সৌ সিদিনা পেট্ৰ’লৰ মূল্য বৃদ্ধি হোৱাক লৈ ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাই দিছিল অদ্ভূট ফৰ্মূলা। পেট্ৰ’লৰ দাম কমিবলৈ তেওঁ ৰাইজক আহ্বান জনাইছিল যে- “এখন বাইকত তিনিজনকৈ উঠিব লাগে ৷ গাড়ীৰ ব্যৱহাৰ কমাব লাগে ৷ নহ’লে পেট্ৰ’ল-ডিজেলৰ দাম নকমিব ৷” লগতে সাংবাদিকক চাইকেল চলাই বাতৰি সংগ্ৰহ কৰিবলৈও আহ্বান জনাইছিল ভৱেশ কলিতা (BJP President Bhabesh Kalita)ই ৷ এখন বাইকত তিনিজনকৈ উঠক। প্ৰয়োজনত বাইকত তিনিজন উঠিলে পুলিচে ফাইন লোৱা ব্যৱস্থাটোও সলনি কৰিব লাগিব।” এই আহ্বান আছিল কলিতাৰ।
অতুল দাসৰ ভাষ্য-
কিন্তু এতিয়া সেই অনুপ্ৰেৰণাত ধিঙৰ যুৱকে নিৰ্মাণ কৰিলে ৩জন নহয় ৪জন উঠিব পৰা বিশেষ বাইক। পেট্ৰ’লৰ (Petrol) দাম চেঞ্চুৰী পাৰ হোৱাৰ পিছতেই ধিঙৰ এজন যুৱকে নিৰ্মাণ কৰিলে এই বাইকখন।
ধিং (Dhing) চাৰিআলিৰ অতুল দাস নামৰ এইজন যুৱকে নিৰ্মাণ কৰিছে এক আকৰ্ষণীয় বাইক (Bike)। অতুল দাস নামৰ যুৱকজন পেছাত এজন মটৰচাইকেল মেকানিক হোৱাৰ লগতে তেওঁ ধিং চাৰিআলিত এ,ডি অটমোবাইলছ নামৰ এটি ক্ষুদ্ৰ গেৰেজৰ স্বত্বাধিকাৰী।
যুৱকজনে কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে নিজ প্ৰচেষ্টাত সুদীৰ্ঘ তিনি বছৰৰ অন্তত সাজি উলিয়ালে এই মটৰ চাইকেলখন যুৱকজনৰ এই সফল আৱিষ্কাৰক অঞ্চলবাসীয়ে যথেষ্ঠ প্ৰশংসা কৰে।
Photo: ছাইদুল ইছলাম
Discussion about this post