‘আজি ৰাইজৰ দলে প্ৰস্তাৱ গ্ৰহণ কৰিছে যে, বিধানসভাত অহা ১৩ আগষ্টত যি অধিৱেশন শেষ হ’ব। ১৩ আগষ্টৰ ভিতৰত ক’ভিড মহামাৰী আৰু লকডাউনৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত হোৱা অসমৰ সকলো শ্ৰেণীৰ নাগৰিক, সকলো শ্ৰেণীৰ খেতিয়ক, দৈনিক মজুৰি কৰা মানুহৰ পৰা একেবাৰ হোটেল ইণ্ডাষ্ট্ৰিলৈকে, অটো চালকৰ পৰা কেব চালকলৈ, সকলোকে ক্ষতিপূৰণ দিব পৰা এটা পেকেজ ঘোষণা কৰিব লাগে।’- সংবাদমেলত এই আহ্বান শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।
১৩ আগষ্টৰ পূৰ্বে যদি অসম বিধানসভাৰ ভিতৰত ক্ষতিপূৰণৰ ব্যৱস্থা নকৰে তেন্তে ৰাইজৰ দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে বিধায়কগৰাকীয়ে।
প্ৰতিগৰাকী যোগ্য নাগৰিকক ৩০ অক্টোবৰৰ ভিতৰত ক’ভিড ভেকচিৱ প্ৰদান কৰা কাম শেষ কৰিব লাগে। যদি এই কাম শেষ নকৰে ৩০ অক্টোবৰৰ ভিতৰত তেন্তে ৰাইজৰ দলে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব। এই কথা ঘোষণা কৰিব অখিল গগৈয়ে।
সংবাদমেলত বদৰুদ্দিন আজমল আৰু AIUDFৰ বিৰুদ্ধে সৰৱ অখিল গগৈ। AIUDFএ আজিলৈকে মুছলমানসকলৰ বাবে কি কৰিলে বুলি সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে।
NRC, D Voter আৰু Detention Campক লৈ কি কৰিলে AIUDF-এ। এই বুলি প্ৰশ্ন গগৈৰ। ‘আজমলে সাঁচি খেতিৰ ওপৰত থকা বাধা ঠিকেই আঁতৰালে। আজমলে নিজৰ ব্যৱসায়ৰ সাঁচিৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল’লে।’- সংবাদমেলত বদৰুদ্দিন আজমলক কটাক্ষ অখিল গগৈৰ।
‘ৰাইজৰ দলত অখিল গগৈ থকালৈ AIUDF-BJPৰ লগত বুজাবুজি নহয়। উপ নিৰ্বাচনত ৰাজ্যৰ সকলো বিৰোধী শক্তি এক হোৱাৰ প্ৰস্তাৱ ৰাইজৰ দলৰ। এই বিৰোধী ঐক্যত কোনো কাৰণতে নাথাকে AIUDF। কংগ্ৰেছ-জাতীয় পৰিষদ-চি পি আই -চি পি এম সকলো থাকিব বিৰোধী ঐক্যত’- সংবাদমেলত ঘোষণা শিৱসাগৰৰ বিধায়কগৰাকীৰ।
Photo: Khatang Khobor
Discussion about this post