‘আমিনুল ইছলামে বিগত ১০ নে ১১ আগষ্টত এটা টিভি চেনেলত কৈছিল যে, মই আমিনুল ইছলামৰ পৰা মহাজোঁটত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁলোকৰ পৰা ১০ কোটি টকা দাবী কৰা বুলি অভিযোগ আনিছিল। আপোনালোকে বাৰম্বাৰ সুধি থকাৰ পিছতো মই সেই কথাবিলাক মুখেৰে একো ক’ব খোজা নাছিলো।’
‘মাত্ৰ দুটা শব্দ কৈ মই এই বিষয়টোৰ পৰা আঁতৰি থাকিব খুজিছিলো। আপোনালোকে জোৰ কৰি আছিলে কিন্তু মই বিষয়টোত সোমাব খোজা নাছিলো। মোৰ যে খং উঠিছিলে এই অপপ্ৰচাৰ চলোৱাক লৈ সেই মেছেজটো দুটা মাত্ৰ শব্দৰে দিছিলো। কিন্তু বিধায়ক আমিনুল ইছলাম এতিয়ালৈকে সেই অপপ্ৰচাৰৰ পৰা আঁতৰি অহা নায়।’
‘বৰঞ্চ প্ৰত্যেকদিনাই বেলেগ বেলেগ ধৰণে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই থাকিলে। মোৰ আচলতে সামান্যতমো ইচ্ছা নাছিলে আমিনুল ইছলামৰ বিৰুদ্ধে যাও। মই দীৰ্ঘদিনৰ পিছত মই জেলৰ পৰা ওলাইছো। গোচৰ বিলাকৰ পৰা লাহে লাহে মুক্ত হৈ আহি আছো।’
‘আকৌ মোৰ ওপৰত গোচৰ তৰক, মই তেওঁৰ ওপৰত গোচৰ ৰুজু কৰো। এইবিলাকত মই জড়িত হ’ব বিচৰা নাছিলো। কিন্তু বিধায়কগৰাকীয়ে বাৰে বাৰে মোৰ সততাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।’
মোক ব্যক্তিগত আক্ৰমণ কৰিছে আৰু মোৰ ভাৱমূৰ্তি ম্লান কৰিবলৈ জনতাৰ ওচৰত অপমানিত কৰিবলৈ প্ৰচেষ্টা চলাইছে। তেওঁ RSS আৰু বিজেপিৰ কথামতে এই কাম কৰিছে। এনেধৰণৰ দুষ্কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকিয়নী প্ৰদান কৰিছো।’
মোৰ বিৰুদ্ধে অনা অভিযোগৰ বিৰুদ্ধে মই আৰু ৰাইজৰ দলে আদালতৰ দ্বাৰস্থ হ’ম। মই তেওঁৰ বিৰুদ্ধে গোচৰ দিব বিচৰা নাছিলো কিন্তু অতপালিৰ সীমা অতিক্ৰম কৰাৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছো। তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিম।’- ১০ কোটি টকা অখিল গগৈয়ে (Akhil Gogoi) বিচৰা বুলি শেহতীয়াকৈ বিধায়ক আমিনুল ইছলামে অনা অভিযোগক কেন্দ্র কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
Photo: Khatang Khobor
Discussion about this post