শ্বাহৰুখ খানৰ (Shah Rukh Khan) পুত্ৰ আৰয়ান খান (Aryan Khan) আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা নিজৰ ঘৰ ‘মন্নত’ত উপস্থিত হৈছে। কাৰাগাৰৰ পৰা মুকলি হোৱা তেওঁৰ প্ৰথমখন ছবি পোহৰলৈ আহিছে। আৰয়ানে পিতৃ শ্বাহৰুখ খানৰ সৈতে মন্নতত উপস্থিত হয়। শ্বাহৰুখ খানে নিজেই আৰ্থাৰ ৰোড কাৰাগাৰত উপস্থিত হৈছিল আৰয়ান খানক তেওঁৰ কনভয়ৰ সৈতে নিবলৈ। কাৰাগাৰ আৰু শ্বাহৰুখৰ ঘৰ মন্নতৰ বাহিৰত বহু সংখ্যক লোক উপস্থিত হয়। ইয়াৰ লগতে তাত বৃহৎ সংখ্যক নিৰাপত্তাও নিয়োজিত কৰা হয়।
মুম্বাই ক্ৰুজ ড্ৰাগছ গোচৰত জামিন (Bail) পোৱাৰ ২২ দিনৰ পিছত মুম্বাইৰ (Mumbai) আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা আজি মুকলি কৰা হৈছে।
অত্যন্ত সুখী আৰয়ান খান
আৰ্থাৰ ৰোড কাৰাগাৰৰ এজন বিষয়াৰ মতে, আৰয়ান খানক (Aryan Khan) তেওঁৰ মুক্তিত অত্যন্ত সুখী দেখা গৈছিল। তেওঁ আন বন্দীসকলক লগ পাইছিল আৰু তেওঁলোকক সাৱটি ধৰিছিল। ইয়াৰ পূৰ্বে আৰয়ানে বিষয়াসকলক মুক্তিৰ সময় সুধিছিল। আৰয়ান খানৰ মুকলি পুৱা ১১ বজাত হয়। ২ অক্টোবৰৰ অভিযানৰ পিছত আৰয়ানে দীঘলীয়া সময় কাৰাগাৰত কটাব লগা হৈছিল। শ্বাহৰুখৰ তনয়ৰ বাবে এইটো সহজ নাছিল। আগন্তুক পথো সহজ নহয়, কিয়নো আৰয়ানে কেৱল জামিনহে পাইছে, গোচৰটোৰ পৰা মুক্তি পোৱা নাই।
Aryan Khan walks out of Mumbai's Arthur Road Jail few weeks after being arrested in drugs-on-cruise case pic.twitter.com/tdYosUZ2nP
— ANI (@ANI) October 30, 2021
#WATCH Aryan Khan released from Mumbai's Arthur Road Jail few weeks after being arrested in drugs-on-cruise case pic.twitter.com/gSH8awCMqo
— ANI (@ANI) October 30, 2021
আৰয়ান খান কাৰাগাৰৰ পৰা মুকলি হৈছে যদিও। কিন্তু তেওঁক জামিন প্ৰদান কৰোতে আদালতে তেওঁৰ বাবে কিছুমান চৰ্ত নিৰ্ধাৰণ কৰিছে
আৰয়ান খানে তদন্তকাৰী বিষয়াক নজনোৱাকৈ মুম্বাইৰ পৰা বাহিৰলৈ যাব নোৱাৰে।
প্ৰতি শুকুৰবাৰে NCBৰ কাৰ্যালয়লৈ আহি ১১ বজাৰ পৰা ২ বজাৰ ভিতৰত হাজিৰ হ’ব লাগিব।
আন অভিযুক্তৰ সৈতে যোগাযোগ কৰিব নোৱাৰিব।
অনুসন্ধানৰ সৈতে সম্পৰ্কিত বস্তুবোৰ মিডিয়া বা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰে।
আৰয়ানে তেওঁৰ পাছপৰ্ট বিশেষ NDPS আদালতত দাখিল কৰিব লাগিব।
আদালতৰ অনুমতি অবিহনে দেশৰ বাহিৰলৈ যাব নোৱাৰিব।
যদি কোনো চৰ্ত উলংঘা কৰা হয়, এনচিবি বিশেষ ন্যায়াধীশৰ ওচৰত আবেদন কৰাৰ অধিকাৰ থাকিব।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/dead-lizard-was-found-in-pakodas-after-opening-packet/4061/
Discussion about this post