়কৰ একমাত্ৰ চিকিৎসাৰ ভৰসা টীয়ক FRUত। শুকুৰবাৰে বিয়লি উচ্চৰক্ত চাপত ভোগা টীয়কৰ জগদুৱাৰ সোণাৰী গাঁৱৰ নাৰায়ন হাজৰিকা নামৰ এজন ৰোগীক জৰুৰীকালীন অৱস্থাত লৈ গৈছিল টীয়ক FRUলৈ।
সেই সময়ত কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক ডাঃ চালাহউদ্দিন আহমেদ গৈছিল নামাজ পঢ়িবলৈ। ৰোগীৰ আত্মীয়ই চিকিৎসক নাপাই কৰ্মৰত অৱস্থা থকা নাৰ্চক কিবা এটা কৰি দিবলৈ অনুৰোধ জনাইছিল যদিও কোনো সঁহাৰি নাপাই আত্মীয়সকলে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও নিয়াৰ পথত ৰোগীজনে প্ৰাণ হেৰুওৱা ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে এইগৰাকী চিকিৎসকে পূৰ্বেও চিকিৎসালয়ত ৰোগী এৰি থৈ নামাজ পঢ়িবলৈ বুলি কৰ্তব্যৰত অৱস্থাত ৮ কিলোমিটাৰ নিলগৰ কাকজানলৈ যায় বুলি অভিযোগ উত্থাপিত হৈছে। লগতে ৰোগীসকলৰ লগতো দুৰ্ব্যৱহাৰৰ লগতে কৰ্তব্যত সময়মতে উপস্থিত নথকাৰ অভিযোগো আছে।
ইপিনে শনিবাৰে পুৱা ৮ বজাৰ পৰা তেওঁ কৰ্তব্যৰত হ’ব লাগিছিল যদিও আজিও চিকিৎসকগৰাকী প্ৰায় ১১ বজাৰ পাছতহে চিকিৎসালয়ত উপস্থিত হয়। ইপিনে টীয়ক FRUৰ অধীক্ষকগৰাকীৰ সৈতে হোৱা সাক্ষাতত তেওঁ জনাই যে অভিযুক্ত চিকিৎসকগৰাকীয়ে যে কৰ্মৰত অৱস্থাত নামাজলৈ যায় তেওঁ জ্ঞাত নহয় বা তেওঁক নজনোৱাকৈয়ে যায়।
সেয়ে পুনৰ যাতে কৰ্মৰত সময়ত এনে ভুল নহয় তাৰ বাবে সকিয়নী প্ৰদান কৰিছে। লগতে টীয়কৰ দৰে বৃহৎ অঞ্চলৰ একমাত্ৰ ভৰসা এই চিকিৎসালয়খনত এখন এম্বুলেঞ্চ নাপাই হতাশাত ভাগি পৰিছে পৰিয়ালটো। সেয়ে এনেবোৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় বা এনে মনোবৃত্তিৰ চিকিৎসকৰ গোৰামিত যাতে পুনৰ নিৰীহ জনতাৰ প্ৰাণ নাযায় তাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।
Photo & Input: উৎপল জ্যোতি খাউণ্ড
Discussion about this post