অসমৰ পাঠ্যক্ৰমত ভূগোল আৰু বুৰঞ্জী বাধ্যতামূলক কৰাৰ লগতে নৱম আৰু দশম শ্ৰেণী একলগ হ’ব হায়াৰ ছেকেণ্ডেৰী সৈতে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ১০০ দিন সম্পূৰ্ণ কৰাক লৈ বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
এতিয়াৰে পৰা ৰাজ্যৰ পাঠ্যক্ৰমত ভূগোল আৰু বুৰঞ্জী বিষয় বাধ্যতামূলক কৰা হ’ব। ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব লাগিব ভাৰত আৰু অসম বুৰঞ্জী। লগতে ভুগোলৰ ক্ষেত্ৰতো জ্ঞান থকাটো প্ৰয়োজন হ’ব।
সেয়ে দশম শ্ৰেণীলৈ বাধ্যতামূলক হ’ব এই নিয়ম। দশম শ্ৰেণীলৈ সকলো ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া ইংৰাজীৰ সমানে বাধ্যতামূলকভাৱে পঢ়িব লাগিব ভূগোল আৰু বুৰঞ্জী বিষয়।
প্ৰতিখন জুনিয়ৰ কলেজত থাকিব নৱম আৰু দশম। একেলগে হ’ব নৱম, দশম, একাদশ আৰু দ্বাদশ। ছিনিয়ৰ ছেকেণ্ডাৰী হ’ব একেলগে। ইয়াৰ বাবে আলোচনা কৰা হব। শিক্ষামন্ত্ৰীয়ে এই কথা জনাব।
Photo: Khatang Khobor





























Discussion about this post