মাদ্ৰাছা (Madrasa) সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) কঠোৰ সমালোচনা সাংসদ আব্দুল খালেকৰ (Abdul Khaleque)। বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত খালেকে কয়, ‘মাদ্ৰাছাক লৈ বহু বিভ্ৰান্তিকৰ মন্তব্য কৰি আছে মুখ্যমন্ত্ৰীয়ে। গীতাত চুই মুখ্যমন্ত্ৰীয়ে সঁচা কথা কওক ক’ত জেহাদী আছে। যদি সঁচাকৈয়ে মাদ্ৰাছা ল কায়দাৰ ঘাটি হৈছে, তেন্তে হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) দুৰ্বল মুখ্যমন্ত্ৰী। সৰ্বানন্দ সোণোৱালতকৈ হিমন্ত বিশ্ব শৰ্মা দুৰ্বল মুখ্যমন্ত্ৰী।’
অখণ্ড ভাৰতৰ কথা ক’লে শ্যমাপ্ৰসাদ মুখাৰ্জীয়ে কি কৰিছিল ক’ব লাগিব বুলি মন্তব্য কৰি খালেকে (Abdul Khaleque) কয়, ‘ভাৰত, পাকিস্তান, বাংলাদেশ যদি একত্ৰিত হয় তেন্তে বহুত ভাল হ’ব ভাৰতীয় মুছলমানৰ। বিজেপিয়ে (Bjp) বিয়পাই থকা ঘৃণাৰ অৱসান ঘটিব। হিমন্ত বিশ্ব শৰ্মা মাজে মাজে গোপীনাথ বৰদলৈ হ’বলৈ যায়। ডিজিপিয়ে কেনেকৈ মাদ্ৰাছাৰ পাঠ্যক্ৰমক লৈ বৈঠক পাতিব পাৰে, তেওঁ আইন শৃংখলাৰ বিষয়ে বৈঠক পাতক।’
আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুপ্ৰৱেশকাৰী বুলি অভিহিত কৰি সাংসদ আব্দুল খালেকে কয়, ‘মই যদি অনুপ্ৰৱেশকাৰী, তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও অনুপ্ৰৱেশকাৰী। কাৰণ তেওঁৰ পূৰ্বপুৰুষ কনৌজৰ পৰা আহিছে। মোৰো পূৰ্বপুৰুষ অবিভক্ত ভাৰতৰ পৰা অহা।’
Photo: Google




























Discussion about this post