মূল্যবৃদ্ধিয়ে (Price Hike In Assam) জুৰুলা কৰিছে ৰাজ্যৰ সাধাৰণ জনতাক। পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-ক’লা খুৱাইছে ৰাইজক। মূল্যবৃদ্ধিক লৈ শাসক-বিৰোধী সকলোৱে কৰি আছে বিভিন্নধৰণৰ মন্তব্য।
এইবাৰ দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই (BJP MLA Atul Bora) কৰিছে এক আজৱ মন্তব্য। অতুল বৰাই কয় যে সাধাৰণ জনতাই নহয়, মূল্যবৃদ্ধিৰ বাবে জুৰুলা হৈছে তেওঁ নিজেও। তেওঁ লগতে এইটোও পৰামৰ্শ দিয়ে যে যিবোৰ সামগ্ৰীৰ দাম বাঢ়িছে সেইবোৰ খাব নালাগে।
অতুল বৰাই কয়, ‘পিয়াঁজৰ দাম কমিছে, আলুৰ দাম বাঢ়িছে, গতিকে পিয়াঁজ ভাজি খাওক। আৰু যিটো সামগ্ৰীৰ দাম বাঢ়িছে সেয়া খাব নালাগে।’“চৰকাৰী পক্ষত আছোঁ বাবেই সকলো কথা খোলাখুলিকৈ ক’ব নোৱাৰোঁ’ বুলিও অকপটে স্বীকাৰ কৰে বিধায়কগৰাকীয়ে।
ঔষধৰ মূল্যবৃদ্ধিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অতুল বৰাই (BJP MLA Atul Bora) কয় যে- ‘মানুহে এল’পেথিক দৰৱ বেছিকৈ খায় বাবে ঔষধৰ দাম বাঢ়িছে। সেয়ে হোমিঅ’পেথিক দৰৱ ব্যৱহাৰ কৰক।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/astro-3-benefits-of-cardamom-read-story/8189/
Discussion about this post