স্বাস্থ্যৰ বাবে অতিকে উপকাৰী ফলবিধ হৈছে আঙুৰ (Grapes)৷ ইয়াৰ সোৱাদ টেঙা-মিঠা ৷ আঙুৰক ‘মাতৃ-দুগ্ধ’ৰ সমান বুলি গণ্য কৰা হয় ৷ ইয়াৰ বৈজ্ঞানিক নাম ভিটিছ ভিনিফেৰা (Vitis vinifera) ৷ আঙুৰত প্ৰচুৰ পৰিমাণে পানী, শৰ্কৰা, ছ’ডিয়াম, পটেচিয়াম, চাইট্ৰিক এচিড, ফ্ল’ৰাইড, মেগনেচিয়াম, আইৰন আদি থাকে ৷
আহক জানো আঙুৰ (Grapes) খোৱাৰ লাভালাভবোৰ কি কি?-
১. নিয়মিতভাবে আঙুৰ খালে তেজ বৃদ্ধি আৰু তেজ পৰিষ্কাৰ হয়।
২. আঙুৰে শৰীৰৰ শক্তি বৃদ্ধি কৰে আৰু পুষ্টি যোগান ধৰে।
৩. ই ফল হিচাপে বৰ ৰসাল বাবে ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে আৰু সতেজ কৰে।
৪. আঙুৰ জ্বৰ আৰু ৰক্তপিত্ত নাশক ফল, উশাহ-নিশাহত কষ্ট হ’লে আঙুৰ নিয়মিত খালে উপকাৰ পোৱা যায়।
৫. হৃদৰোগৰ বাবে ই বৰ উপকাৰী আৰু পেটৰ ৰোগৰ বাবেও আঙুৰ বৰ উপকাৰী।
৬. ঋতু জনিত ৰোগ আদিত আঙুৰ খোৱা ভাল আৰু শীতকালত ছাল শুকান হ’লে আঙুৰ খালে ছাল সুন্দৰ হয়।
৭. নাকৰ পৰা তেজ ওলালে শুকান আঙুৰ বা খিচমিচ তিয়াই থোৱা পানী নাকেৰে উজালে উপকাৰ পোৱা যায়।
৮. কৰ্কট ৰোগৰ বাবেও আঙুৰ বৰ উপকাৰী।
৯. শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমি গ’লে, শুকান আঙুৰ ৰাতি তিয়াই থৈ সেই পানী ৰাতিপুৱা খালী পেটত খালে হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি হয় আৰু শৰীৰৰ শক্তি বৃদ্ধি হয়।
১০. আঙুৰত থকা ভিটামিন-এ- য়ে ভোক বঢ়োৱাত সহায় কৰে ৷ আঙুৰে পাচনশক্তি ঠিকমতে ৰাখে ৷
১১. আঙুৰত থকা উপাদানবোৰে কেঞ্চাৰ, চকুৰ বিভিন্ন সমস্যা, কৰ্ডিঅ’ভাছকুলাৰ আদি নিৰাময়ত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে ৷
১২. ডায়েবেটিছ ৰোগীৰ কাৰণে আঙুৰ খোৱাটো প্ৰয়োজনীয় ৷
১৩. আঙুৰৰ ৰসে চকুৰ গুৰিত পৰা ক’লা দাগ নিৰ্মূলত সহায় কৰে ৷
১৪. হৃদৰোগৰ বাবে আঙুৰ বৰ উপকাৰী ৷
১৫. আঙুৰে মানুহৰ স্মৰণ শক্তি বৃদ্ধি কৰে ৷
১৬. পকা আঙুৰক মাইগ্ৰেইনত ঘৰুৱা দৰব হিচাপেও ব্যৱহাৰ কৰা হয় ৷
১৭. বুকুৰ ধপধপনি, হঠাতে চক খোৱা, মূৰ ঘূৰোৱা আদিৰ বাবেও আঙুৰ উপকাৰী ৷
১৮. আঙুৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷
১৯. আঙুৰ খালে হাঁওফাঁওত জমা হোৱা কফ বাহিৰলৈ উলিয়াই আনে, ফলত কাহৰ পৰা উপশম পোৱা যায় ৷
২০. আপুনি যদি পুৱা শুই উঠি আঙুৰ খাব পাৰে, তেন্তে শাৰীৰিকভাৱে যথেষ্ট লাভৱান হ’ব পাৰিব। ক’লা আৰু ৰঙা আঙুৰ বিয়লি বেলা খাব পাৰিলে ভাল।
২১. ক’লা আঙুৰে স্মৃতিশক্তি বঢ়ায়।
২২. ক’লা আঙুৰ খালে ৰক্তত ইনছুলিনো বাঢ়ে। ইয়াত ৰেচভেস্ট্রাল নামৰ এটি পদার্থ আছে যিয়ে ইনছুলিন বঢ়ায়।
২৩. কোলেষ্টেৰল নিয়ন্ত্রণ কৰে।
২৪. ক’লা আঙুৰত থকা ছাইটোকেমিকেলবোৰ হৃৎপিণ্ডৰ বাবে ভাল আৰু কোলেষ্টেৰল নিয়ন্ত্রণ কৰে।
২৫. আপোনাৰ যদি চুলি সম্পৰ্কীয় কোনো সমস্যা আছে তেন্তে অৱশ্যেই ক’লা আঙুৰ খাব লাগিব। ইয়াত পোৱা ভিটামিন ই খুব উপকাৰী।
২৬. ক’লা আঙুৰ খালে ওজন কমোৱাত সহায় কৰে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/lakhimpur-incident-man-died-while-he-speaking-with-friend/9257/
Discussion about this post