কণী (Egg) যে স্বাস্থ্যৰ পক্ষে অতি উপকাৰী সেয়া আমি সকলোৱে জানো। কিন্তু কণীৰ বাকলি বা খোলাটোৰ (Eggshell) উপকাৰিতাও আছে বুলি আপুনি জানেনে? লাভালাভবোৰ পঢ়িলে আপুনিও আচৰিত হ’ব।
আহক জানো কণীৰ বাকলিৰ (Eggshell) লাভালাভবোৰ কি কি?
১. কণীৰ বাকলি কেলছিয়ামেৰে ভৰপূৰ। সেয়ে ডাষ্টবিনত পেলাই দিয়াৰ পৰিৱৰ্তে গছৰ সাৰ হিচাপে বা টাবত ৰোৱা ফুলৰ সাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰে। কণীৰ বাকলি ভাঙি গুড়ি কৰি গছৰ গুৰিত দিলে গছ লহপহকৈ বাঢ়িব।
২. কণীৰ বাকলি আপুনি ফাৰ্ষ্ট এইড হিচাপেও ব্যৱহাৰ কৰিব পাৰে। কণী সিজোৱাৰ পিছত বাকলি আৰু মঙহাল বগা অংশৰ মাজত যি পাতল বগা আৱৰণ থাকে, সেয়া কটা-ছিঙাৰ ঘা শুকুৱাৰ ক্ষেত্ৰত মহৌষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে। বেণ্ডেজৰ দৰেকৈ এই আৱৰণ কটা অংশত লগাই ৰাখিলে অতি সোনকালে ৰক্তক্ষৰণ বন্ধ হয় আৰু ঘা শুকাই যায়।
৩. ৰূপৰ আ-অলংকাৰ বা বাছন আদি পৰিষ্কাৰ কৰিবলৈকো কণীৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ভালকৈ সিজোৱা কণীৰ বাকলি গুৰি কৰি সেই গুৰিৰে ৰূপৰ আ-অলংকাৰ আৰু বাছন পৰিষ্কাৰ কৰিলে একেবাৰে উজ্জ্বল হৈ পৰে।
৪. ফ্লাক্স পৰিষ্কাৰ কৰিবলৈকো কণীৰ বাকলি ব্যৱহাৰ কৰা হয়। সিজোৱা কণীৰ বাকলিবোৰ টুকুৰা কৰি ফ্লাক্সৰ ভিতৰত গৰম পানীসহ দি ঢাকনি বন্ধ কৰি কিছুসময় লৰাই থাকি ধুলে দেখিব যে ফ্লাক্সটোৰ ভিতৰভাগ একেবাৰে নতুনৰ দৰে হৈ পৰিছে।
৫. কণীৰ বাকলিৰ পাউডাৰ বজাৰত কিনিবলৈকো পোৱা যায়। এই পাউডাৰ গাৰ্ডেনিঙত ব্যৱহাৰ কৰা হয়। কিছুমান ঔষধ কোম্পানীয়ে কণীৰ বাকলি সৰহ হ’লে উচিত মূল্যত সাধাৰণ মানুহৰ পৰা ক্ৰয়ো কৰে।
৬. কেলছিয়ামৰ অভাৱত ভোগা কোনো কোনো লোকে আকৌ খাদ্যৰ লগত সামান্য পৰিমাণে কণীৰ বাকলিৰ পাউডাৰ মিহলায়ো খোৱা দেখা যায়। অৱশ্যে আমি পৰাপক্ষত তেনে নকৰাই ভাল। কিয়নো মাত্ৰাৰ হীনদেড়ি হ’লে সমস্যাই দেখা দিয়াৰ সম্ভাৱনা থাকে।
৭. ঘৰৰ চাৰিওফালে থকা ফুল বা ফলৰ বাগানবোৰত আনকি বেলকনিত থকা ফুলৰ টাবত কণীৰ বাকলি গুড়ি কৰি ছটিয়াই দিলে পোক-পৰুৱাৰ পৰা গছজোপা ৰক্ষা পৰে। তাৰোপৰি কণীৰ বাকলিত প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু মিনাৰেল থকা বাবে মাটিৰ উৰ্বৰতা বৃদ্ধি পায়।
৮. গাঁঠিৰ বিষ বা হাড়ৰ বিষ কমোৱাৰ ক্ষেত্ৰত কণীৰ বাকলি অতি উপকাৰী। এটা বাতিত ভিনেগাৰৰ সৈতে কণীৰ বাকলি মিশ্ৰণ কৰি ২ দিন ৰাখি থোৱাৰ পিছত বিষ হোৱা ঠাইত মালিচ কৰিলে যথেষ্ট আৰাম পোৱা যায়।
৯. কণীৰ বগা অংশ কণীৰ বাকলিৰ লগত গুড়া কৰি মুখত লগালে মুখৰ উজ্বলতা বৃদ্ধি হোৱাৰ লগতে শালমইনাৰ পৰা পৰিত্ৰান পাব পাৰি।
১০. পাকঘৰৰ বেচিন লেতেৰা হ’লে কণীৰ বাকলি দি পৰিষ্কাৰ কৰিব পৰা যায়। আনহাতে বাচন-বৰ্তনত পুৰি যোৱা দাগ হ’লে কণীৰ বাকলিৰে নাইকিয়া কৰিব পাৰি।
১১. কেলচিয়াম পাবৰ বাবে নিজেও কণী খাওঁক আৰু লৰা-ছোৱালীক কণী খাবলৈ দিয়ক। কণীৰ বাকলিবোৰ পেলাই নিদি ফুল কেইজোপাৰ যত্ন লওঁক আৰু বিভিন্ন কামত ব্যৱহাৰ কৰক।
Photo: Google
Published By: Dulu Medhi
Discussion about this post