Benefits Of Dates For Men: খেজুৰ হাজাৰ হাজাৰ বছৰ ধৰি মানুহক যথেষ্ট শক্তি প্ৰদান কৰি আহিছে। খেজুৰ গছবোৰ ২৫ মিটাৰ পৰ্যন্ত ওখ হয়। উপসাগৰীয় দেশবোৰত খেজুৰৰ খেতি কৰা হয়। সেইকাৰণে উপসাগৰীয় দেশবোৰৰ মানুহে বৃহৎ পৰিমাণে খেজুৰ খায়। ইয়াক ভাৰতত কেৱল ৰাজস্থান, গুজৰাট, তামিলনাডু আৰু কেৰালাকে ধৰি মুষ্টিমেয় কেইখনমান ৰাজ্যতহে বেছিকৈ খেতি কৰা হয়। ড্ৰাই ফ্ৰুইটৰ ভিতৰত খেজুৰ এটা অন্যতম খাদ্য। খেজুৰ সেৱন কৰিলে বহুতো লাভালাভ পোৱা যায়। ইয়াক বহুতো ৰোগ ঠিক কৰিবলৈও ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে যে খেজুৰ পুৰুষৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয়। হয়, পুৰুষৰ বাবে খেজুৰ সেৱন কৰাটো স্বাস্থ্যৰ বাবে বহু লাভজনক। খেজুৰত কেলৰি, ফাইবাৰ, প্ৰ’টিন, পটাছিয়াম আৰু কপাৰৰ দৰে পুষ্টিকৰ উপাদান থাকে। সেয়েহে ইয়াৰ ব্যৱহাৰে পুৰুষৰ শাৰীৰিক শক্তি বৃদ্ধি কৰে আৰু দুৰ্বলতা আঁতৰ কৰে। কেৱল এয়াই নহয়, ইয়াৰ সেৱনে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰাত সহায়ো কৰে।
আহক জানো খেজুৰ (Dates) খোৱাৰ লাভালাভবোৰ কি কি? ই পুৰুষৰ বাবে লাভজনক কিয়?
১. খেজুৰ খালে পুৰুষৰ পাচন তন্ত্ৰৰ সমস্যাবোৰ দূৰ কৰিব পাৰি। ইয়াৰ ব্যৱহাৰে কোষ্ঠকাঠিন্য হ্ৰাস কৰাত সহায় কৰে, যি পেটৰ সমস্যাত সকাহ দিয়ে। সেয়েহে, পুৰুষে দৈনিক খেজুৰ (Dates) সেৱন কৰিব লাগে।
২. খেজুৰ খালে আপোনাৰ মগজুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। খেজুৰত ভিটামিন বি (Vitamin B) আৰু কোলিন থাকে যি মনত ৰখাৰ শক্তি আৰু শিকাৰ ক্ষমতা বৃদ্ধি কৰে। সেয়েহে, পুৰুষসকলে তেওঁলোকৰ আহাৰত খেজুৰ অন্তৰ্ভুক্ত কৰিব লাগে।
৩. খেজুৰে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা (Sperm Count) আৰু শুক্ৰাণুৰ মানদণ্ড বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ কাৰণ হৈছে খেজুৰত এষ্ট্ৰেডিঅ’ল আৰু প্লেভোনইড পোৱা যায়। যাৰ বাবে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে, পুৰুষে খেজুৰ গ্ৰহণ কৰিব লাগে।
৪. খেজুৰৰ গ্লাইচেমিক ইণ্ডেকছ অত্যন্ত কম। সেয়েহে, ইয়াৰ ব্যৱহাৰে ৰক্ত শৰ্কৰাৰ স্তৰ (Blood Suger Level) নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেয়েহে, ডায়েবেটিচ থকা পুৰুষসকলে নিশ্চিতভাৱে খেজুৰ খাব লাগে।
