পৰ্ণ’গ্ৰাফী গোচৰত বলীউড অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিপদ দিনক দিনে বৃদ্ধি হৈ গৈ আছে। ইফালে প্ৰতিদিনে এই গোচৰটোৰ খুলি আছে নতুন নতুন ৰহস্য।
শুকুৰবাৰে মুম্বাইৰ ক্ৰাইম ব্ৰাঞ্চৰ দলে ৰাজ কুন্দ্ৰাৰ জুহুস্থিত বাংলো “কিনাৰা”ত উপস্থিত হয়। এই ঘৰটোত শিল্পা চেট্টীও থাকে।
আৰক্ষীয়ে Neuflicks নামৰ ৰাজ কুন্দ্ৰাৰ এটা নতুন এপ(প্লান বি)ৰ কাৰণে প্ৰস্তুত কৰা ১৯টা এডল্টৰ সৈতে জড়িত এগ্ৰিমেণ্টে পেপাৰ্ছ, কিছুমান অন্তৰ্ধান CD আৰু এটা অন্তৰ্ধান ছাৰ্ভাৰৰ তালাচী চলাই আছে।
পৰ্ণ’গ্ৰাফীৰ সৈতে আছে ইণ্টাৰনেচনেল কানেকচন!
পৰ্ণ’গ্ৰাফীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বলীউড অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক লৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ কথা পোহৰলৈ আহিছে।
মুম্বাই আৰক্ষীয়ে দাবী কৰিছে যে, এটা হোৱাটছএপ চেটত তেওঁলোকে গম পাইছিল যে ৰাজকুন্দ্ৰাই ১২ লাখ আমেৰিকান ডলাৰত ১২১টা ভিডিঅ’ বিক্ৰী কৰাৰ কথা কৈছিল। মুম্বাই আৰক্ষীয়ে কৈছিল যে এইটো এটা আন্তৰ্জাতিক বিষয় যেন লাগিছে।
কুন্দ্ৰাই বোম্বে উচ্চ ন্যায়ালয়ৰ ওচৰত অনুৰোধ জনাইছে
ইফালে, পৰ্ণ’গ্ৰাফীগোচৰ জড়িত শিল্পা চেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাই তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই বোম্বে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে।
তেওঁ কৈছিল যে, তেওঁৰ গ্ৰেপ্তাৰ অবৈধ। ইফালে, মুম্বাইৰ এখন আদালতে শুকুৰবাৰে ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ আৰক্ষীৰ জিম্মা ২৭ জুলাইলৈ বৃদ্ধি কৰে অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ আৰু কিছুমান এপৰ জৰিয়তে সম্প্ৰচাৰ কৰাৰ সন্দৰ্ভত। অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী কুন্দ্ৰাক ১৯ জুলাইৰ নিশা মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছিল।
তেওঁক ইয়াৰ পূৰ্বে ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।
তেওঁৰ পূৰ্বৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত শুকুৰবাৰে তেওঁক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল।
আৰক্ষীয়ে গোচৰটোত তদন্তৰ উদ্দেশ্যে ৰাজৰ জিম্মা বৃদ্ধি কৰিবলৈ অনুৰোধ কৰিছিল। আৰক্ষীয়ে আগতে আদালতক কৈছিল যে, ৪৫ বছৰীয়া ব্যৱসায়ীজনে অশ্লীল সামগ্ৰী নিৰ্মাণ আৰু বিক্ৰীত অবৈধ কাৰ্যকলাপৰ পৰা অৰ্থনৈতিক লাভ কৰি আছিল।
Photo: Google
Discussion about this post