‘বিজেপিত (Bjp) থাকি সকলো বিষয়তে মাত মাতিব নোৱাৰি; সকলো কথাৰ বিৰোধিতা কৰাটো দেখাটো বেয়া, শুনাটো বেয়া’- এই মন্তব্য দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ (Dispur Constituency Mla Atul Bora)। ষ্টেণ্ডাৰ্ড ডে’ৰ (Standard Day) দিনা বিজেপি বিধায়কৰূপে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগিব বুলিও কয় বিধায়কগৰাকীয়ে।
চিটি বাছৰ ভাড়া বৃদ্ধি প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অতুল বৰাই কয় যে (Mla Atul Bora Reaction On Bus Fare)– ‘সকলো বিষয়তে বিজেপিত থাকি মাত মাতিব নোৱাৰি। বিজেপিৰ বিধায়ক হৈ সকলো কথাৰ বিৰোধিতা কৰাটো দেখাটো বেয়া, শুনাটো বেয়া আৰু লগতে মোৰ সমৰ্থকসকলেও বেয়া পাব।’
সংবাদ মাধ্যমৰ সন্মুখত তেওঁ লগতে কয় যে- ‘মই থাকিলে এটা ইছ্যুৰ বাবে ২ বা ৩ দিন কেবিনেট বহিবলগীয়া হয়। কিন্তু মই নাথাকিলে ৫-১০ মিনিটৰ ভিতৰতে কেবিনেট শেষ হৈ যায়। যিমানেই ডাঙৰ ইছ্যু নহওক কিয়। কোনো নামাতে, মোক আহি ফনী চৌধুৰীয়ে কয় অতুল দা আপুনি অলপ দেৰিকে গ’ল।
অন্যহাতে তেওঁ কয় যে কোনো চৰকাৰেই সম্পূৰ্ণ পাৰফেক্ট হ’ব নোৱাৰে। চৰকাৰৰ ব্যৰ্থতা অলপ অচৰপ থাকিবই বুলিও মন্তব্য কৰে শাসকীয় দলৰ বিধায়ক অতুল বৰাই।
Photo: Google
Discussion about this post