৫. খেজুৰে খাদ্য হজম কৰাত সহায় কৰে। কোষ্ঠ-কাঠিন্য, গেষ্টিক আদি সমস্যাত খেজুৰে উত্তম পথ্যৰ কাম কৰে। তদুপৰি খেজুৰত থকা ফাইবাৰে ‘কল’ন কেঞ্চাৰৰ সম্ভাৱনীয়তা ৰোধ কৰিব পাৰে।
৬. খেজুৰত থকা মেগনেছিয়ামে শৰীৰৰ বিষ আৰু ফুলা (উখহি যোৱা) কমাত সহায় কৰে।
৭. গৰ্ভাৱস্থাৰ শেষৰ ৪ সপ্তাহত খেজুৰ নিয়মিতভাবে খালে প্রসৱ সহজ হয়। তদুপৰি খেজুৰে প্ৰসৱ পৰৱৰ্তী ওজন কমোৱাত সহায় কৰে।
৮. খেজুৰে উচ্চ ৰক্তচাপ কমোৱাতো সহায় কৰে। খেজুৰত থকা পটাছিয়ামে হৃদপিণ্ডৰ কাম স্বাভাৱিক হোৱাত সহায় কৰে। তদুপৰি ই ষ্ট্রোকৰ সম্ভাৱনীয়তাকো ১০% হ্রাস কৰে।
৯. খেজুৰত অধিক মাত্ৰাত ক’লেষ্ট্ৰল আৰু ছুগাৰৰ মাত্ৰা কম পৰিমাণে থাকে ৷ যাৰ বাবে নিয়মীয়া খাদ্য হিচাপে ব্যৱহাৰ কৰি ইয়াক ওজন কমাব পৰাত ব্যৱহাৰ কৰিব পাৰে ৷
১০. অধিক মাত্ৰাৰে ভৰপুৰ প্ৰ’টিনে শৰীৰৰ মাংসপেশী মজবুত কৰাত সহায় কৰে ৷ যাৰ বাবে স্বাস্থ্য প্ৰতি সজাগ হোৱা জিম যোৱা লোকক খেজুৰ খাবলৈ কোৱা হয় ৷
১১. খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ মজবুত কৰে বাবে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষ সহজে নহয়।
১২. ছ’ডিয়ামৰ অভাৱত মানুহৰ স্নায়ু প্ৰক্ৰিয়া দুৰ্বল হৈ পৰে ৷ যাৰ বাবে মানুহে অধিক পৰিশ্ৰম কৰিব নোৱাৰে ৷ কিন্তু পোৱা খালী পেটত এগিলাচ পানীৰ লগত খেজুৰক নিয়মিয়াকৈ সেৱন কৰিলে শৰীৰ সুস্থ আৰু সতেজ হয় ৷
১৩.খেজুৰত গ্লুক’জ, চুক্ৰ’জ আৰু ফ্ৰুক্ট’জ কাৰ্বহাইড্ৰেত থাকে। সেয়েহে খেজুৰ খালে যথেষ্ট পৰিমাণে শক্তি পোৱা যায়। ডায়েবেটিচ ৰোগীয়ে কুঁহিয়াৰৰ পৰা উৎপাদিত চুগাৰ কাৰ্বহাইড্ৰেত বা চেনী খোৱাত বাধা থকা বাবে শক্তি আহৰণৰ হেতু খেজুৰ দিনে ২-৩টা খাব পাৰে।
১৪. খেজুৰ খালে কোষ্ঠকাঠিন্য আঁতৰ হয়। ৰাতি এগিলাচ গৰম পানীত কেটামান খেজুৰ ডুবাই ৰাখি ৰাতিপুৱা পানীখিনি খালে শৌচ-পেচাব খোলোচা হয়।
১৫. প্ৰতি ১০০ গ্ৰাম শুকান খেজুৰত ০’০৯ গ্ৰাম আইৰন পোৱা যায়। ১০০ গ্ৰাম খেজুৰ খালে দৈনিক আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় আইৰনৰ ১১% পাব পাৰো। সেয়েহে খেজুৰ খালে ৰক্তহীনতা নাইকিয়া হয়।
