67th National Film Awards: দিল্লীৰ বিজ্ঞান ভৱনত ৬৭ তম চলচ্চিত্ৰ বঁটা (67th National Film Awards) প্ৰদান অনুষ্ঠান আয়োজিত হয়। ইয়াৰ ঘোষণা মাৰ্চতে কৰা হৈছিল। যাৰ পিছত বিজয়ীসকলক আজি ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। বিজয়ীসকলক উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ হাতেৰে বঁটা প্ৰদান কৰা হৈছে। এই বছৰৰ বিশেষ কথাটো হ’ল যে কিংবদন্তি অভিনেতা ৰজনীকান্ত আৰু তেওঁৰ ছুপাৰষ্টাৰ জোঁৱাই ধনুষকো (Dhanush) সন্মানিত কৰা হৈছে।
চলচ্চিত্ৰ উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰজনীকান্তক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছে আনফালে, তেওঁৰ জোঁৱাই আৰু ছুপাৰষ্টাৰ ধনুষে ‘Asuran‘ চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে। কেৱল সেয়াই নহয় তেওঁৰ ছবি ‘Asuran‘য়ে শ্ৰেষ্ঠ তামিল ফিচাৰ ফিল্মৰ বঁটাও লাভ কৰিছে।
Superstar @rajinikanth receives India's highest film honour #DadasahebPhalkeAward at 67th National Film Awards for his outstanding contribution to the world of Indian Cinema 🎥#NationalFilmAwards2019 pic.twitter.com/TdgmuHbzzZ
— PIB India (@PIB_India) October 25, 2021
Kangana Ranaut receives the Best Actress award for Manikarnika -The Queen Of Jhansi (Hindi) &
Panga (Hindi)#NationalFilmAwards2019 pic.twitter.com/4EfYcMpYI0— PIB India (@PIB_India) October 25, 2021
এই সন্দৰ্ভত কথা পাতি ৰজনীকান্তে কয়, “মোক এই বঁটাৰে সন্মানিত কৰাৰ বাবে মই ভাৰত চৰকাৰক বহুত ধন্যবাদ জনাইছো। মই এই বঁটা মোৰ গুৰু কে বালাচন্দৰ, মোৰ ভাতৃ সত্যনাৰায়ণ ৰাও আৰু মোৰ পৰিবহন চালক বন্ধু ৰাজ বাহাদুৰক উৎসৰ্গা কৰিছো”
লগতে আপোনা লোকক জনাও যে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ছবি ‘Chhichhore‘য়ে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। অভিনেতা মনোজ বাজপেয়ী আৰু ধনুষে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে। অভিনেত্ৰী কংগনা ৰাণাৱটে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। কংগনা ৰাণাৱটে চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
Photo: ABP News
Discussion about this post