জনতা ভৱনত (Janata Bhawan) মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত (Cabinet Meeting) লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Important Decision)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক সম্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Ranoj Pegu), মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah) আৰু কেশৱ মহন্তই (Keshab Mahanta)।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত শিক্ষা বিভাগক (Education Department) লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰে এটা হ’ল চৰকাৰে প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC Exam) প্ৰথম বিভাগত (First Division) উত্তীৰ্ণ শিক্ষাৰ্থীক প্ৰদান কৰি অহা আনন্দৰাম বৰুৱা বঁটাক লৈ। এই বঁটা অনুসৰি পূৰ্বৰ দৰে লেপটপ বা ডেস্কটপ প্ৰদান কৰাৰ পৰিৱৰ্তে এতিয়া ১৬ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব শিক্ষাৰ্থীসকলক।
লগতে কেবিনেট বৈঠকত সিদ্ধান্ত লয় যে- ৰাজ্য চৰকাৰে গঠন কৰা ৭টা উপগোট তথা সমিতিৰ পৰামৰ্শ অনুসৰি ৰাজ্যিক কেবিনেটে অসমৰ ইছলাম ধৰ্মাৱলম্বীৰ পাঁচটা জনগোষ্ঠীয় লোকলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদানত অনুমোদন জনায়। এইকেইটা হৈছে গৰিয়া, মৰিয়া, দেশী, জলাহ আৰু ছৈয়দ।
ইয়াৰ উপৰি আজিৰ কেবিনেটতে ৰাজ্যৰ পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতি সকলৰ দৰমহা বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰে। পৌৰপতিসকলৰ দৰমহা ১০ হাজাৰৰ পৰা ১৫ হাজাৰ আৰু উপ-পৌৰপতি সকলৰ দৰমহা ৭ হাজাৰৰ পৰা ১২ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। তদুপৰি সদস্যৰ দৰমহা ৫ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এণ্ড অৱ লাইফ বাহনৰ চলাচল বাতিল কৰাটো নিশ্চিত কৰিবলৈ অসম বাহন স্ক্ৰেপেজ নীতি ২০২২ত অনুমোদন কৰা হৈছে। সেই অনুসৰি এতিয়াৰে পৰা ফিটনেচ নথকা গাড়ী স্ক্ৰেপ হিচাপে গণ্য কৰা হ’ব। চৰকাৰৰ ১৫ বছৰ পুৰণি গাড়ী স্ক্ৰেপ হিচাপে চিহ্নিত হ’ব। পুৰণি বাহনসমূহ প্ৰদূষণ সৃষ্টিৰ কাৰক বাবে বাহনসমূহ নষ্ট কৰা, পুনৰ ব্যৱহাৰযোগ্য কৰা সন্দৰ্ভত নীতি প্ৰস্তুতৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। পুৰণি বাহনৰগৰাকীয়ে নতুন বাহন ক্ৰয় কৰিলে নষ্ট কৰা বাহনৰ বাবে নতুন বাহনত ২৫ শতাংশ পৰ্যন্ত ৰেহাই পাব।
Photo: Google
Discussion about this post