গোটা পাচলিৰ ভিতৰত এবিধ ডাঙৰ পাচলি হ’ল কোমোৰা (White Gourd)। চিলিণ্ডাৰসদৃশ বগা বৰণৰ কোমোৰাৰ বৈজ্ঞানিক নাম। হোৱাইট গাৰ্ড মেলন, এছগাৰ্ড, উইণ্টাৰ মেলন আদি নামেৰেও জনা যায়। কোমোৰা একবৰ্ষজীৱী লতাজাতীয় উদ্ভিদ। অসমীয়া মানুহে ঘৰৰ মুধচত ছালত কোমোৰা বগাবলৈ দিয়ে। কুমলীয়াতে সেউজীয়া বৰণৰ জালি কোমোৰাটো পূৰঠ হৈ বগা কোমোৰাত পৰিণত হয়। কোমোৰাত ভিটামিন চি, কে আৰু ভিটামিন বি, কেলচিয়াম আদি পুষ্টিকৰ উপাদানেৰে পৰিপূৰ্ণ।
আহক জানো কোমোৰাৰ (White Gourd) লাভালাভবোৰ কি কি?
১. কোমোৰাই হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
২. দেহত প্ৰয়োজনীয় কার্বহাইড্রেট, আইৰন, ৰিবোফ্লেভিন আদি কম-বেছি পৰিমাণে কোমোৰাৰ পৰা পোৱা যায়।
৩. কোমোৰাই যক্ষ্মাৰোগ প্ৰতিৰোধৰ বাবেও কিছু পৰিমাণে শক্তি যোগান ধৰে।
৪. কোমোৰা গুটিয়ে কৃমিও নাশ কৰে।
৫. নিদ্রাহীন লোকৰ বাবে আৰু মূৰ কামোৰণি দূৰ কৰাৰ বাবে কোমোৰা উপকাৰী খাদ্য। ই বহুমূত্ৰ ৰোগৰ বাবেও উপকাৰী।
৬. কোমোৰাই কোনো ধৰণৰ বিষ, পক্ষাঘাত, কাঁহ, পানীলগা আৰু অন্যান্য শ্বাস-প্রশ্বাস ৰোগ নাশৰ বাবেও উপকাৰী।
৭. কোনো লোকে কীটনাশক ৰাসায়নিক ঔষধ প্ৰয়োগ কৰা শাক-পাচলি খায় বা সুৰাপান কৰি বিষক্রিয়া হ’লে কোমোৰাৰ একাপ ৰস খুৱালে এই বিষক্ৰিয়াৰ পৰা উপশম পাব পাৰি।
৮. ই মৃগীৰোগ, জণ্ডিচ, জ্বৰ, বৃক্কত হোৱা পাথৰ, মানসিক ৰোগ তথা মানসিক অস্থিৰতা নিয়ন্ত্ৰণত সহায় কৰে। নিদ্ৰাহীনতা দূৰীকৰণত কোমোৰাই ভাল ফল দিয়ে।
৯. পুৰুষৰ শুক্ৰাণুৰ সংখ্যাগত তথা গুণগত মান বৃদ্ধিত ই যথেষ্ট সহায়কাৰীৰ ভূমিকা পালন কৰিব পাৰে।
১০. কেঁচুমূৰীয়া ৰোগ(পাইলছ)ৰ উপশম কোমোৰাই ভাল ফল দিয়ে।
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-ginger-health-benefits-food/9107/
১১. পূৰঠ কোমোৰা পিহি পোৱা ৰসৰ লগত সমপৰিমাণৰ পানী মিলাই পুৱা খালী পেটত কিছুদিন খালে এচিডিটি, পেটৰ আলচাৰ আদি উপশম হয়। এনে ৰসে স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে।
১২. কোমোৰাই কোষ্ঠকাঠিন্য আৰু প্ৰস্ৰাৱৰ দোষ নিবাৰণত সহায় কৰে।
১৩. কোমোৰাই স্নায়ু কোষৰ দুৰ্বলতা হ্ৰাস কৰে।
১৪. কোমোৰা নিয়মীয়াকৈ বহুমূত্ৰ ৰোগীয়ে খাব পাৰে। উচ্চ ৰক্তচাপ হ্ৰাস কৰাতো কোমোৰাৰ অৰিহণা উল্লেখযোগ্য।
১৫. পূৰঠ কোমোৰা চকলা-চকলকৈ কাটি চেনিৰ দ্ৰৱত দি কিছুদিনলৈ খালে ৰুগীয়া অথবা নিশকতীয়া লোকৰ ওজন বৃদ্ধি পায়।
১৬. ওজন হ্ৰাস কৰা, হজম শক্তি প্ৰদান কৰা, হৃদযন্ত্ৰৰ সমস্য দূৰ কৰাতো কোমোৰা অপৰিহাৰ্য পাচলি।
১৭. চাইনাচাইট্ৰিছ, এজমা, ব্ৰংকাইটিছ, পানী লগা আদি অসুখবোৰ হোৱাত বাধা দিব পৰা শক্তি আছে কোমোৰাৰ।
১৮. কিডনী সম্বন্ধীয়, প্ৰস্ৰাৱজনিত সমস্যা প্ৰতিৰোধ কৰে। কোমোৰা সকলো লোকে খোৱাৰ বাবে উপযুক্ত।
১৯. পেট খোলোচা, প্ৰস্ৰাৱ পৰিষ্কাৰ আৰু শৌচ স্বাভাৱিক অৱস্থালৈ আনিবলৈ ১৫ চামুচ কোমোৰাৰ ৰসৰ সৈ’তে সম পৰিমাণৰ গৰম গাখীৰ মিহলাই দিনত তিনি-চাৰি দিন খালেই সুফল পোৱা যায়।
২০. সাধাৰণতে আমাৰ জ্বৰ হ’লে কোমোৰা আৰু তাৰ বাকলি পিহি দহ চামুচকৈ দিনে দুবাৰ খালে আৰু মূৰত ভৰণ দিলে জ্বৰৰ পৰা উপশম পাব পাৰি।
Photo: Google
Discussion about this post