মানস জ্যোতি বৰুৱাঃ
অচিৰেই নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল। বিশেষ কোনো অঘটন নঘটিলে মোডী কেবিনেটত স্থান পোৱাটো নিশ্চিত সোণোৱালৰ। মুখ্যমন্ত্ৰী হিচাপে ২০১৬ৰ পৰা ২০২১ লৈ পাঁচ বছৰীয়া কাৰ্যকালত একপ্ৰকাৰ সফল মুখ্যমন্ত্ৰী হিচাপেই পৰিচিত আছিল সৰ্বানন্দ সোণোৱাল।
ব্যক্তিগত পৰ্যায়ত কোনো ধৰণৰ দুৰ্নীতি কিম্বা স্বজন তোষণৰো অভিযোগ নাছিল সোণোৱালৰ বিৰুদ্ধে।বিশেষকৈ APSC ত দীৰ্ঘদিনে অব্যাহত থকা “ধনৰ বিনিময়ত চাকৰি” পৰম্পৰা ভংগ কৰি এই দুৰ্নীতিৰ নায়ক ৰাকেশ পালক জেললৈ প্ৰেৰণ কৰাৰ লগতে একাংশ প্ৰশাসনীয় বিষয়াকো কাৰাগাৰলৈ নিক্ষেপ কৰি নিজৰ দুৰ্নীতি বিৰোধি সবল স্থিতি দেখুৱাবলৈ সক্ষম হৈছিল সৰ্বানন্দ সোণোৱাল।
অৱশ্যে নাগৰিকত্ব সংশোধনী আইন বিৰোধি আন্দোলনৰ সময়ত জাতীয় নায়ক সোণোৱালৰ প্ৰতি অসমীয়াৰ ক্ষোভৰ উদ্গীৰণ ঘটিছিল যদিও খুউৱ কম দিনৰ ভিতৰতেই উপশম ঘটিছিল জনতাৰ এই ক্ষোভৰ।নাগৰিকত্ব সংশোধনী আইন বিৰোধি আন্দোলনটো উজনি অসমতেই ব্যাপক ভাৱে হৈছিল যদিও ২০২১ ৰ নিৰ্বাচনত উজনি অসমতেই শাসকীয় বিজেপিয়ে সবাটোকৈ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল যিয়েই নেকি বিজেপিক দ্বীতিয়বাৰলৈ ক্ষমতাৰ সোৱাদ দিছিল।
বহুতে দাবী কৰে, উজনি অসমত বিজেপিৰ এনে ফলাফলত যথেষ্ট পৰিমাণৰ অৰিহণা আছিল সৰ্বানন্দ সোণোৱালৰ নিকা ভাৱমূৰ্তিৰ।ইমানৰ পাছটো কিন্তু দ্বীতিয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ চকীখন ধৰি ৰাখিব নোৱাৰিলে সৰ্বানন্দ সোণোৱালে। যেনেকৈয়ে নকওক,যি কাৰণতেই নহওক, সোণোৱালক আতৰাই মুখ্যমন্ত্ৰীৰ চকীখন হস্তগত কৰিলে সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাই। আৰু ঠিক সেই দিনাই কেন্দ্ৰীয় নেতৃত্বই এটা কথাৰ স্পষ্ট ইংগিত দিছিল যে, সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে এক সন্মান অচিৰেই প্ৰদান কৰা হ’ব।
আৰু অৱশেষত আহিল সেই ক্ষণ। এই পৰ্যন্ত মোডী মন্ত্ৰী সভাত খালী হৈ আছে ২৮ টাকৈ মন্ত্ৰী পদ। খালী হৈ থকা এই মন্ত্ৰী পদ কেইটা পূৰণৰ যো -জা চলাইছে প্ৰধানমন্ত্ৰী মোডীয়ে।সেয়ে প্ৰধানমন্ত্ৰী মোডীৰ “গুডবুক”ৰ মানুহ হিচাপে পৰিচিত সৰ্বানন্দ সোণোৱাল যে নতুনকৈ মন্ত্ৰিত্ব লাভ কৰিব লগা ২৮ জনৰ এজন হ’ব সেয়া নিশ্চিত। কিন্তু প্ৰশ্ন হৈছে, কি দপ্তৰ প্ৰদান কৰিব সৰ্বানন্দ সোণোৱালক। সমুখত দেশৰ পাঁচ ৰাজ্যৰ নিৰ্বাচন।
