‘বিহু ৰাইজে পাতে। তুমি ক’বলৈ কোন?”– ৰহাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰীক প্ৰশ্ন জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ (Zubeen Garg)। উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) সকলোকে বিহুৰ প্ৰথম ৭টা দিনতে বিহু পাতিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰথম ৭টা দিনত বিহু পতা বিহু কমিটীসমূহক ডেৰ লাখকৈ আৰ্থিক সাহায্য দিয়াৰ কথাও কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছিল।
লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চান্দা সংস্কৃতি বন্ধ কৰিবলৈ প্ৰয়োজন হ’লে কঠোৰ আইন প্ৰণয়ন কৰিব বুলি কোৱা প্ৰসংগত জুবিন গাৰ্গে (Zubeen Garg) কৈছিল যে, ‘বিহু দান-বৰঙণিৰেই অনুষ্ঠিত হয়। মই নিজেও আগতে বিহু পাতিবলৈ দান-বৰঙণি আগবঢ়াইছো।’
অসমীয়াৰ বাপতিসাহোন বিহুটিক এনেদৰে মুখ্যমন্ত্ৰীয়ে ৭ দিনৰ ভিতৰত সীমাবদ্ধ কৰিবলৈ চেষ্টা কৰা কাৰ্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। তেনে পৰিপ্ৰেক্ষিততেই যেন পলমকৈ হ’লেও চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গেও (Zubeen Garg)।
ৰহাত অনুষ্ঠিত তিৱা সাহিত্য সভাৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে জুবিন গাৰ্গে। তেওঁ কয়, “বিহু ৰাইজে পাতে। এমাহ পাতে, দুমাহ পাতে সেয়া ৰাইজৰ কথা। তুমি ক’বলৈ কোন? Who The Hell You Are?”
জুবিনে পুনৰ কয়, “মন্ত্ৰী-বিধায়কৰ কাম হৈছে উন্নয়ন কৰা। সাংস্কৃতিক ক্ষেত্ৰখন চাবলৈ মই আছোঁ।”
Photo: Google
Discussion about this post