মোৰ এনে লাগে, মোৰ মা-দেউতাৰ আৰ্শীবাদৰ ওপৰত বিশ্বাস আছে। মোৰ লগত মৰিয়নীবাসীৰ আৰ্শীবাদ। এচামে মোক দুষ্ট বুলি ভাৱে, এচামে বদমাচ বুলি ভাৱে কিন্তু এচামে জানে এইটো খুব মৰমিয়াল ল’ৰা। ইয়াৰ পৰা সদায় বিপদত সহায় পাইছো আৰু পাম। জাতি-ধৰ্ম পাৰ্থক্য নকৰা, ধনী-দুখীয়া নোচোৱা ৰূপজ্যোতি কুৰ্মী ধনু। ধনু বুলি মোক ভোট দিয়ে। ভগৱানৰ কৃপাত, মা-দেউতাৰ আৰ্শীবাদ মৰিয়নী পুনৰবাৰ জিকিম। সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।
“১০ জন ৰিপুন বৰা, ১০ জন ৰকিবুল হুছেইন, ১০ জন গৌৰৱ গগৈ বা ১০জন অখিল গগৈ আহিলেও মোক হৰুৱাব নোৱাৰে। মোৰ বিশ্বাস আছে, মই অহংকাৰ কৰা নাই। অখিল গগৈয়ে কৈছে বাকী সমষ্টি নাজানো, মৰিয়নী সমষ্টি ৰূপজ্যোতি কুৰ্মীক জিকিব নিদিও। ভগৱানে যদি জয়ী কৰাই দিয়ে, অখিল গগৈয়ে ক’ত হৰুৱাব পাৰিব। সকলোকে প্ৰত্যাহ্বান জনাই ৰূপজ্যোতিয়ে কয় যে প্ৰভুৱে বিচাৰিলে তেওঁক জয়ী হোৱাৰ পৰা কোনে বিৰত ৰাখিব পাৰিব!
নিজকে হাতীৰ সৈতে তুলনা কৰি ৰূপজ্যোতিয়ে কয়- ‘মই যথেষ্ট সহজ-সৰল। ৰাস্তাৰে হাতী গৈ থাকিলে কুকুৰে ভুকেই। এতিয়া মই হাতীৰ দৰে গৈ আছো, কুকুৰে ভুকিবয়ে। কোনে ভুকিছে, নাজানো মই। মোৰ এটাই লক্ষ্য আগলৈ চোৱা। বাওঁ-সোঁ-পাছফালৰ পৰা কুকুৰে ভুকিছে মই এইবিলাক নাজানো। মোৰ এটা লক্ষ্য মৰিয়নী সমষ্টিৰ উন্নয়ন, দ্বিতীয়টো লক্ষ্য হ’ব অসমৰ সন্তান হিচাপে, মই অসমৰ উন্নয়ন হওক।’
Photo: Khatang Khobor
Discussion about this post