বৰ্তমান দিনত জাংক ফুডৰ উন্মাদনা ইমানেই বৃদ্ধি পাইছে যে মানুহে নিজৰ শৰীৰক প্ৰয়োজনীয় শক্তি প্ৰদান কৰা পাচলি, দালৰ সেৱন যথেষ্ট কমেই কৰে। কিন্তু, খুব কম লোকেই জানে যে এনে কিছুমান পাচলি আছে যিবিলাক কেইদিনমান খোৱাৰ পিছতহে ইয়াৰ সুবিধা লাভ কৰে। তেনে এটা পাচলি হৈছে ভাট কেৰেলা (Spiny Gourd)। এইটো পৃথিৱীৰ আটাইতকৈ শক্তিশালী পাচলি। ইয়াক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। এই পাচলিৰ ইমান শক্তি আছে যে মাত্ৰ কেইদিনমান খোৱাৰ লগে লগে, আপোনাৰ শৰীৰ স্বাস্থ্যৱান হৈ পৰে। ভাট কেৰেলাক মিঠা কাৰেলা বুলিও জনা যায়।
যদি আপুনি ইয়াক আপোনাৰ দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত কৰে তেনেহ’লে ই আন উপাদান আৰু ফাইবাৰৰ অভাৱো পূৰ্ণ কৰে। ভাট কেৰেলা (Spiny Gourd) অৰ্থাৎ মিঠা কেৰেলাক স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। আয়ুৰ্বেদতো ইয়াক আটাইতকৈ শক্তিশালী পাচলি হিচাপে গণ্য কৰা হয়।
এই পাচলিটো সুস্বাদু আৰু লগতে প্ৰ’টিনসমৃদ্ধ। প্ৰতিদিনে ইয়াক খোৱাটোৱে আপোনাৰ শৰীৰ শক্তিশালী কৰে। ইয়াৰ বাবে কোৱা হয় যে ইয়াত মাংসতকৈ ৫০ গুণ অধিক শক্তি আৰু প্ৰ’টিন থাকে। ভাট কেৰেলাত থকা ফাইটোকেমিকেলবোৰে স্বাস্থ্যৰ প্ৰচাৰত যথেষ্ট সহায় কৰে। ই এণ্টিঅক্সিডেণ্টসমৃদ্ধ পাচলি। ই শৰীৰটো পৰিষ্কাৰ ৰখাতো যথেষ্ট সহায়ক।
ভাট কেৰেলা (Spiny Gourd) সাধাৰণতে বাৰিষা ঋতুত ভাৰতীয় বজাৰত দেখা যায়। ইয়াৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে যাৰ বাবে ইয়াৰ খেতি সমগ্ৰ বিশ্বতে আৰম্ভ হৈছে। ইয়াক প্ৰধানকৈ ভাৰতৰ পাহাৰীয়া অঞ্চলত খেতি কৰা হয়।
ওজন হ্ৰাস (Weight Loss) কৰিবলৈ সক্ষমঃ ভাট কেৰেলাত প্ৰ’টিন আৰু আইৰন প্ৰচুৰ পৰিমানত পোৱা যায় আৰু কেলৰি কম পৰিমানত থাকে। যদি আপুনি ১০০ গ্ৰাম ভাট কেৰেলাৰ ছবজী খাই তেন্তে আপুনি ১৭ কেলৰি লাভ কৰিব। গতিকে ওজন হ্ৰাস কৰা লোকসকলৰ বাবে এইটো এটা ভাল বিকল্প।
কৰ্কট ৰোগ (Cancer) প্ৰতিৰোধঃ ভাট কেৰেলাত থকা Lutein দৰে কেৰোটোনইডবোৰ বিভিন্ন চকুৰ ৰোগ, হৃদৰোগ আৰু আনকি কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয়।
পাচন (Digestion) প্ৰক্ৰিয়া স্বাস্থ্যকৰ হ’বঃ যদি আপুনি ইয়াৰ পাচলি খাব নিবিচাৰে তেন্তে আপুনি আচাৰ বনায়ো খাব পাৰে। আয়ুৰ্বেদত বহুতো ৰোগৰ চিকিৎসাৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ কৰে। ই পাচন প্ৰক্ৰিয়াটো মেৰামতি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
উচ্চ ৰক্তচাপ (High Blood Pressure) আঁতৰি যাবঃ ভাট কেৰেলাত থকা মোমাৰ্ডিচিন উপাদান আৰু ফাইবাৰৰ অধিক পৰিমান শৰীৰৰ বাবে ৰামবাণ। মোমাৰ্ডিচিন উপাদান এণ্টিঅক্সিডেণ্ট, এণ্টিডায়েবেটিচ আৰু এণ্টিষ্টেৰেজৰ দৰে কাম কৰে আৰু ওজন আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।
এণ্টি-এলাৰ্জিক (Anti-Allergic): ভাট কেৰেলাত এণ্টি-এলাৰ্জেন আৰু এনালজেচিক চৰ্দি আৰু কাহৰ পৰা সকাহ দিয়াত আৰু ইয়াক প্ৰতিৰোধ কৰাত যথেষ্ট সহায়ক।
ভাট কেৰেলা নিয়মিত খালে স্বাস্থ্যৰ উন্নতি হয়, খাদ্য হজম হয়, খোৱাৰ ৰুচি বাঢ়ে আৰু মানসিক চাপ হ্ৰাস হয়। মানসিক চাপত থকা লোকসকলৰ বাবে ভাত কেৰেলা উত্তম খাদ্য।
ভাট কেৰেলাই ডায়েৰীয়া হোৱাৰ পৰা বচাই ৰাখে আৰু শৰীৰত বলি ৰেখা পৰিবলৈ নিদিয়ে। ভাত কেৰেলা গছৰ শিপাৰ ৰস সাপে কামোৰা ঠাইত দিলে বিষ কমে।
অৰ্শ ৰোগতো ভাট কেৰেলা গছৰ শিপাৰ ৰস খুন্দি খোৱা উপকাৰী। ভাত কেৰেলাই শৰীৰ আৰু মস্তিষ্ক ঠাণ্ডা ৰাখে।
Photo: Google




























Discussion about this post