অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ (Indian Youth Congress) উপ–সভাপতি অংকিতা দত্তক (Ankita Dutta) অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতিৰ (New President) দায়িত্ব অৰ্পণ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে। অসমৰ যুৱ নেত্ৰী ড০ অংকিতা দত্ত (Ankita Dutta) অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ জ্যেষ্ঠ জিয়ৰী। যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পূৰ্বে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভানেত্ৰীৰ দায়িত্বত আছিল অংকিতা দত্ত (Ankita Dutta) ।
চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনত আমগুৰি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল অংকিতাই, পিছে কংগ্ৰেছৰ প্ৰাৰ্থী (Congress) অংকিতা পৰাস্ত হৈছিল নিৰ্বাচনত।

ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে ৰাতুল পাটোৱাৰীক।
ধৰ্মপুৰ বিধানসভা সমষ্টিৰ পৰা ৰাতুল পাটোৱাৰীয়ে কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰি পৰাস্ত হৈছিল।
পিতৃৰ পদাংক অনুসৰণ কৰি ৰাজনীতিত ভৰি দিয়া অংকিতাক হাইকামাণ্ডে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ (Indian Youth Congress) সভাপতিৰ দায়িত্ব দিয়াৰ বাবে তেওঁক অভিনন্দন জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
Photo: Google




























Discussion about this post