১০ জানুৱাৰীত অনুষ্ঠিত কাজিৰঙাৰ জলজ পক্ষী গণনাৰ ফলাফল প্ৰকাশ পালে। বিগত বৰ্ষ সমূহতকৈ কাজিৰঙাত স্থায়ী আৰু পৰিভ্ৰমী জলজ পক্ষীৰ সংখ্যা ২৭ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে ৮৪ হাজাৰ ৮৩৯টা জলজ পক্ষীৰে দেশৰ ভৰতপুৰ, চিলিকাকে ধৰি পক্ষীৰ আৱাসস্থলী হিচাপে খ্যাত শীৰ্ষ ৫ত অন্তৰ্ভুক্ত হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষে এক সংবাদ মেলত এই তথ্য প্ৰকাশ কৰে ৷
আনহাতে গণনাৰ সময়ত পোৱা গ’ল ১০টা দুৰ্লভ আৰু বিলুপ্তিপ্ৰায় পক্ষী। ইয়াৰে ভিতৰত Gull billed Tern দেশৰ ভিতৰত প্ৰথম দেখা পোৱা গ’ল কাজিৰঙাত। সঞ্চালকগৰাকীয়ে লগতে প্ৰকাশ কৰে যে গণনাৰ সময়ত লাওখোৱা বুঢ়াচাপৰিত গঁড়ৰ উপস্থিতি আৰু বিশ্বনাথত বিশেষ প্ৰজাতিৰ এটা বন্যজন্তু প্ৰত্যক্ষ কৰা হয়।
Discussion about this post