১৬. খেজুৰত ভিটামিন-এ থাকে, সেয়েহে খেজুৰ খালে কুকুৰীকণা, অন্ধতা আঁতৰ হোৱাৰ উপৰিও দৃষ্টিশক্তি বৃদ্ধি হয়।
১৭. আয়ুৰ্বেদিকৰ চৰক সংহিতাত উল্লেখ আছে যে খেজুৰ আৰু কিচমিচ গৰুৰ ঘিউত ভাজি একেৰাহে কিছুদিন খালে পুৰুষ আৰু মহিলাৰ যৌনক্ষমতা বাঢ়ে আৰু পুৰুষৰ শুক্ৰানো বৃদ্ধি হয়। সেয়েহে সন্তান হীনতা সকলৰ বাবে খেজুৰ বিশেষ উপকাৰী।
১৮. খেজুৰে শৰীৰৰ ধাতু পোষণ কৰি শক্তি যোগায়। কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিয়ে ৫টাকৈ আগবেলা আৰু পিছবেলা খেজুৰ খালে অফুৰন্ত শক্তি পায়।
১৯. চৰ্দি, কাহ আৰু পানী লগাত খেজুৰে অমৃতৰূপে কাম কৰে। প্ৰতিদিনে ৪/৫টা খেজুৰ গৰম গাখীৰৰ সৈতে খালে নতুন আৰু পুৰণি চৰ্দি, কাহ, পানীলগা আৰু শ্বাস-প্ৰশ্বাস ৰোগ ভাল হয়।
২০. খেজুৰ খালে শৰীৰ গৰম হৈ থাকে, সেয়েহে ঠাণ্ডাদিনত বৃদ্ধ ব্যক্তিসকলে গাখীৰৰ সৈতে খেজুৰ খালে ৰসায়নৰ দৰে কাম কৰে।
২১. খেজুৰ এবিধ শ্ৰেষ্ঠ এণ্টেঅক্সিডেন্ট হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় বাবে ৰোগমুক্ত হৈ থাকিব পাৰে। যিকোনো বেমাৰৰ বীজাণুৱে সহজে আক্ৰমণ কৰি ৰুগীয়া কৰিব নোৱাৰে।
২২. খেজুৰ হৈছে প্ৰাকৃতিক মিঠাই বা য়াচাৰাল চেনী। কিয়নো ইয়াত থাকে ফুক্টোজ। চেনীৰ সলনি খেজুৰ খোৱাটো স্বাস্থ্যকৰ।
২৩. খেজুৰত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। য’ত কযয়াৰেটিনেডছ আৰু ফেনালিক এচিড উল্লেখ কৰা হৈছে। এই সকলোবোৰ এণ্টিঅক্সিডেণ্টৰ বাবে অলজাইমাৰ ৰোগ, কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগ, হৃদৰোগ, চকুৰ বিভিন্ন সমস্যা আৰু ডায়েবেটিচ মোকাবিলা কৰে।
২৪. যদি আপুনি বিচাৰে, তেন্তে খেজুৰ আন কিবাৰ সৈতেও মিহলি কৰি খাব পাৰে। কিন্তু ইমানবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ তিনিটা খেজুৰ নিয়মীয়া আহাৰত ৰাখিবলৈ নাপাহৰিব।
পুৰুষসকলে এনেদৰে খাওক খেজুৰ (Dates)-
১. ইয়াৰ সেৱন আপুনি নিশা গাখীৰৰ সৈতে কৰিব পাৰে। ইয়াক আপুনি গাখীৰত উতলায়ো খাব পাৰে।
২. খেজুৰক আপুনি নিশা তিয়াই থ’ব পাৰে আৰু পুৱা খালী পেটত ইয়াক খাব পাৰে।
৩. আপুনি ইয়াক দুপৰীয়া চালাডত মিহলি কৰিও খাব পাৰে।
Photo: Google
Discussion about this post