ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে অতিৰিক্ত চুটি মঞ্জুৰ কৰিছে ৰাজ্য চৰকাৰে (State employees to get additional leave)। আজি বঙাইগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) চৰকাৰী কৰ্মচাৰীৰ বাবে অতিৰিক্ত চুটি ঘোষণা কৰে এক সংবাদমেলযোগে।
বঙাইগাঁৱৰ কেবিনেটত (Bongaigaon Cabinet) গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শহুৰৰ ঘৰলৈ যাবলৈ জোঁৱাইকে পাব দুদিনৰ ছুটি। পিতৃ-মাতৃক লগ পাবলৈয়ো ছুটি দিব চৰকাৰে। সমাজৰ সৰ্বস্তৰৰ লোকৰেই কথা ভৱা হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) চৰকাৰে চিন্তা কৰিছে চাকৰিয়াল জোৱাইসকলৰ কথাও। আপুনি চৰকাৰী চাকৰিয়াল। শহুৰৰ ঘৰলৈ যাবলৈ ছুটি নাপায় আপুনি। আপোনাৰ দৰে চাকৰিয়ালৰ কথা ভাবিয়েই অসম চৰকাৰৰ কেবিনেটে বঙাইগাঁৱত (Assam cabinet in Bongaigaon) ল’লে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
সেই অনুযায়ী অহা ৬ আৰু ৭ জানুৱাৰীত অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰিব অতিৰিক্ত ছুটী। আনহাতে ৮ আৰু ৯ জানুৱাৰী শনিবাৰ-দেওবাৰ হোৱা বাবে চৰকাৰী কৰ্মচাৰীয়ে ৪ দিনৰ বাবে বন্ধ পাব।
৬ জানুৱাৰী,বৃহস্পতিবাৰA
৭ জানুবাৰী,শুকুৰবাৰ
৮ জানুবাৰী, দ্বিতীয়টো শনিবাৰ
৯ জানুৱাৰী, দেওবাৰ
৮ আৰু ৯, ৰুটিন মাফিক ছুটি চৰকাৰী কৰ্মচাৰীৰ। এই দুটা দিনৰ লগতে ৬ আৰু ৭ তাৰিখেও অতিৰিক্ত চুক্তি মঞ্জুৰ ৰাজ্যিক কৰ্মচাৰীলৈ।
চৰকাৰী কৰ্মচাৰীৰৰ ছুটিৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈকে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)চৰকাৰৰ। বুধবাৰৰ বঙাইগাঁৱৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি সলনি হ’ব ৰাজ্যৰ শিক্ষা ব্যৱস্থা। নতুন শিক্ষা ব্যৱস্থাত থাকিব 5+3+3+4 । ৰাষ্ট্ৰীয় শিক্ষা নীতিক অনুকৰণ কৰি সজোৱা হ’ব ৰাজ্যৰ শিক্ষা ব্যৱস্থা। ২০২৩ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা প্ৰস্তাৱিত এই নতুন শিক্ষা নীতি মতে চলিব ৰাজ্যৰ শিক্ষা ব্যৱস্থা।
নোহোৱা হ’ব নাৰ্ছাৰী-কে জি-প্ৰাইমেৰী-আপাৰ প্ৰাইমেৰী -ক্লাছ ৱান আৰু ক্লাছ টু। নাৰ্ছাৰীৰ পৰা ক্লাছ টু লৈকে এই গোটেইখিনিক সামৰি প্ৰথম পাঁচটা বছৰক কোৱা হ’ব ফাউণ্ডেশ্যন বুলি।
বৰ্তমানৰ তৃতীয়-চতুৰ্থ আৰু পঞ্চম শ্ৰেণীকেইটা। নতুন শিক্ষা ব্যৱস্থাত হ’বগৈ ষষ্ঠ-সপ্তম আৰু অষ্টম শ্ৰেণী। ষষ্ঠৰ পৰা অষ্টমলৈ এই তিনিটা শ্ৰেণীক কোৱা হ’ব প্ৰস্তুতি পৰ্ব। বৰ্তমানৰ ষষ্ঠ সপ্তম আৰু অষ্টম হৈ পৰিব মধ্যম বৰ্গ। নৱম দশম একাদশ আৰু দ্বাদশক সামৰি হ’ব হাইস্কুল। 5+3+3+4 গঠনৰ ভিত্তিত ১৫টা শ্ৰেণীৰে সজোৱা হ’ব স্কুলীয়া শিক্ষা।
Photo: Twitter
আৰু পঢ়কঃ https://khatangkhobor.com/news/shame-minor-girl-rape-by-youth-at-bongaigaon-in-assam/4684/
Discussion about this post