‘আমি এটা ডাঙৰ কেলেংকাৰী কৰিলো। আমাৰ ডাঙৰ ভুল হৈ গ’ল। এইবুলি কৈ অসমৰ ৰাইজক মুকলিকৈ ক্ষমা খোজক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) পত্নী আৰু পুত্ৰই। ক্ষমা খুজি চৰকাৰক ঘূৰাই দিয়ক তেওঁলোকে বে-আইনীভাৱে ক্ৰয় কৰা মাটি। অন্যথা ভাৰতীয় দণ্ডবিধিৰ ৪২০ ধাৰাত গ্ৰেপ্তাৰ হ’ব মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰও। শুকুৰবাৰে সংবাদমেলত এই দাবী
শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।
মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ (Riniki Bhuyan Sarma) বিৰুদ্ধে উত্থাপিত হোৱা চৰকাৰী ভূমি কেলেংকাৰীক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বিষয়টোক লৈ সংবাদমেলত সৰৱ হ’ল অখিল গগৈ। কেলেংকাৰীটোক লৈ মুখ্যমন্ত্ৰীক মুকলি বিতৰ্কৰ বাবেও প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে (Akhil Gogoi)।
The Wire আৰু The Cross Currentনামৰ সংবাদ প্ৰতিষ্ঠান দুটাৰ তথ্যভিত্তিক বাতৰিৰ আঁত ধৰি এই কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈছিল ৰাইজৰ দল। সুকীয়া সুকীয়াকৈ সংবাদমেল পাতি ভূমি কেলেংকাৰীৰ তদন্তৰ দাবী তুলিছিল বিৰোধী দল কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদেও।
কিন্তু বিস্ফোৰক এই অভিযোগৰ তথ্য প্ৰমান দাখিল কৰাৰ পিছটো মূল সূঁতিৰ সংবাদ প্ৰতিষ্ঠানে সম্প্ৰচাৰ কৰা নাছিল বাতৰি। সেয়েহে শুকুৰবাৰে আৰু অধিক তথ্য লৈ সংবাদমাধ্যমৰ কাষ চাপিল অখিল গগৈ। কেনেকৈ সংঘটিত হৈছিল এই ভূমি কেলেংকাৰী। কেলেংকাৰীৰ A to Z তথ্য দাঙি ধৰিলে বিধায়ক অখিল গগৈয়ে।
ইফালে গুৰুত্বপূৰ্ণ এই অভিযোগক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া এনেধৰণৰ। বিষয়টো গুৰুত্বপূৰ্ণ কিন্তু মুখ্যমন্ত্ৰীৰ কথাই দিলে আমোদ। মুখ্য়মন্ত্ৰীয়ে অখিল গগৈৰ নাম উচ্চাৰণ নকৰাকৈ ক’লে- ‘হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ইমান কঠোৰ মানুহ, মোৰ কাষলৈ হিমালয় আহিলেও ভাঙি দিম। চিন্তা কৰিব নালাগে। এইবিলাক অভিযোগে আগতেও পেলাব পৰা নাই, এতিয়াও নোৱাৰে। খালি মোৰ এটাই দুখ মোৰ লগত যুঁজিব লাগে। ছোৱালী আৰু ঘৈনীয়েকৰ লগত যুঁজিব নালাগে। যি পুৰুষ হয়, যাৰ সাহস আছে মোৰ লগত যুঁজক। মোৰ পত্নী-পুত্ৰৰ লগত যুঁজি কি হ’ব। সদায় মোৰ ঘৈনীৰ লগত লাগি থাকে। বেলেগ একো কাম নাই। ২০০৯ৰ পৰা খালি মোৰ ঘৈনীৰ ওপৰত চকু। ইমানেই দেখা-শুনাই বেয়া নেকি যে তাইৰ ওপৰতে চকু। এই মানুহজনৰ জীৱনটোত কি আছে নাজানো। খালি মোৰ ঘৈনীজনীৰ পিছত লাগি থাকে।’
Photo: Google
Discussion about this post