Ivy Gourd Health Benefits: পটলৰ বংশধৰ বুলি কোৱা কুন্দুলী (Ivy Gourd) এবিধ ঔষধীয় খাদ্য। কুন্দুলি এবিধ লতাজাতীয় উদ্ভিদ। ই সাধাৰণতে জেওৰা বা গছত বগাই যায়। কুন্দুলি পাচলি হিচাপে খোৱা হয়। ইয়াৰ ফুলৰ ৰং বগা। পাত আৰু গা-গছত পাতল নোম আছে। ফল ডিম্বাকাৰ। কেঁচা অৱস্থাত ফলৰ ৰং সেউজীয়া। পকিলে উজ্জ্বল হালধীয়া ৰঙৰ হয়। প্ৰথমতে ইয়াক এছিয়া আৰু আফ্ৰিকাৰ কিছুমান দেশত খেতি কৰা হৈছিল, কিন্তু সময়ৰ লগে লগে এই পাচলিবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। আজি ইয়াক সকলো দেশতে বিভিন্ন নামেৰে জনা যায়। কুন্দুলী বহুতো পুষ্টিৰে সমৃদ্ধ পাচলি। সেইকাৰণে ইয়াক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়।
পিছে জানি লও আহক কুন্দুলীৰ (Ivy Gourd) লাভালাভবোৰ কি কি?
১. কুন্দুলীৰ ছবজী সেৱন কৰি হজম প্ৰক্ৰিয়া উন্নত কৰিব পাৰি। ইয়াৰ বাবে ইয়াত পোৱা ফাইবাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। এক গৱেষণাত পোৱা গৈছে যে ফাইবাৰে খাদ্য হজম কৰি শৰীৰৰ পৰা শৌচ উলিয়াই দিবলৈ কাম কৰিব পাৰে।
২. কৰ্কট ৰোগক আটাইতকৈ মাৰাত্মক ৰোগ বুলি গণ্য কৰা হয়। এই ৰোগত আক্ৰান্ত ৰোগী এজনৰ চিকিৎসাৰ বাবে লাখ লাখ টকা খৰচ কৰা হয়। একে সময়তে, কিছুমান খাদ্য আছে যাক কৰ্কট ৰোগ হোৱা প্ৰতিহত কৰিবলৈ খাব পাৰি। তাৰে ভিতৰত এটা হৈছে কুন্দুলী। কুন্দুলীত কৰ্কট ৰোধী গুণাগুণ পোৱা যায়, যি এই ৰোগ হোৱা প্ৰতিহত কৰাত সহায় কৰিব পাৰে।
৩. ডায়েবেটিচ থকা লোকসকলক বিশেষজ্ঞসকলে কিছুমান পাচলি আৰু ফল খাবলৈ বাধা প্ৰদান কৰে।
এনে পৰিস্থিতিত, ডায়েবেটিক ৰোগীৰ বাবে কুন্দুলীৰ ব্যৱহাৰ উপকাৰী হ’ব পাৰে। কুন্দুলীত এণ্টি-হাইপাৰগ্লাইচেমিক প্ৰভাৱ পোৱা যায়, যি তেজত শৰ্কৰাৰ স্তৰ সন্তুলিত ৰাখিবলৈ কাম কৰিব পাৰে, যাৰ ফলত ডায়েবেটিচৰ সমস্যা নিয়ন্ত্ৰণ হয়।
৪. কিডনীৰ পাথৰ আঁতৰাবলৈ কুন্দুলীৰ ব্যৱহাৰ কৰা হয়। দৰাচলতে, কুন্দুলীত কেলচিয়ামৰ পৰিমান যথেষ্ট পোৱা যায়। কেলচিয়ামে পাচন তন্ত্ৰত পাথৰ হোৱাৰ সকলো সম্ভাৱনা কম কৰিব পাৰে। কেৱল এই কথাটো মনত ৰাখিব যে কিডনী পাথৰ হ’লে প্ৰতিদিনে কিমান পৰিমানত কেলছিয়াম ল’ব লাগে সেয়া ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব।
৫. কুন্দুলী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। যিয়ে হৃদয় স্বাস্থ্যবান কৰি ৰখাত সহায় কৰে।
৬. প্ৰায়ভাগ ৰোগ বিয়পোৱাৰ মুখ্য কাৰণ হয় সংক্ৰমণ। কিন্তু কুন্দুলী সেৱন কৰিলে সংক্ৰণ ৰখাব পৰা যায়।
৭. মানসিক ৰোগত ভুগি থকা লোকসকলেও কুন্দুলী খাব পাৰে।
৮. ওজন হ্ৰাস কৰাতো সহায়ক কুন্দুলী। কুন্দুলীত ফাইবাৰৰ পৰিমান যথেষ্ট থাকে, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।
৯. কুন্দুলী ছুগাৰ থকা লোকসকলৰ বাবে অতিকে উপকাৰী। এই পাচলিবিধ খালে ছুগাৰ নিয়ন্ত্ৰণত থাকে।
১০. কুন্দুলী আপুনি কেঁচাকৈও খাব পাৰে বা ইয়াক ছবজী বনায়ো খাব পাৰে।
১১. কুন্দুলীৰ পাত ছুপ হিচাপেও খাব পাৰে। ই ডায়বেটিচ নিয়ন্ত্ৰণত ৰাখিব। গৱেষণা অনুসৰি কুন্দুলীৰ পাত ছুপ হিচাপে খালে তেজত শৰ্কৰাৰ পৰিমান হ্ৰাস কৰি ডায়বেটিচ নিয়ন্ত্ৰণত ৰাখে।
১২. কুন্দুলীৰ শিপা থেতেলিয়াই তাৰ ৰস সেৱন কৰিলে চৰ্বি হ্ৰাস হ’ব পাৰে। প্ৰতিদিনে এগিলাচকৈ ইয়াৰ ৰস খালে আপুনি উপকাৰ লাভ কৰিব পাৰে।
১৩. শৰীৰটো দুৰ্বল অনুভৱ কৰিলে কুন্দুলীৰ ৰস সেৱন কৰক। লগে লগে ঘূৰি আহিব আপোনাৰ শক্তি। পুৰুষ বা মহিলাই সকলোৱে এই ৰস সেৱন কৰিব পাৰে।
১৪. কুন্দুলীৰ ৰসে জিভাত হোৱা ঘা শুকোৱাত সহায় কৰে।
১৫. গৰু-ছোৱালীৰ ছালত হোৱা বিভিন্ন ৰোগত কুন্দুলীৰ পাত থেতেলিয়াই ৰস উলিয়াই লগালে ৰোগ নিৰাময় হয়।
১৬. কুন্দুলীৰ গা-গছ খুন্দি তাৰ ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়।
১৭. শৰীৰত হোৱা খজুৱতিত কুন্দুলীৰ কেঁচাপাতৰ ৰস উলিয়াই লগালে খজুৱতি হ্ৰাস হয়।
১৮. কুন্দুলী সঞ্চিত পেটচলা ৰোগত উপকাৰী।
১৯. বহুমূত্ৰ ৰোগীয়ে কুন্দুলীৰ পাত থেতেলিয়াই ৰস উলিয়াই খালে উপকাৰ পাব।
২০. যিকোনো জন্তুৱে কামুৰিলে কুন্দুলীৰ পাতৰ ৰস লগালে আৰাম পোৱা যায়।
Photo: Google




























Discussion about this post