ভৱানীপুৰ সমষ্টিৰ সাউদৰভিঠাত বিজেপি দলৰ মনোনিত প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ (Phanidhar Talukdar) নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)।
‘পদুমক ভোট দিলে ২৬ লিটাৰ গাখীৰ দিব পৰা গাই পাব। চৰকাৰে দানাৰ ব্যৱস্থা কৰিব আৰু গাখীৰৰ খৰচ ফণীধৰ তালুকদাৰে (Phanidhar Talukdar) ৰাইজক দিব।’- এই প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী শৰ্মাই।
হিমন্ত বিশ্ব শৰ্মা-
কংগ্ৰেছ- এআইইউডিএফক (AIUDF) ভোট দিলে পকেটৰ পৰা দানা দিব লাগিব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। বিগত নিৰ্বাচনত সমগ্ৰ অসমত ৭৫খন আসন লাভ কৰিছিলো যদিও ভৱানীপুৰ সমষ্টিটো বিৰোধীৰ পক্ষত থকা বাবে অসন্তুষ্ট হৈ আছো।
অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi) কংগ্ৰেছৰ (Congress) হৈ প্ৰচাৰ চলোৱা কাৰ্যক মুখ্যমন্ত্ৰী গৰাকীৰ কটাক্ষ “যি শক্তিয়ে গৰুখুটিত খিলঞ্জীয়া মানুহক বিৰোধিতা কৰে। যিসকল মানুহে অসমৰ স্বাৰ্থৰ বিপৰীতে কাম কৰিছে তেওঁলোকৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিব আহি জাতীয় পৰিষদে প্ৰমাণ কৰি দিলে যে তেওলোকে ক্ষমতাৰ বাবে হাত মিলাব পাৰে।”
বদৰুদ্দিন আজমলে (Badaruddin Ajmal) পদুম ফুলত দুৰ্গন্ধ দেখে আৰু আতৰত সুগন্ধ দেখে। এক টকাৰো ঘোচ নোহোৱাকৈ ভাগিনসকলক চাকৰিৰ সুযোগ দিম। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।
শ্বহীদ খৰ্গেশ্বৰে শিক্ষালাভ কৰা দক্ষিণ বিজনী আদৰ্শ বিদ্যাপীঠ হাইস্কুলক উন্নীতকৰণৰ বাবে তিনি কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। বিজেপি নেতা ধ্ৰুৱজ্যোতি দাসে আঁত ধৰা সভাখনত লগতে উপস্থিত থাকে প্ৰাৰ্থী ফণীধৰ তালুকদাৰ, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ উপ-সভাপতি জয়ন্ত দাস, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিধায়ক ভূপেন বড়ো, পৰমানন্দ ৰাজবংশীকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে।
Photo & Input: জাহিৰুল ইছলাম
Discussion about this post