শক্তি বিভাগৰ (Power Department) গাফিলতিৰ ফলত সংঘটিত হয় এক শোকাৱহ ঘটনা (Tragic Incident)। বিদ্যুৎস্পৃষ্ট (Electrocution) হোৱা এটি কণমানি শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে পিতৃ-মাতৃসহ শিশুটিয়ে (3 Family Members Death Due To Electrocution)। লগতে এজন প্ৰতিবেশী যুৱকেও প্ৰাণ হেৰুৱাই এই কৰুণ ঘটনাটোত। এই কৰুণ ঘটনাটো সংঘটিত হৈছে হাইলাকান্দিৰ (Hailakandi) বিলাইপুৰত। মৃত কণমানি শিশুটিৰ নাম ৰাজিবুল হুছেইন শ্বেইখ।
শিশুটিৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ মৃত্যুক সাৱটি লোৱা পিতৃ-মাতৃৰ নাম ছুফিয়ান হুছেইন শ্বেইখ আৰু হুছনাৰা বেগম শ্বেখ। লগতে প্ৰাণ হেৰুওৱা প্ৰতিবেশী যুৱকজনৰ নাম জাহিদ হুছেইন শ্বেখ।
চাওক ভিডিঅ’-
https://www.facebook.com/watch/?v=774829580404658
লালা থানাৰ এলেকাধীন বিলাইপুৰ গাঁৱত ঘৰৰ কাষতে পথৰ ওপৰত ছিঙি পৰা এটা বিদ্যুৎ পৰিবাহী তাঁৰত লগাৰ ফলতে নিঃশেষ হৈ যায় এটা পৰিয়াল।
এই ঘটনাটোত পৰিয়ালটোৰ আন দুজন লোকো বিদ্যুৎস্পৃষ্ট হৈ আহত হৈছে। সম্প্ৰতি চিকিৎসাধীন হৈ আছে দুয়োজন। এই ঘটনাটোৰ পিছতে কান্দোনৰ ৰোল পৰিয়ালটোত।
ৰাইজে ভুক্তভোগী পৰিয়াললৈ সাহায্য প্ৰদানৰ বাবেও চৰকাৰলৈ দাবী জনাইছে।
Photo: Khatang Khobor
Discussion about this post