ইলাচী (Cardamom) এবিধ সুগন্ধীৰে ভৰা মচলা। যিবিধ মচলাক চাহৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে ইলাচীক মুখৰোচক হিচাপেও ব্যৱহাৰ কৰে প্ৰায়ভাগে। ইয়াৰ লগতে ইয়াৰ বিভিন্ন গুণাগুণো আছে।
ইলাচীক (Cardamom) সুগন্ধি তেল, টুথপেষ্ট, চাবোন, প্ৰসাধন সামগ্ৰী, আতৰ, ধূপ আদি বিভিন্ন বস্তুত ব্যৱহাৰ কৰা হয়। পাৰম্পৰিক ঔষধ আৰু আয়ুৰ্বেদিক চিকিৎসাতো ইলাচীৰ ব্যৱহাৰ হৈ আহিছে। শালমইনাৰ সমস্যা, গেছ, এচিডিটি, কোষ্ঠকাঠিন্য, পেটৰ সমস্যা, হিকটি মৰা আদিয়ো ইলাচীয়ে দূৰ কৰে।
কিন্তু শাৰীৰিক সমস্যাৰ লগতে ই আপোনাক এজন ধনাঢ্য ব্যক্তিও (Rich Man) কৰি তুলিব পাৰে। জ্যোতিষ শাস্ত্ৰত ইয়াৰ ব্যৱহাৰ বহুত। কেৱল কৰিব লাগিব এই ৩টা কাম
সঞ্চয়ত লাভালাভ– যদি আপোনাৰ উপাৰ্জন আছে কিন্তু জমাধন নাই, অর্থাৎ খৰচ অধিক, কিন্তু জমা কৰিব নোৱাৰে, তেন্তে যি ঠাইত টকা ৰাখে তাত ৫টা সেউজীয়া ইলাচী (Cardamom) থৈ দিয়ক। জ্যোতিষ শাস্ত্ৰ মতে এনে কৰিলে উপাৰ্জন বৃদ্ধিৰ লগতে সঞ্চয়তো সহায়ক বুলি ধৰা হয় ।
দৰিদ্ৰতা আঁতৰ কৰে– দৰিদ্ৰতা দূৰ কৰিবৰ বাবে দৰিদ্ৰ অসহায় লোক বা কিন্নৰক মুদ্ৰাৰ লগতে এটা ইলাচী (Cardamom) প্ৰদান কৰক। বিশ্বাস কৰা হয় যে, এনে কৰিলে ঘৰৰ পৰা দৰিদ্ৰতা আঁতৰ হয় ।
কৰ্মক্ষেত্ৰত পদোন্নতিত সহায়ক– কৰ্মক্ষেত্ৰত পদোন্নতি বিচাৰিলে এখন সেউজীয়া কাপোৰত ইলাচী (Cardamom) বান্ধি নিশা টোপোলাটো গাৰুৰ তলত লৈ শুৱক। পুৱা উঠি যি কোনো লোককে টোপোলাটো দি দিব। এনে কৰিলে পদোন্নতিৰ সম্ভাৱনা।
Photo: Google
Discussion about this post