Banana Stem Health Benefits: কল পচলা সাধাৰণ আঞ্জা নহয়, ই বহুতো ঔষধি গুণৰ অধিকাৰী। এই পাচলিবিধ যিমান সম্ভৱ খাবলৈ আৰম্ভ কৰি দিয়ক নহ’লে লাভালাভবোৰৰ পৰা আঁতৰি থাকিব। কল পচলা বহু ৰোগত উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ইয়াৰ উপৰিও ভিটামিন B6,পটাচিয়াম, আইৰন আদি প্ৰচুৰ পৰিমানে পোৱা যায়।
আহক জানো কল পচলা (Banana Stem)ৰ লাভালাভবোৰ কি কি?-
১. প্ৰচুৰ পৰিমাণে ফাইবাৰ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়।
২. আইৰন, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত উপকাৰী।
৩. উচ্চ ৰক্তচাপত পচলা উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
৪. কলেষ্টৰল সমস্যাটো পচলা খালে সুফল পোৱা যায়।
৫. পেটৰ চৰ্বি কমোৱাত পচলাই সহায় কৰে। সেয়েহে মাজে মাজে পচলা খাব লাগে।
৬. মূত্ৰজনন (Diuretic) হোৱাৰ বাবে প্ৰস্ৰাৱৰ বিভিন্ন সমস্যাত পচলা খালে সুফল পোৱা যায়। মূত্ৰনলীৰ সংক্ৰমণ (Urinary Tract Infection)ত পচলা খালে সুফল পোৱা যায়।
৭. পচলাই কিডনীত পাথৰ হোৱাত বাধা দিয়ে।
৮. ইউৰিক এচিডৰ সমস্যাত ই খুবেই উপকাৰী। এই সমস্যাত ভোগা সকলে মাজে মাজে পচলা খাব লাগে।
৯. ডায়েবেটিচ ৰোগতো ই খুব উপকাৰী। ডায়েবেটিচ ৰোগীয়ে নিচিন্ত মনেৰে পচলা খাওক। ই ডায়েবেটিচ ৰোগৰ পৰা হোৱা অন্য সমস্যাও দূৰ কৰাত সহায় কৰে।
১০. বডী ডিটক্স বা শৰীৰৰ শোধন কৰাত পচলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল বৰ্জ্য পদাৰ্থ সমূহ প্ৰস্ৰাৱ, পাইখানাৰ যোগেদি শৰীৰৰ পৰা উলিয়াই দিয়াত ই সহায় কৰে।
১১. লিভাৰৰ বিভিন্ন সমস্যাত পচলা উপকাৰী। বিশেষকৈ ফেটি লিভাৰ, জণ্ডিচত পচলা খালে উপকাৰ পোৱা যায়।
১২. ওজন হ্ৰাস কৰাতো কল পচলা অতিকে উপকাৰী। যিসকল লোক ওজন বৃদ্ধি হোৱা সমস্যাত ভুগি আছে তেওঁলোকে এই পাচলিবিধ খোৱাটো প্ৰয়োজন।
১৩. চকুৰ বাবেও কল পচলা যথেষ্ট উপকাৰী। কল পচলাত ভিটামিন এ প্ৰচুৰ পৰিমানত পোৱা যায়, যাৰ বাবে ইয়াক খালে চকু স্বাস্থ্যৱান কৰি ৰাখিব পাৰি। চকুৰ বিভিন্ন সমস্যাৰ বাবে কল পচলা উপকাৰী।
১৪. যদি আপুনি অস্থমা ৰোগী তেন্তে আপুনি পচলা খাব লাগে।
১৫. কল পচলাৰ ৰস খাই আপুনি এছিডিটীৰ সমস্যা হ্ৰাস কৰিব পাৰে। এই পাচলিবিধে বুকুৰ জ্বলা-পোৰা আৰু অন্য সমস্যাৰ পৰা সকাহ দিব।
Photo: Google
Discussion about this post