সোণাপুৰৰ উচ্ছেদক লৈ ৰাজ্যজুৰি শাসকীয় আৰু বিৰোধীৰ মাজত এই বিষয়ক লৈ তীব্ৰ বাকযুদ্ধ চলি আছে । তাৰ মাজতে পীযুষ হাজৰীকাই কংগ্ৰেছক ধিক্কাৰ দিলে । উচ্ছেদৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছ দলক ধিক্কাৰ দিলে পীযুষ হাজৰীকাই । কংগ্ৰেছ জনজাতি বিৰোধী বুলিও ইংগিত দিলে পীযুষ হাজৰীকাই । যাৰবাবে তেওঁ অসমৰ সকলো জনজাতীয় লোকক ক্ষমা খুজিবলৈ কংগ্ৰেছক আহ্বান জনায় । নগাঁৱৰ চামগুৰিত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
তেওঁ কয়,” কংগ্ৰেছ দল আচলতে জনজাতি বিৰোধী হয় নে নহয় ? সোণাপুৰৰ উচ্ছেদ ন্যায়সংগতভাৱে হৈছে । কোনো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত নাগৰিক থাকিব নোৱাৰে । কংগ্ৰেছে ইয়াক বেআইনী বুলি কোৱাৰ বাবে ধিক্কাৰ দিছো । জনজাতীয় লোকসকলৰ প্ৰতি যদি অলপো মৰম আছে মই কংগ্ৰেছৰ নেতাসকলক অসমৰ সকলো জনজাতীয় লোকক ক্ষমা খুজিবলৈ অনুৰোধ জনাইছো ।”
Discussion about this post