Cylinder Gas Checking Trick: সুস্বাদু আহাৰৰ প্ৰস্তুতি চলাই আছে আৰু হঠাতে গেছ (Gas) শেষ হয় যায় তেতিয়া কি অৱস্থা হয় সেয়া সকলোৱে জানে। বিশেষকৈ ৰাতিৰ আহাৰ তৈয়াৰ কৰোঁতে হয় যদি তেতিয়া কেইবাবাৰো বিস্কুট-নিমখীয়া বস্তু খাই ৰাতিটো কটাব লগীয়া হয়। এয়া কোনো এটা ঘৰৰ কাহিনী নহয় এয়া সেইসকল লোকৰ ঘৰৰ সাধাৰণ ঘটনা যিসকল লোকৰ ঘৰত ছিংগল কানেকচন থাকে। এইসকলৰ ঘৰত হয়তো চিলিণ্ডাৰক দাঙি বা জ্বলি থকা জুই চাই চিলিণ্ডাৰ শেষ হোৱাৰ অনুমান কৰা হয়।
এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি আপোনালোকক এটা ঘৰুৱা আৰু কোনো খৰচ নোহাৱা সহজ কৌশলৰ (Trick) বিষয়ে ক’বলৈ ওলাইছো। চিলিণ্ডাৰত কিমান গেছ বাকী আছে। ইয়াৰ বাবে আপুনি এখন ডাঙৰ কাপোৰ লওঁক আৰু কাপোৰখন ভালদৰে ভিজাই লওঁক। তাৰ পিছত কাপোৰখন সম্পূৰ্ণ চিলিণ্ডাৰটোৰ চাৰিওফালে মেৰিয়াই দিয়ক। চিলিণ্ডাৰটো তিতি যোৱাৰ কাপোৰখন আঁতৰাই দিয়ক।
এতিয়া আপুনি ভালকৈ চালে গম পাব যে চিলিণ্ডাৰটোৰ কিছু অংশ শুকাই আছে আৰু কিছু অংশ তিতি আছে। কিয়নো শুকান অংশ সেইখিনি হয় য’ত গেছ নাই। এনেদৰে আপুনি সহজতে জানিব পাৰিব যে চিলিণ্ডাৰত কিমান গেছ আছে। ইয়াৰ বাবে দুই-তিনি দিনৰ মূৰে মূৰে এই কৌশলৰ জৰিয়তে এবাৰ গেছৰ বিষয়ে জানি সময় থাকোতে চিলিণ্ডাৰ বুক কৰিব পাৰে।
কিয়নো খালী অংশভাগ গৰম হয় তুলনামূলকভাৱে ভৰ্তি হৈ থকা লিকুইড গেছৰ তুলনাত। এনে পৰিস্থিতিত তিতা কাপোৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে গোটেই চিলিণ্ডাৰটো তিতি যায় কিন্তু খালী অংশভাগ সোনকালে শুকাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত, এনে এটা সময় আহে যেতিয়া চিলিণ্ডাৰত স্পষ্টভাৱে দেখা যায় যে শুকোৱাৰ পিছতো কিমান অংশ তিতি থাকে। এনেদৰে আপুনি গেছৰ পৰিমাণ সহজে চিনাক্ত কৰিব পাৰিব।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/tragic-incident-at-batadrava-in-assam/8885/
Discussion about this post