Benefits of Drumstick: আজি আমি আপোনালোকক চজিনাৰ লাভালাভৰ বিষয়ে ক’ম। ই বহুতো ৰোগত উপকাৰী। বেছিভাগ ঠাইত চজিনাক (Drumstick) মুনগা নামেৰেও জনা যায়। চজিনাৰ ফুল, সেউজীয়া পাত আৰু শুকান পাতত কাৰ্বহাইড্ৰেট, প্ৰ’টিন, কেলচিয়াম, পটাছিয়াম, আইৰন, মেগনেছিয়াম, ভিটামিন-এ, চি আৰু বি কমপ্লেক্স প্ৰচুৰ পৰিমানত পোৱা যায় । ইয়াৰোপৰি চজিনাত যথেষ্ট মাল্টিভিটামিনছ, এণ্টিঅক্সিডেণ্ট, এমিনো এচিড আৰু ঔষধি গুণ পোৱা যায়।
প্ৰখ্যাত আয়ুৰ্বেদ চিকিৎসক আব্ৰাৰ মুলতানীয়ে কৈছে যে চজিনাক (Drumstick) আয়ুৰ্বেদত অমৃতৰ সমান বুলি গণ্য কৰা হয়। ই ৩০০ ৰো অধিক ৰোগত ঔষধৰ দৰে কাম কৰিব পাৰে। চজিনাৰ কোমল পাত আৰু ফল, দুয়োটাই পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ব্যৱহাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াত এণ্টিফাংগাল, এণ্টিভাইৰেল আৰু এণ্টিডিপ্ৰেচেণ্টসমৃদ্ধ গুণাগুণ আছে।
চজিনা (Drumstick) সেৱন কৰাৰ লাভালাভ-
১. আইৰনৰ অভাৱ সম্পূৰ্ণ কৰে
চজিনা হৃদযন্ত্ৰ আৰু ডায়েবেটিচ ৰোগীসকলৰ বাবেও যথেষ্ট উপকাৰী। ইয়াত আইৰনৰ পৰিমান যথেষ্ট থাকে, যাৰ ফলত ৰক্তহীনতা আঁতৰাবলৈ ইয়াক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়।
২. কলেষ্টেৰল চজিনাৰ (Drumstick) দ্বাৰা নিয়ন্ত্ৰণ হয়
ডাঃ আব্ৰাৰ মুলতানীয়ে কয় যে যদি আপোনাৰ কলেষ্টেৰল উচ্চ হৈ আছে তেন্তে ইয়াৰ দ্বাৰা ৰক্তনলীবোৰ ক্লটিং হ’ব পাৰে আৰু হৃদ আক্ৰমণ হোৱাৰ আশংকা থাকে। গতিকে চজিনা খোৱাটো লাভজনক হ’ব পাৰে।
৩. চকুৰ পোহৰ বঢ়াবলৈ লাভজনক চজিনা (Drumstick)
চজিনা চকুৰ স্বাস্থ্যৰ বাবেও উপকাৰী। যিসকলৰ চকুৰ পোহৰ কমিবলৈ ধৰিছে, তেওঁলোকে চজিনাৰ পাতৰ লগতে ফুলৰো সেৱন কৰিব পাৰে।
৪. হাড়বোৰ শক্তিশালী কৰে চজিনাই
চজিনাৰ সেৱনে হাড়বোৰ শক্তিশালী কৰাত সহায় কৰে। চজিনা সেৱনে হাড়বোৰ শক্তিশালী আৰু স্বাস্থ্যৱান কৰি তোলে। চজিনাৰ পাতত প্ৰদাহ-প্ৰতিৰোধী গুণাগুণো থাকে, যি আপোনাক আৰ্থ্ৰাইটিছ আৰু অষ্টিওপোৰোচিছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।
৫. মহিলাসকলৰ বাবেও লাভজনক চজিনা
স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে মহিলাসকলৰ ক্ষেত্ৰত প্ৰস্ৰাৱৰ সংক্ৰমণৰ সমস্যা অতি সচৰাচৰ হয়। ইয়াক আঁতৰাবলৈ চজিনাৰ ফুলৰ চাহ বনাই ইয়াৰ সেৱন কৰিব লাগে। আপুনি আৰাম পাব।
৬. চজিনা পুৰুষৰ বাবে লাভজনক
চজিনা পুৰুষৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ নিয়মীয়া গ্ৰহণে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰাত আৰু বীৰ্য ডাঠ কৰাত সহায়ক হয়। যৌন ক্ষমতা বৃদ্ধিৰ বাবে চজিনা অতি কাৰ্যকৰী। ইয়াত প্ৰচুৰ পৰিমানত ভিটামিন চি পোৱা যায়। পুৰুষৰ শক্তি বৃদ্ধি কৰিবলৈ চজিনাৰ ফুলো খাব পাৰি। ফুল খালে ভাগৰ আৰু দুৰ্বলতা আঁতৰ কৰিব আৰু শক্তি বিকাশ কৰিব।
৭. চজিনাই কেৱল মেদবহুলতা হ্ৰাসে নকৰে লগতে ইয়াৰ ভিতৰত anti-obesity গুণাগুণো আছে যি ওজন বৃদ্ধি প্ৰতিহত কৰে।
৮. যদি আপোনাৰ মগজুৰ সৈতে সম্পৰ্কিত কোনো সমস্যা আছে, তেন্তে চজিনা সেৱন কৰি মগজুকে স্বাস্থ্যৱান কৰি তোলাৰ লগতে স্মৃতিশক্তিও উন্নত কৰিব পাৰি।
৯. দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত চজিনা অত্যন্ত উপযোগী। ইয়াক সেৱন কৰি মানুহে বহুতো বিপদজনক সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে।
১০. পেটৰ সমস্যা যেনে পেটৰ বিষ, আলচাৰ আদি চজিনা সেৱনৰ দ্বাৰা আঁতৰ কৰিব পাৰি।
Photo: Google
Discussion about this post