Aryan Khan Drug Case: ক্ৰুজ জাহাজত ড্ৰাগছ পাৰ্টি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আৰয়ান খানৰ পিতৃ শ্বাহৰুখ খানে (Shahrukh Khan) এক ডাঙৰ বিফলতাৰ সন্মুখীন হৈছে। বলীউড অভিনেতা শ্বাহৰুখ খান হৈছে দেশৰ আটাইতকৈ মূল্যৱান শিক্ষা-প্ৰযুক্তি প্ৰতিষ্ঠান বাইজুছৰ (Byju’s) ব্ৰেণ্ড এম্বেছাডৰ।
এতিয়া তেওঁৰ পুত্ৰ আৰয়ান খান ন্যায়িক জিম্মাত যোৱাৰ পিছত, বাইজুচে শ্বাহৰুখ খানৰ সকলো বিজ্ঞাপন বন্ধ কৰি দিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, বাইজুচে আগতীয়া বুকিং থকা স্বত্বেও তেওঁলোকৰ সকলো বিজ্ঞাপন বন্ধ কৰি দিছে।
আৰু কোনবোৰ কোম্পানীৰ সৈতে আছে কিং খানৰ চুক্তি?
বাইজুচ কিং খানৰ আটাইতকৈ ডাঙৰ Sponsorship deals সমূহৰ ভিতৰত এটা আছিল। ইয়াৰ উপৰিও তেওঁ হুণ্ডাই, এলজি, ডুবাই পৰ্যটন আৰু ৰিলায়েঞ্চ জিঅ’ৰ দৰে বহু কোম্পানীৰো চেহেৰা।
বাইজুচে শ্বাহৰুখ খানক কিমান টকা দিয়ে?
প্ৰতিবেদন অনুসৰি, বাইজুচে শ্বাহৰুখ খানক ব্ৰেণ্ডটো Endorse কৰিবলৈ বছৰি ৩ৰ পৰা ৪ কোটি টকা পৰিশোধ কৰে। অভিনেতাজন ২০১৭ চনৰ পৰা কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাডৰ হৈ আছে।
ছচিয়েল মিডিয়াত হৈ আছিল আলোচনা
বিভিন্নজনে বাইজুচৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আছিল। তেওঁলোকে সুধিবলৈ আৰম্ভ কৰিছিল যে শ্বাহৰুখক ইয়াৰ ব্ৰেণ্ড এম্বেছাডৰ কৰি কোম্পানীটোৱে কি বাৰ্তা দিব বিচাৰিছে। মানুহে সুধিছিল শ্বাহৰুখে তেওঁৰ পুত্ৰক এয়াই শিকাই আছে নেকি? এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘কেনেকৈ ৰেভ পাৰ্টি কৰিব লাগে? বাইজুচৰ অনলাইন ক্লাছত নতুন পাঠ্যক্ৰম যোগ কৰা হৈছে।’
বাইজুচৰ মূল্যাংকন কিমান?
এই সপ্তাহত বাইজুচে ৩০০ নিযুত ডলাৰৰ বৃহৎ পুঁজি সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত কোম্পানীটোৰ মূল্যাংকন ১৮ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১,৩৪২.১০ বিলিয়ন টকালৈ বৃদ্ধি হৈছে। আনহাতে বছৰটোৰ আৰম্ভণিতে অন্তিম ফাণ্ডিং ৰাউণ্ডৰ পিছত বাইজুচৰ মূল্য আছিল ১৬.৫ বিলিয়ন।
শ্বাহৰুখ খান আৰু গৌৰী খান যথেষ্ট অশান্তিত আছে
বলীউড অভিনেতা শ্বাহৰুখ খান আৰু পত্নী গৌৰী খান তেওঁলোকৰ পুত্ৰক এই অৱস্থাত দেখি যথেষ্ট বিচলিত হৈ আছে। দুয়োজনে তেওঁলোকৰ পুত্ৰক জামিন দিয়াৰ বাবে সকলো সম্ভৱ চেষ্টা চলাই আছে। কিন্তু, ইমান প্ৰচেষ্টাৰ পিছতো আৰয়ানে জামিন নাপালে।
আৰয়ান খান ৩-৫ দিনৰ বাবে কোৱাৰাণ্টাইন ছেলত থাকিব
আৰয়ান খান আৰু অন্যান্য অভিযুক্তসকলক আৰ্থাৰ কাৰাগাৰত ৩-৫ দিনৰ বাবে কোৱাৰাণ্টাইন ছেলত ৰখা হ’ব। অৱশ্যে, তেওঁলোকৰ কৰোনা পৰীক্ষাত নেগেটিভ আহিছে।
Photo: Google
Discussion about this post