বিজেপি মন্ত্ৰী (BJP Minister) পীযুষ হাজৰিকাই (Pijush Hazarika) দাবী কৰিলে- কংগ্ৰেছৰ (Congress) ৮০ শতাংশই চোৰ-ডকাইত বা তেনে লোকৰ বংশধৰ। ধেমাজিত (Dhemaji) এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। কিছুদিন পূৰ্বে নগাঁৱত এনকাউণ্টাৰৰ নামত এজন যুৱকক আৰক্ষীয়ে গুলীবিদ্ধ কৰাৰ ঘটনা সংঘটিত হৈছিল। মাতৃৰ বাবে ঔষধ আনিবলৈ যোৱা কীৰ্তি কমল বৰা নামৰ প্ৰাক্তন ছাত্ৰ নেতাজনক ঘৰৰ নিচেই সমীপতে আৰক্ষীয়ে গুলীবিদ্ধ কৰিছিল। যাৰ ফলত বৰ্তমানো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে কীৰ্তিকমল।
ৰাজ্যত সৃষ্টি হোৱা এনে অৰাজকতাপূৰ্ণ পৰিৱেশৰ বিৰুদ্ধে মাত মাতি গণতন্ত্ৰ দিৱসৰ দিনা এটা স্বৰচিত কবিতা পাঠ কৰি সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীক সমালোচনা কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই “মই ফায়াৰ ব্ৰিগেড হম” শীৰ্ষক কবিতাটো আওৰাই কৈছিল- মুখ্যমন্ত্ৰীয়ে য’ত য’ত জুই জ্বলাব, তাত ভূপেন বৰাই ফায়াৰ ব্ৰিগেড হৈ জুই নুমুৱাব।
ভূপেন বৰাৰ এই মন্তব্যক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika) প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- ভূপেন বৰা (Bhupen Borah) পানী নথকা ফায়াৰ ব্ৰিগেড। সেই সময়তে ভূপেন বৰাৰ (Bhupen Borah) মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে গোটেই কংগ্ৰেছ দলটোকে (প্ৰায় ৮০ শতাংশ বুলি তেওঁ মন্তব্য কৰে) চোৰ-ডকাইতৰে ভৰপূৰ বুলিও দাবী কৰে। হাজৰিকাৰ মতে, কংগ্ৰেছৰ অৱশিষ্ট প্ৰায় ৮০ শতাংশই চোৰ-ডকাইত বা তেনে লোকৰ বংশধৰ। সেয়েহে চৰকাৰে যেতিয়া অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়া ভূপেন বৰাই হত্যাকাৰী-ধৰ্ষণকাৰীৰ পৰা প্ৰেছাৰ পাই সিহঁতক বচাবলৈ চাৰ্ট খুলি, উলংগ হৈ আন্দোলন কৰে।
আনহাতে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি মানি, তেঁও মন্ত্ৰী হৈ থকাপৰ্যন্ত জলসম্পদ বিভাগত কোনো ধৰণৰ দুৰ্নীতি হ’বলৈ নিদিয়ে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ইফালে মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মন্তব্যত প্ৰত্যাক্ৰমণ APCCৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য (Apurba Bhattacharya)ৰ। অপূৰ্ব ভট্টাচাৰ্যই কয়, “চোৰ, ডকাইত, হত্যাকাৰীৰে ভৰি আছে বিজেপি দল। বিজেপিত আছে পাঞ্জাৱ নেচনেল বেংকৰ ডকাইত। ইভিএম চোৰ, কয়লা চোৰ, মাটিৰ দালালেৰে ভৰি আছে বিজেপি।”
মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika)কো আক্ৰমণৰ লক্ষ্য কৰি ল’লে অপূৰ্ব ভট্টাচাৰ্যই। পীযুষে ওপৰলৈ থুৱালে, নিজৰ মুখতে পৰিলে বুলি তীৰ্যক মন্তব্য কৰে কংগ্ৰেছ নেতাজনে।
Photo: Google
Discussion about this post