একালৰ বৃন্দাবন, একালত পৰে ছন। ফটোখন চাওক, নিজৰ ফেচবুক প্ৰ’ফাইলত এই ফটোখন আপলোড কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই।
সোঁফালৰ পৰা ক্ৰমে মন্ত্ৰী কেশৱ মহন্ত, বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্ৰী অতুল বৰা আৰু একেবাৰে শেষত মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মা। কোঠাটোৰ চুক এটাত যেনে-তেনে থিয় হ’বলৈ ঠাই অকণ উলিয়াই লৈছে প্ৰাক্তন মন্ত্ৰী নৱ দলেই। বিধিৰ কি বিপাক, সৌ সিদিনালৈ বিষয়া, নিৰাপত্তা ৰক্ষী আদিয়ে আৱৰি ৰখা নৱ দলেৰ আজি বহিবলৈয়ো চকী এখন নাই।
Photo: Facebook





























Discussion about this post