৩০ জুলাইত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা ফলাফল। ইফালে ৩১ জুলাইত ঘোষণা কৰিব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল।
ছেবাৰ বৈঠকত লোৱা এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে কৰ্তৃপক্ষই। জুলাই মাহৰ আৰম্ভণিতে শিক্ষা মন্ত্ৰী ৰনোজ পেগুয়ে ৩১ জুলাইৰ পূৰ্বে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফলাফল ঘোষণা কৰা হ’ব বুলি সংবাদমেলযোগে প্ৰকাশ কৰিছিল। প্ৰি ব’ৰ্ড পৰীক্ষাৰ ফলাফলৰ ভিত্তিত হ’ব মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল।
সেই অনুসৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰে ছেবাই। পুৱা ৯ বজাত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। ৮টাকৈ ৱেবছাইটত অনলাইনযোগে লাভ কৰিব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ্থীসকলে এছ এম এছযোগে আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ ছেবাৰ তৰফৰ পৰা পিডিএফ ৰূপত পঠিওৱা ৰিজাল্ট শ্বীটত এই ফলাফল লাভ কৰিব পাৰিব।
ক’ভিডকালীন পৰিস্থিতিৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল।
Photo: Google





























Discussion about this post