বিগত কিছুদিন ধৰি বটদ্ৰৱা কাণ্ডক (Batadrava Police Station Burning Case) লৈ ৰাজ্যজুৰি অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া। একাংশ দুস্কৃতিকাৰীয়ে বটদ্ৰৱা থানা জ্বলাই দিয়াৰ লগতে আৰক্ষীৰ জিম্মাত এজন অভিযুক্তৰ মৃত্যুক লৈও বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। শেহতীয়াকৈ বটদ্ৰৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড আছিকূল ইছলামে (Batadrava Case Master Mind) আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰাৰ সময়ত সংঘটিত মৃত্যুক লৈ সৰৱ হৈ পৰিছে বিৰোধী।
আৰক্ষীৰ জিম্মাত এজন অভিযুক্তৰ মৃত্যু আৰু নিশা আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা চলাওতেই বটদ্ৰৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড আছিকূল ইছলামৰ মৃত্যু হোৱাৰ ঘটনাক অসমত আৰক্ষী ৰাজৰ পৰিণতি বুলি অভিহিত কৰিছে বিৰোধীয়ে।
এই সকলোৰে মাজতে বটদ্ৰৱা কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এআইইউডিএফৰ (AIUDF) মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে (Badruddin Ajmal) কয় যে এনে ঘটনা কেৱল আৰক্ষীৰ স্বৈৰাছাৰিতাৰ প্ৰদৰ্শন। আৰক্ষীৰ বাহনৰ পৰা এজন হেণ্ডকাফ লগোৱা অপৰাধীয়ে কিদৰে জাপ মাৰি নামি আহিব পাৰে বুলি প্ৰশ্ন কৰি বদৰুদ্দিন আজমলে কয়, ‘দাল মে কুছ কালা হ্যে’।
এজন অপৰাধীয়ে আৰক্ষীৰ গাড়ীৰ পৰা জঁপিওৱা আৰু সেই সময়তে পিছফালৰ পৰা অহা আন এখন গাড়ীয়ে খুন্দা মৰাৰ যি দাবী আৰক্ষীয়ে কৰিছে, সেয়া কেতিয়াও মানি ল’ব নোৱাৰি বুলি মন্তব্য কৰি সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰে আজমলে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-lychee-benefits-for-health-see-list/9454/
Discussion about this post