দেওবাৰে ঘোষণা হ’ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ (Assam Police Commando Post Result) ফলাফল। পৰীক্ষাৰ এই ফলাফলে শিৱসাগৰৰ (Sivasagar) এখন ঘৰলৈ কঢ়িয়াই আনিছে আনন্দৰ ঢৌ। শিৱসাগৰ বেজবৰুৱা চুকৰ এহাল যমজ ভাতৃয়ে (Twin Brothers Job) লাভ কৰিলে কমাণ্ডোৰ চাকৰি।
চমিৰন মহন আৰু সমীৰণ মহন নামৰ ২ যমজ ভাতৃয়ে লাভ কৰিলে কমাণ্ডোৰ চাকৰি। শিৱসাগৰ বেজবৰুৱা চুকৰ নিবাসী গুঞ্জা মহন আৰু নীতা মহনৰ পুত্ৰদ্বয়ে চাকৰি লাভ কৰাত পুৱাৰে পৰা ভিৰ কৰিছে ৰাইজে দুয়োকে অভিনন্দন জনাবলৈ।
চাকৰি পোৱাক লৈ সংবাদ মাধ্যমত ২ যমজ ভাতৃয়ে কয় যে- ‘কমাণ্ডো হিচাপে সেৱা আগবঢ়াবলৈ এই সুযোগ লাভ কৰি অতি আনন্দিত হৈছোঁ। যথেষ্ট কষ্ট কৰিছিলোঁ। কষ্টৰ ফল পাইছোঁ।’ আৰ্থিক অনাটনৰ মাজেৰে পিতৃ-মাতৃয়ে অতি কষ্টৰে তেওঁলোকক গঢ়ি তুলিছে বুলিও কৃতজ্ঞতা প্ৰকাশ কৰে চমিৰন আৰু সমীৰণে।
স্বচ্ছ তথা নিকাভাৱে এই নিযুক্তি দিয়াত অসম চৰকাৰৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছে চমিৰন মহন আৰু সমীৰণ মহনৰ পিতৃ-মাতৃয়ে।
Photo: Parsis Ahmed
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/man-dies-trying-to-cut-down-tree-at-bajali-in-assam/11801/
Discussion about this post