নিৰ্বাচন অনুষ্ঠিত হবলগা ৰাজ্য কেইখনৰ পৰাই সৰহ সংখ্যকে লাভ কৰিব মন্ত্ৰিত্ব। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই সেইসকলক প্ৰদান কৰিব লাগিব গুৰুত্বপূৰ্ণ দপ্তৰো। তেনেক্ষেত্ৰত সোণোৱালক কি দিয়া হ’ব সেয়া এক ডাঙৰ প্ৰশ্ন। এক অসমৰ্থিত সূত্ৰৰ পৰা হঠাত প্ৰচাৰ হ’ল,কেন্দ্ৰীয় পেট্ৰলিয়াম দপ্তৰ লাভ কৰিলে সোণোৱালে। বিগত দুটা দিন ধৰি ফেচবুক টুইটাৰ এক প্ৰকাৰ গৰম। বহুতে অভিনন্দনেই দিলে নতুন পেট্ৰলিয়াম মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।
কিন্তু কথাটো যে মিছা সেয়া উলাই পৰিবলৈ বেছি পৰ নালাগিল। এনে ধৰণৰ চৰ্চা অব্যাহত থকাৰ সময়তে বিজেপিৰ এক ভিতৰুৱা সূত্ৰৰ মতে,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাই সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তি। মন্ত্ৰিত্বৰ পৰিৱৰ্তে সোণোৱালক কোনো ৰাজ্যৰ ৰাজ্যপাল হিচাপে প্ৰেৰণ কৰিবলৈহে মুখ্যমন্ত্ৰী শৰ্মাই হেঁচা দিছে কেন্দ্ৰীয় নেতৃত্বক। সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ অতি ঘণিষ্ঠ হিচাপে পৰিচিত পল্লৱ লোচন দাসকহে কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ আৰ্জি দিছে মুখ্যমন্ত্ৰীয়ে।
কিন্তু চাহ জনগোষ্ঠীয় প্ৰতিনিধি হিচাপে মোডী মন্ত্ৰী সভাত ইতিমধ্যেই কাৰ্যনিৰ্বাহ কৰি আছে ৰামেশ্বৰ তেলীয়ে। গতিকে তেলীৰ বৰ্তমানত চাহ জনগোষ্ঠীৰ পৰা আৰু এজনক যে মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব তাত সন্দেহ আছে। কিন্তু শেহতীয়াভাৱে মোডী অমিত শ্বাহৰ বাবে সোণোৱালতকৈ বেছি আস্থাভাজন হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেষ্টা চলালে ৰামেশ্বৰ তেলীক ড্ৰপ কৰি হ’লেও যে পল্লৱ লোচন দাসক মন্ত্ৰীসভাত স্থান দিয়াব পাৰিব তাত কাৰো দ্বিমত নাই।
একেদৰে ড্ৰপ কৰিব পৰা কোনো ধৰণৰ কাৰণ নথকা সত্বেও সৰ্বানন্দ সোণোৱালক ড্ৰপ কৰাই মুখ্যমন্ত্ৰীৰ চকীখন নিজৰ হাতলৈ আনিবলৈ সক্ষম হোৱা হিমন্ত বিশ্ব শৰ্মাই যে ইচ্ছা কৰিলে সোণোৱালৰ পৰিৱৰ্তে পল্লৱ লোচন দাসকেই মন্ত্ৰীসভাত স্থান দিয়াব পাৰিব সেয়া নিশ্চিত। আৰু এয়াই যদি হয়, তেন্তে সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ আশাত যে চেঁচা পানা পৰিব সেয়া ধ্ৰুৰূপ।
Photo: Google




























Discussion about this post