SAD! কিশোৰী কন্যা মীৰাৰ কৰুণ মৃত্যুৰ পিছত ভাইৰেল হৈ পৰিছে বিজয় এণ্টনিৰ আত্মহত্যাৰ সন্দৰ্ভত দিয়া পুৰণি বক্তব্য – ‘জীৱন যিমানেই বেদনাদায়ক নহওক কিয়…’।
শেহতীয়াকৈ আত্মহত্যা কৰি কন্যা মীৰাৰ (Meera ) মৃত্যু হোৱা তামিল অভিনেতা তথা গায়ক বিজয় এণ্টনীয়ে (Vijay Antony) বিগত সময়ত মানুহক প্ৰতিকূলতাৰ সন্মুখীন হৈও আত্মহত্যাৰ চৰম পদক্ষেপ গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছিল। মীৰাৰ (Meera ) কৰুণ মৃত্যুৰ পিছতেই ভাইৰেল হৈ পৰিছে আত্মহত্যাৰ সন্দৰ্ভত বিজয়ৰ পুৰণি বক্তব্য। এটা সাক্ষাৎকাৰত অভিনেতাজনে কোৱা বুলি জানিব পৰা গৈছে যে ‘জীৱনটো যিমানেই বেদনাদায়ক নহওক কিয়, বা যিমানেই অসুবিধাৰ মাজেৰে পাৰ হ’বলগীয়া নহওক কিয়, কেতিয়াও আত্মহত্যা নকৰিব। শিশুসকলৰ বাবে এয়া হৃদয় বিদাৰক। মোৰ সাত (৭) বছৰ আৰু ভনীজনীৰ পাঁচ (৫) বছৰ বয়সত দেউতাই নিজৰ প্ৰাণ কাঢ়ি লৈছিল। মাৰ বাবে এয়া কিমান কঠিন আছিল, আৰু মাৰ কষ্টৰ মাজেৰে পাৰ হোৱা সময়বোৰ মই দেখিছোঁ।’
বিজয়ে আৰু কয়, ‘কিছুমানৰ আৰ্থিক অৱস্থাৰ বাবেই এইবোৰ চিন্তা হয়, আন কিছুমানৰ যেতিয়া তেওঁলোকে বিশ্বাস কৰা ব্যক্তিৰ দ্বাৰা বিশ্বাসঘাতকতা অনুভৱ কৰে। শিশুৰ মাজত ই পঢ়া-শুনাৰ চাপ। তেওঁলোকক স্কুলৰ পৰা অহাৰ পিছত ততাতৈয়াকৈ টিউচনলৈ পঠিওৱা হয়। মনত ৰাখিব, আপুনি তেওঁলোকক চিন্তা কৰিবলৈও সময় নিদিয়ে৷ অনুগ্ৰহ কৰি তেনেকুৱা নকৰিব৷ তেওঁলোকক মুক্ত হ’বলৈ কিছু সময় দিয়ক। প্ৰাপ্তবয়স্কৰ কথা ক’বলৈ গ’লে মই বিচাৰো যে তেওঁলোকে ধন-সম্পত্তি আৰু সফলতাৰ ওপৰত আকৰ্ষিত হোৱাতকৈ নিজকে ভাল পাওক।’ বিজয়ৰ ১৬ বছৰীয়া কন্যা মীৰাক ১৯ ছেপ্টেম্বৰৰ নিশা চেন্নাইৰ বাসগৃহত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।
বাতৰি অনুসৰি মীৰাই (Meera ) হতাশাৰ (depression) সৈতে যুঁজি আছিল আৰু তাৰবাবে চিকিৎসা লৈ আছিল।
Discussion about this post