জেহাদীৰ (Jihadi) ঘাটি ৰূপে পৰিচালিত হোৱা মাদ্ৰাছা ভাঙি পেলোৱাৰ অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ আছে বহু কেইগৰাকী বিৰোধী বিধায়ক। কংগ্ৰেছৰ-AIUDFৰ কেইবাগৰাকীও বিধায়কে (MLA) চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে।
এই সকলোৰে মাজতে মাদ্ৰাছা আৰু জেহাদী সন্ত্ৰাসবাদ প্ৰসংগত পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ তথা AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে (Badruddin Ajmal)।
ANIৰ সৈতে বাৰ্তালাপৰ সময়ত মাদ্ৰাছা ভাঙি পেলোৱাক লৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে (Badruddin Ajmal) কয় যে জেহাদী বা সন্ত্ৰাসবাদক (Jihadi Terrorist) কোনো ধৰ্মৰ সৈতে সংপৃক্ত কৰা উচিত নহয়। সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাথাকে।
লগতে তেওঁ কয় যে দাঢ়ি, টুপি থাকিলেও সকলো মুছলমান জেহাদী নহয় বা সন্ত্ৰাসবাদী নহয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামত হিন্দুৰ সমান্তৰালভাবে মুছলমানৰো অৰিহণা আছে।
#WATCH | Guwahati:AIUDF chief says, "…India's money is with FM. How will she know how much a person spends to buy? No inflation for any Min. BJP MPs should ask their wives how're they running the kitchen. Govt should take note otherwise inflation will eat up their Govt in 2024" pic.twitter.com/B1Tk4IChwZ
— ANI (@ANI) August 6, 2022
AIUDFৰ মুৰব্বীগৰাকীয়ে কয়, ‘যদি মছজিদৰ ভিতৰত এজন চোৰ সোমাই জোতা চুৰি কৰে। তেন্তে ইয়াৰ অৰ্থ এয়া নহয় যে মছজিদত নামাজ আদায় কৰা সকলো মুছলমানেই জোতা চোৰ হৈ পৰিব।’
বদৰুদ্দিন আজমলে (Badruddin Ajmal) কয় যে যদি মাদ্ৰাছাত বেয়া উপাদান পোৱা যায়, তেন্তে তেওঁলোকৰ প্ৰতি আমাৰ কোনো সহানুভূতি নাই। চৰকাৰে এনে উপাদানবোৰ য’তেই বিচাৰি পায় তাক গুলীয়াব লাগে। যদি মাদ্ৰাছাত ১-২ জন বেয়া শিক্ষক পোৱা যায়, চৰকাৰে তেওঁলোকক আটক কৰা উচিত।
Photo: Google
Discussion about this post