প্ৰথমবাৰৰ বাবে সংসদত ভাষণ দি বিতৰ্কত লিপ্ত হৈ পৰিছে পশ্চিমবংগৰ তামলুকৰ বিজেপি সাংসদ অভিজিৎ গংগোপাধ্যায়। বাজেট সন্দৰ্ভত বিতৰ্কৰ সময়ত অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ সৈতে তীব্ৰ তৰ্কত লিপ্ত হয় সাংসদ অভিজিৎ গংগোপাধ্যায় । সেই সময়ত বিজেপিৰ সাংসদজনে ‘ষ্টুপিড’ শব্দটো ব্যৱহাৰ কৰিছিল।
মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰে। বুধবাৰে সংসদত তাক লৈ আলোচনা অনুষ্ঠিত হয়। বিৰোধীয়ে দাবী কৰে যে বাজেট ইমান জনপ্ৰিয় নহয়। সাংসদ হোৱাৰ পিছত বিজেপিৰ সাংসদ অভিজিৎ গংগোপাধ্যায়েও প্ৰথমবাৰৰ বাবে বাজেট আলোচনা সভাত ভাষণ দিয়ে
তেওঁৰ ভাষণৰ সময়ত বিৰোধী শিবিৰৰ পৰা বিভিন্ন মন্তব্য আৰম্ভ হৈছিল। সেই কথাতেই প্ৰাক্তন ন্যায়াধীশজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। হঠাতে তেওঁ ‘ষ্টুপিড’ শব্দটো ব্যৱহাৰ কৰিলে। যাৰ অৰ্থ ‘মূৰ্খ’। ইয়াৰ পিছতে ৰাহুল গান্ধীক সমালোচনা কৰি বিজেপি সাংসদগৰাকীয়ে কয় যে, “ৰাহুল গান্ধীয়ে ভগৱান শিৱৰ আশ্ৰয় লোৱাৰ পৰিৱৰ্তে মানুহৰ আশ্ৰয় লোৱা উচিত।”
তাতেই কংগ্ৰেছৰ সাংসদসকল উত্তেজিত হৈ পৰিল। প্ৰতিবাদ কৰিবলৈ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ সৈতে অভিজিত তৰ্ক-বিতৰ্কত লিপ্ত হয়। তেওঁ কয়, “ভগৱানেও নাজানে, গান্ধীয়েও নাজানে। ষ্টুপিড দৰে কথা নকব।”
‘ষ্টুপিড’ হ’ল এটা অসংসদীয় শব্দ। বিৰোধীয়ে অধ্যক্ষ ওম বিৰলাক লোকসভাৰ কাৰ্য্যবিৱৰণীৰ পৰা এই শব্দটো আঁতৰাই দিবলৈ দাবী জনায়। প্ৰথমে বিবেচনাৰ আশ্বাস দিয়ে। আৰু পিছত অধ্যক্ষই সেয়া বাদ দিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে অভিজিৎ গংগোপাধ্যায় কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সময়তে তেখেতে ন্যায়াধীশ পদৰ পৰা পদত্যাগ কৰে। আৰু কিছুদিন পিছত বিজেপি দলত যোগদান কৰে । বিজেপিয়ে লোকসভা নিৰ্বাচনত তেওঁক তামলুকৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ।
Discussion about this post