অসমৰ আগশাৰীৰ অসমীয়া গহনা প্ৰতিষ্ঠান ডুগডুগীৰ ব্যতিক্ৰমী পদক্ষেপ। দেশত চলি থকা ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড ভেকচিন গ্ৰহণ কৰা প্ৰতিগৰাকী গ্ৰাহকৰ বাবে ডুগডুগীয়ে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে।
ক’ভিডৰ পৰা অসমৰ ৰাইজক ৰক্ষা কৰিবলৈ ডুগডুগী পৰিয়ালে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি ক’ভিডৰ প্ৰথমটো ডোজ গ্ৰহণ কৰা গ্ৰাহকসকলে ১৫ শতাংশ আৰু দুয়োটা ডোজ সম্পূৰ্ণ কৰা গ্ৰাহকেসকলে ২০ শতাংশ ৰেহাই মূল্যত ডুগডুগী পৰা যিকোনো গহণা ক্ৰয় কৰিব পাৰিব।
অৱশ্যে এই ক্ষেত্ৰত গ্ৰাহকসকলে ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ দেখুওৱাটো বাধ্যতামূলক হব। এই সুবিধা নগাঁও, গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়ত থকা ডুগডুগীৰ বিপনীসমূহত অফলাইন আৰু অনলাইন দুয়ো ধৰণৰ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
ডুগডুগীৰ স্বত্বাধিকাৰী তথা স্বৰ্ণ শিল্পী উৎপল বনিয়াই সংবাদ মাধ্যমৰ আগত কয় যে- অসমীয়া জাতিটো জীয়াই থাকিলে অসমীয়া পৰম্পৰা জীয়াই থাকিব আৰু অসমীয়া পৰম্পৰা জীয়াই ৰাখিবলৈ হ’লে অসমীয়া পৰম্পৰাগত গহনাক অকলোৱে আদৰ কৰিব লাগিব। তেওঁ লগতে কয় যে- কভিড ভেকচিন ভেকচিন লবলৈ যাতে সকলো ধৰণৰ লোকক সজাগতা বৃদ্ধি কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি ডুগডুগীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই ক্ষেত্ৰত ইতিমধ্যে বহুত সঁহাৰি লাভ কৰা বুলিও বনিয়াই সংবাদ মাধ্যমক অৱগত কৰে। লগতে তেওঁ জানিবলৈ দিয়ে যে ডুগডুগীয়ে ক’ভিড মহামাৰী আৰু লকডাউনৰ সময়তো ডুগডুগী প্ৰতিষ্ঠানৰ লগত পৰোক্ষ আৰু পত্যক্ষভাৱে জড়িত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২০০ গৰাকী শিল্পী, কৰ্মচাৰীক কৰ্মসংস্থাপন দি আহিছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post