পৌৰসভা নিৰ্বাচনলৈ (Municipal Election) মাজত মাত্ৰ কেইটামান দিন! শিৱসাগৰত (Sivasagar) অখিল গগৈৰ বাবে যেন মূৰৰ কামোৰণি হৈছে মন্ত্ৰী পীয়ুষ হাজৰিকা (Pijush Hazarika)। পৌৰসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰত অখিল গগৈৰ মূৰৰ কামোৰণিত পৰিণত হৈছে বিজেপি। পোন প্ৰথমবাৰৰ বাবে পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হোৱা ৰাইজৰ দলক প্ৰত্যাহ্বান জনাবলৈ বুধবাৰে শিৱসাগৰত ৭খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই। সংগ দিয়ে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে।
বিধানসভা নিৰ্বাচনত কৰা ভুল পুনৰাবৃত্তি নকৰিবৰ বাৰে আহ্বান মন্ত্ৰীগৰাকীৰ । কেন্দ্ৰ আৰু ৰাজ্য সকলোতে বিজেপি চৰকাৰ গতিকে অখিল গগৈয়ে কোনো ধৰণৰ উন্নয়ন নকৰে আৰু কৰিব নোৱাৰে শিৱসাগৰত। এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। ‘আমাক শিৱসাগৰ পৌৰসভাখন দিয়ক আৰু আমি শিৱসাগৰ নগৰখন অন্য জিলাতকৈ এখন জাকতজিলিকা নগৰ কৰি তুলিম বুলি’- শিৱসাগৰত (Sivasagar) এই মন্তব্য পীয়ুষ হাজৰিকাৰ (Pijush Hazarika)।
লগতে তেওঁ কয় যে- ‘শিৱসাগৰৰ ১০টা ৱাৰ্ডতে বিজেপিয়ে জয় লাভ কৰিব। এই কথা গ্যেৰেণ্টী। ‘কাকো ভয় ভাবুকি দিয়াৰ প্ৰয়োজন নাই, খেলিবলৈয়ে মানুহ নাই কংগ্ৰেছৰ। বৰ্তমান কংগ্ৰেছত যি কেইজন আছে অলপ মৰম কৰিলেই যোগদান কৰিব বিজেপিত।’
Photo & Input: দ্বীপজোতি গগৈ
Discussion about this post