‘বিহু চান্দা তুলি পতা মই দেখা নাই।’ -এই মন্তব্য অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ (Barsha Rani Bishaya)। চান্দা বিতৰ্ক আৰু বিহু সমিতিক চৰকাৰী অনুদান আগবঢ়োৱাক লৈ অব্যাহত থকা প্ৰতিক্ৰিয়াৰ মাজতে এই মন্তব্য কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই।
অভিনেত্ৰীগৰাকীয়ে কয় যে, বিহু অসমীয়াৰ পৰম্পৰা। সাত বিহু মানুহে পৰম্পৰা অনুসৰি পালন কৰে।
বাকী বিহুৰ সময়ত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ কথা যদি কোৱা হয়, তেন্তে এনেকেই স্পনচৰ্ছৰ জৰিয়তে এনে অনুষ্ঠান অনুষ্ঠিত কৰে। টিভিৰ ধাৰাবাহিকৰ মাজত যিদৰে বিজ্ঞাপন চলে, ঠিক সেইদৰে এনে অনুষ্ঠানতো বিজ্ঞাপন দিয়া হয়।
লগতে পঢ়কঃ https://khatangkhobor.com/lifestyle/entertainment/zubeen-garg-on-bohag-bihu-in-assam/6596/
অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ চান্দা তুলি বিহুৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ বিষয়ে জ্ঞাত নহয়। কিন্তু যদি কোনোবাই দাবী-ধমকি দি ধন সংগ্ৰহ কৰি বিহুৰ অনুষ্ঠান অনু্ষ্ঠিত কৰে, তেন্তে সেয়া হব নালাগে বুলিও মন্তব্য কৰে বৰষাৰাণী বিষয়াই (Barsha Rani Bishaya)।
দুদিন পূৰ্বে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে (Zubeen Garg) সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছিল যে- অহা বছৰৰ পৰা ৰঙালী বিহুৰ (Bohag Bihu) কোনো অনুষ্ঠান নকৰো। অহা বছৰ মোৰ ৫০ বছৰ হ’ব গতিকে মই বিহু এৰি দিম আৰু একো নকও No Comment’। লগতে জুবিনে কৈছিল যে, -বিহুৰ চিষ্টেম যদি সকলোৱে মিলি সলাব বিচাৰিছে সলাই দিয়ক।‘সদায় অসুবিধা হ’ব শিল্পী সকলৰ। মই বিহুত ইমান Interested নহয়।’
Photo: Google
Discussion about this post