Pineapple Health Benefits: আনাৰস (Pineapple) হৈছে এনে এবিধ ফল যাক সকলোৱে খাবলৈ ভাল পায়। গ্ৰীষ্ম আৰু বৰষুণৰ বতৰত অধিক পোৱা আনাৰস বিভিন্ন প্ৰকাৰৰ পুষ্টিৰে সমৃদ্ধ। আনাৰসত ভিটামিন চি অধিক মাত্ৰাত পোৱা যায়। গ্ৰীষ্মকালত এই ফলবিধ খালে বা ইয়াৰ ৰস (Juice) খালে শৰীৰটো ভিতৰৰ পৰা শীতল হৈ পৰে।ইয়াত থকা অন্যান্য পুষ্টিৰ বিষয়ে ক’ব গ’লে, তেন্তে ই বিটা-কেৰোটিন, ফছফৰাছ, পটাছিয়াম, ফলিক এচিড, কেলচিয়াম, মেগনেছিয়ামেৰে সমৃদ্ধ, লগতে ইয়াত কম পৰিমাণৰ চৰ্বি থাকে। আনাৰস যিমানে উপকাৰী (Pineapple Benefits) হয়, সিমানেই অধিক উপকাৰী হয় আনাৰসৰ ৰস (Pineapple Juice) খোৱা। ইয়াৰ ৰসত থকা এনজাইমবোৰে শৰীৰত প্ৰ’টিন হজম কৰাত সহায় কৰে। এই ৰসত কেলৰি বা চৰ্বি নাথাকে। এনে পৰিস্থিতিত ওজন হ্ৰাস কৰিবলৈ বিচৰা লোকসকলে ফিট হৈ থাকিবলৈ ফলৰ ৰস খাব লাগে, তেওঁলোকে আনাৰসৰ ৰস খাব পাৰে।
আহক জানি লওক আনাৰস (Pineapple)ৰ লাভালাভবোৰ কি কি?
১. যদি আৰ্থ্ৰাইটিছৰ সমস্যা হৈ আছে তেনেহ’লে আনাৰসৰ ৰস খোৱা আৰম্ভ কৰক। ইয়াত থকা ভিটামিন এ আৰু বিটা-কেৰোটিনে আৰ্থ্ৰাইটিছৰ সমস্যা হ্ৰাস কৰে। প্ৰদাহ-প্ৰতিৰোধী উপাদানে প্ৰদাহ আৰু বিষ হ্ৰাস কৰে।
২. যদি আপুনি ছাল সম্পৰ্কীয় সমস্যাৰ বাবে অসুবিধাত আছে, তেন্তে আনাৰস খাব বা ইয়াৰ ৰস খোৱা আৰম্ভ কৰক। শালমইনাৰ লগতে, ই ইয়াৰ ফলত হোৱা দাগবোৰো হ্ৰাস কৰে। আনাৰসৰ ৰসত থকা পুষ্টিবোৰে ছালৰ পৰা মৃত কোষবোৰ হ্ৰাস কৰে, যি ছাল উন্নত কৰি তোলে।
৩. ভিটামিন এ আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ আনাৰসৰ ৰসে চকুৰ সমস্যাৰ পৰা সকাহ দিয়ে। শিশুসকলক ইয়াৰ ৰস খোৱাটো নিশ্চিত কৰিব, ই কম বয়সতে তেওঁলোকৰ দৃষ্টিশক্তি দুৰ্বল নকৰিব।
৪. ১০০ গ্রাম সতেজ আনাৰসৰ ৰস শিশুক নিয়মিত খুৱালে পেটৰ কৃমি (ক্ষুদ্র কৃমি) মৰি যায়। কিন্তু খালি পেটত আনাৰসৰ ৰস দিয়াটো উচিত নহয়।
৫. আনাৰসৰ ৰস বা চৰবত খালে উচ্চ তাপ আৰু ঘামৰ সমস্যা নোহোৱা হয়।
৬. আনাৰসত জালুকৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খালে বদহজমৰ সমস্যা দূৰ হয়।
৭. আনাৰসৰ ৰস দুশ গ্রাম খালে স্থূলত্ব কমায়, কাৰণ আনাৰসৰ ৰসে ফেট কমায়।
৮. আনাৰসৰ ৰস ডিঙি আৰু মুখৰ বেকটেৰিয়াজনিত ৰোগত উপকাৰী।
৯. আনাৰস গ্রহণৰ কাৰণে প্রস্রাৱত বাধা সৃষ্টি নহয়।
১০. আনাৰস, জায়ফল, তেঁতেলি, ক’লা নিমখ আৰু জিৰা সম পৰিমাণে লৈ গুড়ি কৰি লওক। পুৱা আৰু গধূলি তিনি গ্রাম গুড়ি পানীত মিহলাই খালে ডাযয়েবেটিছৰ সমস্যাত খুব উপকাৰী।
১১. জ্বৰতো আনাৰসৰ ৰস খোৱাটো খুব উপকাৰী।
১৩. বদহজমৰ ৰোগীক আনাৰসৰ ওপৰত জালুকৰ গুড়ি চটিয়াই, অলপ নিমখযুক্ত কৰি খোৱা উচিত। তেতিয়াহ’লে উপকাৰ পোৱা যায়।
১৪. ভিটামিন চি আৰু অন্যান্য পুষ্টিকৰ খাদ্যৰ অভাৱত যদি স্কার্ভি হয় তেতিয়া আনাৰস খোৱা আৰু ইয়াৰ ৰস খোৱাটো খুব উপকাৰী।
১৫. আনাৰসে দেহৰ হাড়ক শক্তিশালী কৰিবলৈ আৰু দেহত শক্তি সৰবৰাহ কৰাত কাম কৰে।
১৬. আনাৰসৰ ৰস দেহত ৰক্তৰ অভাবৰ বাবে খুব উপকাৰী।
১৭. ঋতুকালীন ৰক্তপাতৰ ক্ষেত্রত, প্রতিদিনে আনাৰসৰ ৰস পান কৰিলে মাহিলী চক্র সঠিক থাকে।
১৮. যদি হার্ট নার্ভাছ হৈ যায় আৰু গ্রীষ্মত অধিক অস্বস্তি হয় তেতিয়া আনাৰসৰ ৰস বা চিৰাপ খোৱাটো খুব উপকাৰী।
১৯. ডিঙিত আৰু টনচিলৰ ক্ষেত্রত যদি প্রদাহ হয় তেতিয়া আনাৰস খোৱাটো খুব উপকাৰী।
২০. আনাৰসে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।
Photo: Google
Discussion about this post