মধ্যপ্ৰদেশৰ (Madhyapradesh) অনুপপুৰ জিলাত এজন লোকে ১৭ বছৰীয়া কিশোৰীক যৌন উত্তেজক কেপছুল (Aphrodisiac Capsules) খুৱাই আৰু তাৰ পিছত তাইক ধৰ্ষণ (Rape) কৰে, যাৰ ফলত অত্যাধিক ৰক্তক্ষয় হৈ মৃত্যুক সাৱটে। এগৰাকী জ্যেষ্ঠ বিষয়াই দেওবাৰে এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে অনুপপুৰ জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ২৮ কিলোমিটাৰ দূৰত ৰাজেন্দ্ৰগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত শুকুৰবাৰে বা শনিবাৰে নিশা এই ঘটনা সংঘটিত হয়।
আটক কৰাৰ চেষ্টা চলি আছে
শ্বাহডোল জোনৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজি) ডিচি সাগৰে ক’লে যে এইটো এটা অতি দুখজনক ঘটনা। সাগৰে ইয়াত সাংবাদিকৰ আগত কয় যে, ”আৰক্ষীয়ে অভিযুক্তক ধৰিবলৈ যথাসাপেক্ষ চেষ্টা কৰি আছে আৰু তেওঁৰ মূৰত ৩০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে।
মৃত্যুৰ কাৰণ হৈছে অত্যাধিক ৰক্তক্ষয়
তেওঁ কয় যে অভিযুক্তক যশৱন্ত মাৰাৱী বুলি চিনাক্ত কৰা হৈছে, যি পলাতক। ৰাজেন্দ্ৰগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৰেন্দ্ৰ পালে কৈছিল যে আৰক্ষীয়ে শনিবাৰে ১৭ বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুৰ বিষয়ে তথ্য লাভ কৰিছিল যাৰ পিছত এটা গোচৰ ৰুজু কৰা হৈছিল। তেওঁ কৈছিল যে অনুসন্ধান আৰু চমু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে প্ৰকাশ কৰিছিল যে কিশোৰীগৰাকীক ধৰ্ষণ কৰা হৈছিল আৰু তাইৰ যৌনাংগৰ পৰা অত্যাধিক ৰক্তক্ষয়ৰ ফলত মৃত্যু হৈছিল।
যৌন উত্তেজক কেপছুল (Aphrodisiac Capsules) দিয়া হৈছিল
পালে কয়, ”২০-২২ বছৰ বয়সৰ অভিযুক্তজনে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ আগতে কিছুমান যৌন উত্তেজক কেপছুল (Aphrodisiac Capsules) দিছিল।” তেওঁ কৈছিল যে ভুক্তভোগীগৰাকীয়ে শনিবাৰে ৰাতিপুৱা তাইৰ ঘৰলৈ উভতি অহাৰ সময়ত তীব্ৰ বিষত ভুগিছিল আৰু মৃত্যুৰ আগতে তাইৰ পৰিয়ালৰ এগৰাকী মহিলা সদস্যক সকলো কথা শুনাইছিল।
গোচৰ ৰুজু
পালে কৈছিল যে অভিযুক্তজনৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (ধৰ্ষণ), ৩৬৩, ৩৬৬ আৰু ৩০৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ইফালে, ক্ষুব্ধ গাওঁবাসীয়ে দেওবাৰে ৰাজেন্দ্ৰগ্ৰাম আৰক্ষী থানাত অভিযুক্তক গ্ৰেপ্তাৰ কৰাত আৰক্ষীৰ অৱহেলাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-1-spot-death-3-injured-at-boko/5131/
Discussion about this post